ETV Bharat / state

চৰকাৰে উন্নয়নৰ গংগা বোৱালেও অনাহাৰ-অনিদ্ৰাৰে কটাইছে দিন - Struggle For Life - STRUGGLE FOR LIFE

Pathetic Condition: টঙীঘৰত থাকিবলগীয়া হোৱা পৰিয়লসমূহক দেখিলে মনত ভাব হয় যেন তেওঁলোক স্বাধীন দেশৰ পৰাধীন নাগৰিক । তেওঁলোকে অমৃত কালতো চৰকাৰক দেখুৱাব খুজিছে উন্নয়নৰ পৰা আজিও বঞ্চিত বহু জনগণ । এনে এখন ছবি স্পষ্ট হৈছে অসমৰেই এটা অঞ্চলত ।

Pathetic Condition
উন্নয়ৰ পৰা বঞ্চিত এটা অঞ্চল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 1:49 PM IST

গোলাঘাট, ৪ ছেপ্টেম্বৰ: স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যৰ বহু দৰিদ্ৰ লোকে লাভ নকৰিলে চৰকাৰী সা-সুবিধা ৷ চৰকাৰে বিকাশ তথা উন্নয়নৰ গংগা বোৱাই দিয়া বুলি দাবী কৰিলেও এতিয়াও অনাহাৰ-অনিদ্ৰাৰে বহু দৰিদ্ৰলোকে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । এই বঞ্চিত লোকসকলে দাঙি ধৰিছে চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা প্ৰকৃত ছবিখন ৷

উন্নয়ৰ পৰা বঞ্চিত এটা অঞ্চল (ETV Bharat Assam)
  • জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনী :

গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ বিহৰা মিকিৰচাং পাহাৰ লাইনৰ কেইটামান পৰিয়ালৰ এয়া কঠোৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনী । তেওঁলোকে জানে, তেওঁলোক স্বাধীন দেশৰ নাগৰিক । অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰপীড়িত যদিও জানে চলি থকা স্বাধীনতাৰ অমৃত মহোৎসৱৰ কথা । অৱশ্যে স্বাধীন দেশৰ নাগৰিক বুলি জানিলেও, নাজানে স্বাধীনতা মানে কি ? লাভ কৰা নাই চৰকাৰী কোনো আঁচনিৰ সা-সুবিধা ।

গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ এই অঞ্চলটোৰ লোকসকলে দিনত যেনতেন, নিশা হ'লেই যেন নামি আহে শংকা । দিনত মাটিতেই থাকে যদিও নিশা হ'লেই পৰিয়ালে আশ্ৰয় ল'ব লাগে সু-উচ্চ গছৰ ওপৰত সজা টঙীঘৰত । বিহৰা মিকিৰচাং পাহাৰ লাইনৰ এইকেইটা পৰিয়াললৈ সন্ধিয়া হ'লেই নামি আহে বিভীষিকা । তথাপি উৰুখা পজাঁত সগৌৰৱে উৰিছে ত্ৰিৰংগা ।

  • হাতীৰ আক্ৰমণৰ আশংকা :

হাতীৰ আক্ৰমণৰ আশংকা থাকে অনবৰতে । দিনত কেনেবাকৈ থাকিলেও নিশা প্ৰায়েই আহে বনৰীয়া হাতী । ছয় দিন আগত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল চনিয়া মুণ্ডা নামৰ এজন লোক । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় ন্য়ূনতম সা-সুবিধাৰ পৰা বঞ্চিত চাহ জনগোষ্ঠীৰ এই লোকসকলে কটাইছে এক দুৰ্বিষহ জীৱন ।

  • সন্ধিয়া হ'লেই উঠিব লাগে টঙীঘৰত :

সন্ধিয়া হ'লেই কণ-কণ ল'ৰা-ছোৱালীকলৈ আশ্ৰয় লয় গছৰ ওপৰত থকা টঙীঘৰত । পাহাৰৰ পৰা কাটি অনা খৰি কেইডালেই এক মাত্ৰ সম্বল হৈ পৰিছে জীৱন জীৱিকাৰ বাবে । কষ্ট কৰা খেতিৰ ধান কেইটাও সময়ত খাবলৈ পাব নে নাই সেয়াও অনিশ্চিত । বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ ভৰষা টঙীঘৰ কেইটা মাথোন ।

অঞ্চলটোৰ এজন লোকে তেওঁলোকৰ দুৰ্বিষহ জীৱনৰ বিষয়ে বৰ্ণনা কৰি কয়, "বন বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱা স্বত্বেও আজিলৈকে পাৱাৰ ফেঞ্চিং ,চাৰ্জিং লাইটৰ সুবিধা নাপালো । ওখ ঘৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । প্ৰতিটো নিৰ্বাচনত আমি ভোট দি ৱাৰ্ড সদস্য,পঞ্চায়তৰ সভাপতি,কাউন্সিলৰ,জিলা পৰিষদৰ সদস্য,বিধায়ক, সাংসদক নিৰ্বাচিত হোৱাত সহায় কৰি আহিছো যদিও আজিলৈকে একো নাপালো । "

লগতে পঢ়ক:উন্নয়ন ক’ত হৈছে ? মৌলিক প্ৰয়োজনসমূহৰ বাবেও হাহাকাৰ একাংশ লখিমপুৰবাসীৰ - POOR COMMUNICATION

জহি-খহি যোৱা বিদ্যালয় গৃহতে অব্যাহত পাঠদান - Poor condition of school

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.