যোৰহাট, 3 মে’ : যোৰহাটৰ অলিয়ে-গলিয়ে পিটপিটাই ফুৰিছে চি বি আই নামধাৰী এটা দল ৷ বিভিন্ন প্ৰতিষ্ঠানত চলাইছে অভিযান ৷ দলটোৰ চকুত পৰা যিকোনো প্ৰতিষ্ঠানতে বিসংগতি দেখা পাই বিষয়টো মীমাংসাৰ বাবে বিচাৰিছে ধনৰ টোপোলা ৷
অৱশ্যে চি বি আই দলটো আচল নহয়, ভুৱা ৷ যোৰহাট আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি উক্ত ভুৱা চি বি আই দলটোৱে যোৰহাট বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বিভিন্ন স্থানত তালাচীৰ নামত ধন দাবী কৰি আহিছিল । বিলাসী গাড়ীত অহা দলটো প্ৰকৃত চি বি আইৰ বুলি ভাবি দাবী কৰা ধন দিবলৈ প্ৰতিষ্ঠানৰ গৰাকী বাধ্য হৈছিল বুলি এতিয়া চৰ্চা চলিছে ।
কিন্তু হিন্দী চিনেমা ষ্টাইলত ধন দাবী কৰা দলটোৰ এজন সদস্য যোৰহাট আৰক্ষী জালত পৰিল ৷ AS 06 AB 7379 নম্বৰৰ বিলাসী ইন’ভা বাহনত অহা দলটোৱে যোৰহাটৰ বৰপুলৰ দীপাংকৰ বৰা নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এণ্ট্ৰি মাৰে ৷ প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি দলটোৱে দাবী কৰে ১০ লাখ টকা ৷ ইয়াৰ কিছু কাৰণত সন্দেহ ওপজাত প্ৰতিষ্ঠানখনৰ গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক ৷
অভিযোগৰ ভিত্তিত ভোগদৈ আৰক্ষী চকীৰ দ্বাৰা অভিযান চলোৱাৰ পিচতে জালত পৰিল জোনমণি বণিয়া নামৰ ভুৱা CBI সদস্যজন । অৱশ্য দলটোৰ বাকী দুজন সদস্য পলাই যাবলৈ সক্ষম হয় ।
উল্লেখ্য যে, পূৰ্বতেও এই দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠাখনৰ স্বত্বাধিকাৰী গৰাকীক ধন দাবী কৰিছিল বুলি জানিব পৰা গৈছে । বৰ্তমান ভুৱা চি বি আই দলৰ সদস্যজনক যোৰহাট সদৰ থানাত সোধা-পোছা অব্যাহত ৰখা হৈছে ৷ বাকী দুজনো শীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এক বিশেষ সুত্ৰই জানিবলৈ দিছে ।
লগতে পঢ়ক: পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ