ETV Bharat / state

বিস্ফোৰক তথ্য উদ্ঘাটনৰ পিচতো মিথ্যাত পৰিণত নহয়তো ‘ন্যায়’ শব্দটো ? - IIT Kharagpur Assam Student Death - IIT KHARAGPUR ASSAM STUDENT DEATH

Faizan Ahmed death case: খড়গপুৰ আইআইটিত ৰহস্যজনকভাৱে মৃত্যু হোৱা তিনিচুকীয়াৰ ফাইজান আহমেদৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য ৷ ফাইজান আহমেদক কাষৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল ৷

IIT Kharagpur Assam Student Death Case
ৰহস্যজনকভাৱে মৃত্যু হোৱা ফাইজান আহমেদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 1:48 PM IST

তিনিচুকীয়া, ১৫ জুন : সমগ্ৰ অসমতে খলকনি লগোৱা ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ বাতৰি পুনৰ চৰ্চালৈ আহিছে ৷ শেহতীয়া প্ৰতিবেদনৰ পাচত পৰিয়ালে যথেষ্ট আশা কৰিছে ন্যায় লাভৰ ৷ শেহতীয়াকৈ পৰিয়ালে সন্দেহ কৰাৰ দৰেই দিল্লীৰ অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞ অজয় কুমাৰ গুপ্তাৰ এক বক্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।

পৰিয়ালৰ লোকৰ মন্তব্য (ETV Bharat Assam)

অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞগৰাকীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ফাইজান আহমেদক কাণৰ ওচৰৰ পৰা গুলীয়াই হত্যা কৰাৰ লগতে ছুৰীৰে আঘাত কৰা হৈছিল ৷ তাৰ পাচতেই এতিয়া তিনিচুকীয়াৰ ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে এয়া এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

কলকাতাৰ খড়গপুৰ আইআইটিত তৃতীয়বৰ্ষত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাবী ছাত্ৰ ফাইজান আহমেদ (২৩) ৰ ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে এটা হোষ্টেলৰ কোঠাত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ দাবীত কলকাতাৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ সেই সময়তেই মাতৃ ৰেহানা বেগমে ফাইজান আহমেদৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি চি বি আই তদন্তৰ দাবী জনাইছিল ৷

মাতৃৰ অভিযোগ আছিল যে, ফাইজানৰ মৃত্যুৰ তথ্য সম্পূৰ্ণৰূপে লুকুৱাব বিচাৰিছে আইআইটি কৰ্তৃপক্ষ, হোষ্টেলৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষীয়ে ৷ কিয়নো ঘটনাটো সংঘটিত হোৱাৰ তিনিটা দিনৰ পাচতহে তেওঁলোকে অৱগত কৰে পৰিয়ালটিক ৷ হোষ্টেলৰ ভিতৰত এজন ছাত্ৰৰ মৃত্যু হৈ মৃতদেহ উৱলি যাব কিন্তু হোষ্টেল কৰ্তৃপক্ষই গম নাপাব সেয়া অসম্ভৱ ৷

মৃতদেহ উৱলি যোৱাৰ পাচত আন ছাত্ৰই গোন্ধ পাই চোৱাৰ পিচতহে কৰ্তৃপক্ষই মৃত্যুৰ কথা গম পালে বুলি কোৱাটো ৰহস্যজনক ৷ এই ক্ষেত্ৰত আইআইটিৰ লগতে হোষ্টেলৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই, সমান্তৰালভাৱে খড়গপুৰ আৰক্ষীয়ে সকলো তথ্য লুকুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ফাইজানৰ মাতৃয়ে ৷

লগতে পঢ়ক : Faizan Ahmed death case: বুধবাৰে বিমানযোগে কলিকতালৈ লৈ যোৱা হ’ব ফাইজানৰ মৃতদেহ

ফাইজান ৰাজেন্দ্ৰ প্ৰসাদ হোষ্টেলৰ ছাত্ৰ আছিল কিন্তু মৃতদেহ উদ্ধাৰ হৈছিল লালা ৰাজপত ৰায় হোষ্টেলত ৷ মাহীয়েকে মঙলবাৰে ফোনত কথা পাতিছিল, শুকুৰবাৰে পুৱা উক্ত খবৰটো লাভ কৰে পৰিয়ালে ৷ খবৰটো পায়েই পৰিয়ালৰ লোক ততাতৈয়াকৈ যায় যদিও আৰক্ষীৰ লগতে কোনেও সহযোগ নকৰিলে ৷ গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃ চেলিম আহমেদৰ আবেদনৰ সৈতে মোকাবিলা কৰি কলকাতা উচ্চ ন্যায়ালয়ে খড়গপুৰ আই আই টিৰ সঞ্চালকক ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । উক্ত ঘটনাক ‘ৰেগিং’ৰ স্পষ্ট গোচৰ বুলি অভিহিত কৰি আদালতে ‘ৰেগিং’ৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীৰ নামো বিচাৰে ।

ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ বিচাৰপীঠে বিষয়টোৰ তদন্ত কৰি থকা সংশ্লিষ্ট আৰক্ষী বিষয়াজনে দাখিল কৰা প্ৰতিবেদনখন পৰীক্ষা কৰি প্ৰতিষ্ঠানখনত দ্বিতীয় বৰ্ষৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ছিনিয়ৰৰ এটা দলে শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগৰ সত্যতা উল্লেখ কৰে ।

তদন্ত চলি আছে আৰু এফ এছ এলৰ প্ৰতিবেদন আৰু আন কিছু সামগ্ৰীৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক পাছিম মেদিনীপুৰেও আদালতক অৱগত কৰিছিল । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আদালতে সংশ্লিষ্ট অতিৰিক্ত আৰক্ষী অধীক্ষকক কোনো সুৰুঙা নাৰাখি ফাইজান আহমেদৰ মৃত্যুৰ আঁৰৰ সত্যতা নিশ্চিত কৰিবলৈ অনুৰোধ জনায় ।

তদুপৰি, কলকাতাৰ এফ এছ এলৰ সঞ্চালককো ফাইজান আহমেদৰ অন্তঃস্থলীৰ সন্দৰ্ভত প্ৰতিবেদনখন অতিৰিক্ত আৰক্ষী অধীক্ষকক তৎক্ষণাত যোগান ধৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছিল ৷ বিষয়টো অধিক বিবেচনাৰ বাবে এই ক্ষেত্ৰত আৰক্ষীৰ সৈতে সকলো সহযোগিতা বৃদ্ধিৰ বাবে আইআইটি কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে আদালতে ।

লগতে পঢ়ক : Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ; কবৰস্থানত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.