ETV Bharat / state

১৯৬২ চনৰ এগৰাকী অখ্যাত যুঁজাৰু : শ্বহীদৰ স্বীকৃতি বিচাৰি প্ৰধানমন্ত্ৰীক অনুৰোধ পৰিয়ালৰ - UNTOLD STORY OF ADA MOYONG

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:10 PM IST

1962 China aggression: ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ সম্পূৰ্ণ ৷ যি যুদ্ধত বহু শ্বহীদৰ শোণিতেৰে ৰাঙলী হৈছিল ভাৰতবৰ্ষৰ বক্ষ ৷ কিন্তু তাৰ পিচতো বহু সৈনিকে লাভ নকৰিলে উচিত মৰ্যাদা ৷ তেনে এগৰাকী সৈনিকৰ কাহিনীৰে সজোৱা হৈছে এই বিশেষ প্ৰতিবেদন ৷ চাওক সবিশেষ...

UNTOLD STORY OF ADA MOYONG
বহুতে হয়তো নাজানে এদা ময়ং কোন (GETTY IMAGES)

তেজপুৰ, ২২ জুলাই: ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ হ’ল ৷ এই ভয়াৱহ সময়ত দেশৰ সাময়িক শক্তিক সহায় কৰিবলৈ সাধাৰণ জনতা ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল ৷ অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত স্থানীয় ৰাইজ আৰু বিভিন্ন চৰকাৰী বিষয়াই বিভিন্ন কৌশল অৱলম্বন কৰি চীনা আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সেনাবাহিনীক সহায় কৰিছিল ৷ এই সময়তে বহুলোকৰ মৃত্যু ঘটিছিল যদিও বহু সময়ত সেইসকল লোকৰ বিষয়ে নজনাকৈয়ে থাকি ৰৈছে আৰু তেওঁলোকে উচিত মৰ্যাদা লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

ককাকৰ সন্দৰ্ভত টনি ময়ঙৰ মন্তব্য (ETV Bharat Assam)

ইয়াৰ ভিতৰত ই টিভি ভাৰতে বিচাৰি উলিয়াইছে এনে এগৰাকী লোকক, যি আজিও লাভ নকৰিলে উচিত মৰ্যাদা ৷ আনকি লাভ কৰা নাই কোনো চৰকাৰী স্বীকৃতি ৷ ব্যক্তিগৰাকী হৈছে ৰাজনৈতিক দোভাষী হিচাপে কাৰ্যনিৰ্বাহ কৰা এদা ময়ং ৷ এদা ময়ঙৰ হৈ নাতি টানি ময়ঙে ই টিভি ভাৰতৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মৰণোত্তৰভাৱে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

UNTOLD STORY OF ADA MOYONG
ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ সম্পূৰ্ণ (ETV Bharat Assam)

ঘটনাৰ আভাস : ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত দেশৰ সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এদা ময়ঙক শ্বহীদৰ স্বীকৃতি প্ৰদান কৰিবলৈ ই টিভি ভাৰতৰ সাংবাদিকৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অনুৰোধ নাতি টানি ময়ঙৰ ৷

UNTOLD STORY OF ADA MOYONG
মুৰতে ময়ংকক চৰকাৰীভাৱে প্ৰদান কৰা ৫০০ টকা (ETV Bharat Assam)

এই ঘটনা ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ সময়ৰ ৷ তেতিয়াৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী চমুকৈ নেফাৰ ছিয়াং জিলাৰ চিবুক গাঁও(আদি পাচি) অঞ্চল বৰ্তমান উজনি ছিয়াং জিলা হিচাপে পৰিচিত । সেই সময়ৰ ছিয়াং জিলা বৰ্তমান পাঁচখন জিলাত বিভক্ত হ’ল ৷ সেয়া হৈছে- পূব ছিয়াং, পশ্চিম ছিয়াং, উজনি ছিয়াং, ছিয়াং আৰু নামনি ছিয়াং ৷ টানি ময়ং বৰ্তমান পাছিঘাটৰ বাসিন্দা ৷

এগৰাকী অখ্যাত ব্যক্তি : এগৰাকী অখ্যাত ব্যক্তি চিবুক গাঁৱৰ বাসিন্দা এদা ময়ং(Ada Moyong) নামটো কাগজত কৰবাত Ada আৰু কৰবাত Eda বুলিও উল্লেখ কৰা আছে ৷ তেওঁৰ জন্ম হৈছিল ১৯১০ চনত ৷ এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তি সেই সময়ত ১৯৫১ চনত চৰকাৰে ৰাজনৈতিক দোভাষী বা Political Interpreter(PI) হিচাপে নিযুক্তি দিয়ে ৷

UNTOLD STORY OF ADA MOYONG
১৯৬২ চনৰ এগৰাকী অখ্যাত যুঁজাৰুৰ কাহিনী এয়া (ETV Bharat Assam)

টানি ময়ঙে প্ৰকাশ কৰা অনুসৰি, ১৯৫৭ চনত তেওঁৰ ককাক এদা ময়ং ভাৰত-চীন সীমান্তৱৰ্তী ছিয়াং জিলাৰ টুটিঙত নিযুক্তি হৈছিল ৷ তেওঁ জনসাধাৰণৰ মাজত বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ হৈ সভা অনুষ্ঠিত কৰি সেইবোৰৰ সমাধান কৰিছিল ৷ এই সময়ৰ ভিতৰতে সীমান্তত উত্তেজনা বৃদ্ধি হয় আৰু চীনা সৈন্যই ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৷

ভাৰতীয় সেনাৰ বিভিন্ন দল সীমান্তৰ ভিতৰুৱা অঞ্চলত নিজৰ দায়িত্ব পালন কৰিবলৈ সেই সময়তে অগ্ৰসৰ হয় ৷ সেনা আৰু স্থানীয় প্ৰশাসনৰ জৰিয়তে আগ্ৰাসন কৰিব পৰা সুৰুঙাসমূহত প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে ৷

সেই সময়ত এদাং ময়ঙক অসম ৰাইফলছৰ দলক প্ৰতিনিধিত্ব কৰাৰ লগতে সীমান্তৰ গোপন স্থানত এক হেলিপেড নিৰ্মাণ কৰাৰ কামত নিযুক্তি প্ৰদান কৰিছিল ৷ চীনে আগ্ৰাসন কৰাৰ এমাহ পূৰ্বে অৰ্থাৎ ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত ময়ং টুটিঙৰ পৰা ৩-৪ দিন ধৰি পদপথৰে সীমান্তলৈ অসম ৰাইফলছৰ নেতৃত্ব দি লৈ যায় ৷ কিছুদিনৰ পিচত সেই ঠাইত সেনাই পোষ্ট আৰু হেলিপেড নিৰ্মাণ কৰে ৷ এই সময়ৰ ভিতৰতে এদা ময়ং শাৰীৰিক অসুস্থতাত ভূগিব ধৰে ৷

সেনাৰ বিষয়াসকলে তেওঁক সীমান্তৰ পাহাৰৰ শিখৰৰ পৰা তললৈ নামি যাবলৈ কৈছিল যদিও কাম সম্পূৰ্ণ নোহোৱাকৈ তেওঁ অসম ৰাইফলছৰ দলটো এৰি অহা নাছিল । অৱশেষত ছেপ্টেম্বৰ মাহৰ ভিতৰত উক্ত স্থানতে মৃত্যুবৰণ কৰে এদা ময়ঙে ৷

অটব্য অৰণ্য আৰু দুৰ্গম পাহাৰৰ পৰা তেওঁৰ নশ্বৰদেহ টুটিঙলৈ আনিব নোৱৰাত সেই ঠাইতে সম্পন্ন কৰা হয় শেষকৃত্য ৷ ঘটনা সন্দৰ্ভত আলং চাব ডিভিজনৰ এছিষ্টেণ্ট পলিটিকেল বিষয়াই ২৮ ছেপ্টেম্বৰত এই মৃত্যুৰ খবৰ জনাই এক শোকবাৰ্তা প্ৰেৰণ কৰে ময়ঙৰ পৰিয়াললৈ ৷

ইয়াৰ পিচত ১৯৬৪ চনৰ ২৮ আগষ্টত সেই সময়ৰ পাছিঘাট মহকুমাৰ এছিষ্টেণ্ট পলিটিকেল অফিচাৰ পি কে ফুকনে ময়ঙৰ পুত্ৰ মুৰতে ময়ঙক চৰকাৰীভাৱে প্ৰদান কৰে ৫০০ টকা ৷

এদা ময়ঙৰ পৰিয়ালৰ আহ্বান: এদা ময়ঙৰ চাৰিজন পুত্ৰৰ ভিতৰত বৰ্তমান তিনিজন জীৱিত আছে ৷ তেওঁলোক হৈছে ক্ৰমে- অতোম, ওলেম আৰু গলি ময়ং ৷ এদা ময়ঙৰ নাতি অৰিং ময়ং আৰু টানি ময়ঙে ২০১৬ চনত পাছিঘাট জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা পত্ৰৰ এক প্ৰতিবেদন জিলা উপায়ুক্তক দাখিল কৰি ককাক এদা ময়ঙক দেশৰ আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ দায়িত্ব পালন কৰাৰ সময়তে মৃত্যু ঘটাৰ বাবে শ্বহীদৰ স্বীকৃতি প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷

কিন্তু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই বিষয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ বৰ্তমান টানি ময়ঙে বিষয়টোৰ সন্দৰ্ভত অৰুণাচল চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷ টানিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ককাক এদা ময়ঙক শ্বহীদৰ স্বীকৃতি প্ৰদান কৰিবলৈও দাবী জনাইছে ৷

উল্লেখ্য যে, এদা ময়ঙে নিৰ্মাণ কৰা সেই হেলিপেড বৰ্তমান অটব্য অৰণ্যৰ মাজত আছে যদিও কোনো লোকে সেই স্থানলৈ যাব পৰা অৱস্থাত নাই বুলি টানি ময়ঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.