ETV Bharat / state

বিত্তীয় প্ৰতিষ্ঠানৰ নামত ৫০ লক্ষাধিক টকা লুণ্ঠনৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 12:05 PM IST

Fake financial company : বিত্তীয় প্ৰতিষ্ঠানৰ নামত প্ৰবঞ্চনা । ৫০ লক্ষাধিক টকা লুণ্ঠন কৰি আৰক্ষীৰ জালত বিত্তীয় প্ৰতিষ্ঠানৰ লোক । ঋণ দিয়াৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ।

fake financial company loot many people in nagaon
প্ৰৱঞ্চনাৰ বিশাল জাল
ভুক্তভোগীৰ ভাষ্য

নগাঁও, 23 ফেব্ৰুৱাৰী : পুনৰ বিত্তীয় প্ৰতিষ্ঠানৰ নামত প্ৰবঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱত । নগাঁৱৰ এগৰাকী মহিলাসহ কেইবাজনো লোকৰ এটা দলে নগাঁও মৰিগাঁও জিলাৰ বিভিন্নজনক ঋণ দিয়াৰ প্ৰলোভনেৰে ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰাপ্ত অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ পৰাই এই দলটোৱে বেংকৰ ঋণ দিয়াৰ নামত ৫০ লক্ষাধিক টকা আত্মসাৎ কৰে । মানৱ কল্যাণ নিধি নামৰ প্ৰতিষ্ঠানটোৱে ঋণ দিয়াৰ নামত ১৫ শতাংশ আমানত হিচাপে আগধন বিচাৰে ।

প্ৰতিষ্ঠানটোৱে বিচৰা মতেই বহু গ্ৰাহকে আমানত হিচাপে ১৫ শতাংশ ধন আগতীয়াকৈ দিয়াৰ পিচতো ঋণ লাভ নকৰিলে । দীর্ঘ সময়লৈকে ঋণ লাভ নকৰাৰ পিচতেই সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ । আনকি একাংশ গ্ৰাহকৰ ম’বাইলত ঋণ আবন্টন দিয়া বুলি মেছেজ পঠিওৱা হয় যদিও বেংক একাউন্টৰ পৰা ঋণৰ ধন উঠাবলৈ সক্ষম নহয় গ্ৰাহক ।

ঋণ আৱন্টনৰ নামত ম’বাইলত ভুৱা মেছেজ প্ৰেৰণৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ গ্ৰাহকে । নগাঁৱৰে বিত্তীয় প্ৰতিষ্ঠানটোৰ সদস্যৰ বিৰুদ্ধে খৰ্গগ্ৰস্ত হৈ পৰে নগাঁও, মৰিগাঁও জিলাৰ একাংশ গ্ৰাহক ।

উপায়ন্তৰ হৈ গ্ৰাহকে প্ৰতিষ্ঠানটোৰ লগত জড়িত সদস্যৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ তাৰ পিচত বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীয়ে আটক কৰে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত এগৰাকী মহিলাসহ তিনি মূল ব্যক্তিক ।প্ৰবঞ্চকক আটক কৰি আৰক্ষীয়ে এই পৰ্যন্ত সোধ-পোছ অব্যাহত ৰাখিছে ।

ইপিনে আৰক্ষীৰ জিম্মাৰ পৰা আমানত হিচাপে লোৱা আগধন ঘূৰাই দিয়াৰ কথা কৈ এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ গ্ৰাহকক অনুৰোধ জনোৱা বুলিও জানিব পৰা গৈছে । এনে প্ৰবঞ্চনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক : ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি বহুতক লুটিলে স্বামী-স্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.