ETV Bharat / state

এইবাৰ সম্পদলৈ পৰিণত হ’ব শৌচালয়ৰ মল-মূত্ৰ; জানক কেনেকৈ এয়া সম্ভৱ - FAECAL SLUDGE PLANT

উন্মুক্ত নলাৰ পৰা নিৰ্গত হোৱা মল-মূত্ৰৰ উৎকট দুৰ্গন্ধৰ পৰা সকাহ পাব নগৰবাসীয়ে ৷ পিছে কেনেকৈ ? এতিয়াৰে পৰা সম্পদলৈ পৰিণত হ’ব শৌচালয়ৰ টেংকীৰ মল-মূত্ৰবোৰ ৷

Faecal Sludge plant
শৌচালয়ৰ মল-মূত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 9:22 PM IST

ধেমাজি: আপোনাৰ ঘৰৰ শৌচালয়ৰ টেংকীটো ভৰ্তি হৈছে নেকি ? কেনেবাকৈ শৌচালয়টোৰ পৰা ওলোৱা দুৰ্গন্ধত অতিষ্ঠ হৈছে নেকি অঞ্চলবাসী ? যদিহে হৈছে তেন্তে এতিয়া আৰু চিন্তা নাই ৷ মাত্ৰ এটা খবৰ দিলেই আপোনাৰ শৌচালয়টো দুৰ্গন্ধমুক্ত হ’ব ৷

এতিয়াৰে পৰা ধেমাজি নগৰবাসীক সকাহ দিয়াৰ উদ্দেশ্যে ধেমাজিৰ দৰে সৰু চহৰতো শীঘ্ৰে আৰম্ভ হ’ব এটা বিশেষ প্ৰকল্প । যি প্ৰকল্পই আপোনাৰ ঘৰৰ শৌচালয়ৰ টেংকীৰ পৰা সকলো মল-মূত্ৰবোৰ চাফা কৰি উলিয়াই আনিব ৷

এইবাৰ সম্পদলৈ পৰিণত হ’ব শৌচালয়ৰ মল-মূত্ৰবোৰ (ETV Bharat Assam)

ইতিমধ্যে ধেমাজি পৌৰ গোটে এই আৱৰ্জনা পেলোৱাৰ বাবে বিশ বিঘা মাটিকালিৰে আৱৰা ভূমিত আছুতীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ কৰিছে এই প্ৰকল্পটো ৷ ধেমাজি পৌৰ সভাৰ অধীনত ১৫ সংখ্যক বিত্তীয় বৰ্ষৰ (FSTP) অধীনত ১:১ কোটি ব্যয় সাপেক্ষ ধেমাজি খজুৱাত ৫. KLDF STP আৰু অনাময় বিশেষ প্ৰকল্পটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

এই প্ৰকল্পটো মুকলি কৰাৰ পিছতে ধেমাজি নগৰবাসীক এটা সমস্যাৰ পৰা মুক্ত কৰাৰ লগতে নগৰখনৰ উন্মুক্ত হৈ থকা নলাৰ পৰা নিৰ্গত হোৱা মল-মূত্ৰ দুগন্ধই জনস্বাস্থ্যৰ প্ৰতি অনা ভাবুকি ৰোধ হ’ব বুলি আশা প্ৰকাশ কৰে ডাক্তৰ ৰণোজ পেগুৱে ৷

ধেমাজি পৌৰসভাৰ পৌৰপতি দীপৰেখা দাস বাঘ্ৰীৰ লগতে জিলাৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে নগৰবাসীৰ সহযোগিতা কামনা কৰে ৷

তেওঁ কয়, “কোনো এখন নগৰ শৃংখলিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ বাবে এটা ভাল আধুনিক ৱেষ্ট মেনেজমেণ্ট আৰু লিকুইড ৱেষ্ট মেনেজমেণ্ট দৰকাৰ । আজি ধেমাজি পৌৰ সভাৰ অধীনত Faecal Sludge plant প্ৰকল্প মুকলি কৰিলো । ধেমাজি পৌৰ সভাৰ বিশ বিঘা মাটিত স্থাপন কৰা এই প্ৰকল্পৰ লগতে গোটা আৱৰ্জনাসমূহৰ বাবে প্ৰকল্প আৰম্ভ কৰিম । এইক্ষেত্ৰত ধেমাজিবাসী সচেতন ৰাইজ, বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা অনাৰ প্ৰয়োজন আছে ।’’

উল্লেখ্য যে এই প্ৰকল্পটোত আছে মুঠ নটাকৈ বিশেষ টেংকী ৷ ইপিনে এই প্ৰকল্পটো সমগ্ৰ কাৰিকৰী দিশটো চোৱা-চিতা কৰি থকা বিষয়া জাভেদ শইকীয়াই নাগৰিকে সহজতে বুজি পোৱাকৈ দৈ-গাখীৰ পৃথকীকৰণ পদ্ধতিটোৰ তুলনা কৰি কয়, “ঘৰৰ পৰা দুটা আৱৰ্জনা সৃষ্টি হয় । এটা গোটা আৰু আনটো শৌচালয়ৰ টেংকত জমা হোৱা আৱৰ্জনা । সেয়ে পৰিৱেশক প্ৰদূষণৰ পৰা ৰক্ষা কৰি এই লিকুইডখিনি বৈজ্ঞানিক পদ্ধতিৰে ৰূপান্তৰ কৰা ব্যৱস্থা কৰা হৈছে ৷ গাখীৰখিনি ফাটি গ’লে দৈ আৰু পানীখিনি যেনেদৰে পৃথক কৰা হয় তেনেদৰে একে পদ্ধতিৰে এই প্ৰকল্পত বৈজ্ঞানিক পদ্ধতিৰে ৰূপান্তৰ কৰি পানী হিচাপে আৰু জৈৱিক সাৰ হিচাপে ব্যৱহাৰ উপযোগী হ’ব পৰাকৈ শেষত প্ৰস্তুত হ’বগৈ ৷ সেয়ে চৰকাৰে ৰাইজক এটা উপহাৰ দিছে । ইয়াক ব্যৱহাৰ কৰিব লাগে ৷ ৰাইজক আহ্বান যাতে ঘৰৰ শৌচালয়ৰ টেংকীত মল ভৰ্তি হ’লেই পৌৰ সভাক খবৰ দিয়ে ।’’

লগতে পঢ়ক : হেঁপাহ পলুৱাই কমলাৰ সোৱাদ ল’ব খোজে নেকি ? সোণাপুৰলৈ গ’লেই পাব এই সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.