ETV Bharat / state

আৰু এক মুন্নাভাইক হাতকেৰেয়া পিন্ধালে আৰক্ষীয়ে - Fake doctor arrested

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:16 PM IST

Fake doctor arrested in Morigaon: মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা মুন্নাভাই এম বি বি এছ ৷ মৈৰাবাৰী মণ্ডল মাৰ্কেটত এটা অস্থায়ী ভাৰাঘৰত আল্ট্ৰাছাউণ্ডৰ অবৈধ বেহা চলাইছিল ভুৱা চিকিৎসক ছিৰাজুল ইছলামে ৷ অঞ্চলটোৰ একাংশ আশাকৰ্মীয়ে কমিছনৰ আশাত সহজ-সৰল মহিলাসকলক কেন্দ্ৰটোলৈ আলট্ৰাছাউণ্ড কৰাবলৈ লৈ অনাৰ অভিযোগ ৷ গৰ্ভৱতী মহিলাৰ ভ্ৰূণৰ লিংগ পৰ্যন্ত পৰীক্ষা কৰোৱাৰ অভিযোগ ৷

Fake doctor arrested in Morigaon
আৰক্ষীৰ জালত মুন্নাভাই এম বি বি এছ (ETV Bharat Assam)

ধিং, ৯ ছেপ্টেম্বৰ: মৰিগাঁৱৰ মৈৰাবাৰীত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে ৷ মুন্নাভাই এম বি বি এছৰূপী চিকিৎসক ছিৰাজুল ইছলামে (বাবুল) দীৰ্ঘদিন ধৰি অঞ্চলটোত ভুৱা আলট্ৰাছাউণ্ডৰ বেহা চলাই আহিছিল ৷ মৈৰাবাৰী আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত নিশাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে চিকিৎসকৰূপী মুন্নাভাই এম বি বি এছক ।

PNDT আইন উলংঘা কৰি এনেদৰে বাবুলে মৈৰাবাৰী অঞ্চলৰ একাংশ ধন লোভী আশাকৰ্মীৰ জৰিয়তে চলাই নিছিল আলট্ৰাছাউণ্ডৰ অবৈধ বেহা ৷ আৰক্ষীয়ে মৈৰাবাৰী মণ্ডল মাৰ্কেটত এটা অস্থায়ী ভাৰাঘৰৰ পৰা আলট্ৰাছাউণ্ড কৰা সা-সঁজুলিৰ লগতে অন্যান্য সন্দেহজনক নথি-পত্ৰ, আলট্ৰাছাউণ্ডৰ ভুৱা ৰিপ'ৰ্ট আদি জব্দ কৰে । বাবুলক গ্ৰেপ্তাৰ কৰাৰ পাছত মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে । সমান্তৰালভাৱে আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

বাবুলে স্বাস্থ্য বিভাগক অন্ধকাৰত ৰাখি দীৰ্ঘদিন ধৰি গৰ্ভৱতী মহিলাৰ আলট্ৰাছাউণ্ড কৰি আহিছিল । মণ্ডল মাৰ্কেটৰ ওচৰৰ এজন ভুক্তভোগীৰ খবৰৰ ভিত্তিত মৈৰাবাৰীৰ এদল সাংবাদিকে অভিযান চলাই ভুৱা চিকিৎসকটোৰ পাকঘৰত চলাই থকা আলট্ৰাছাউণ্ড ধৰা পেলায় । সাংবাদিকৰ কেমেৰা দেখি আশাকৰ্মীৰ লগতে আলট্ৰাছাউণ্ড কৰিবলৈ অহা মহিলাসকল পলাবলৈ আৰম্ভ কৰে । কোনোবাই যদি পাকঘৰত আত্মগোপন কৰে আন কোনোবা আকৌ বাথৰূমত আৰু একাংশই দৌৰি দৌৰি পলায়ন কৰে ।

অভিযোগ অনুসৰি, মৈৰাবাৰীৰ একাংশ আশাকৰ্মীয়ে ২০০ টকাৰ পৰা ৫০০ টকা কমিচন পোৱাৰ লোভত অঞ্চলটোৰ সহজ-সৰল মহিলাসকলক এই ভাৰাঘৰটোলৈ আলট্ৰাছাউণ্ড কৰাবলৈ লৈ আহে । আলট্ৰাছাউণ্ড কেন্দ্ৰটোত PNDT ৰ নীতি-নিয়ম মানি চলাটো দূৰৈৰ কথা, ভাল পৰিস্কাৰ কোঠাৰ সলনি পাকঘৰতে চলাইছিল আলট্ৰাছাউণ্ড চেণ্টাৰ । জানিব পৰা মতে, লেংৰীবড়ী গাঁৱৰ ছিৰাজুল ইছলাম ওৰফে বাবুলৰ নেতৃত্বত মৈৰাবাৰীত চলি আহিছে আলট্ৰাছাউণ্ডৰ এই অবৈধ বেহা ।

আলট্ৰাছাউণ্ড কেন্দ্ৰটোত গৰ্ভৱতী মহিলাৰ ভ্ৰূণৰ লিংগ পৰ্যন্ত পৰীক্ষা কৰোৱাৰ অভিযোগ উত্থাপন হৈছে । স্বাস্থ্য বিভাগক বুঢ়া আঙুলি দেখুওৱাই গৰ্ভৱতী মহিলাৰ ভ্ৰূণ পৰীক্ষা কৰা বাবুলক অৱশেষত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও উক্ত অবৈধ কাৰ্যত জড়িত থকাৰ অভিযোগ উঠা একাংশ আশাকৰ্মীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই । ইফালে আলট্ৰাছাউণ্ড কৰা ছন'লজিষ্টগৰাকীও সাংবাদিকৰ দলটো প্ৰৱেশ কৰা সময়তে পলায়ন কৰা বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: লালগণেশত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.