সৰুপথাৰ, ৪ মাৰ্চ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ চহৰৰ মাজমজিয়াত থকা 'জয়শ্ৰী ষ্টোৰ'ত ভয়ংকৰকাণ্ড ৷ গুদামত বিভিন্ন ধৰণৰ ম্যাদ উকলা সামগ্ৰী মজুত ৰখাৰ খবৰ পাই তৎপৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিকৰ কৰ্মীসকল ।
সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱাশীষ শৰ্মাৰ নেতৃত্বত এটা দলে ২ মাৰ্চত বিয়লি জয়শ্ৰী ষ্টোৰৰ গুদামসমূহ পৰ্যবেক্ষণ কৰাত প্ৰতিটো গুদামত প্ৰায় সংখ্যকেই ম্যাদ ওকলা সামগ্ৰী পৰিলক্ষিত কৰে । তাৎপৰ্যপূৰ্ণ কথা যে, ভাল সামগ্ৰীসমূহৰ লগত ম্যাদ উকলা সামগ্ৰীসমূহ সংমিশ্ৰণ কৰি অতি পৰিকল্পিতভাৱে বিক্ৰী বাবে চেষ্টা কৰিছে বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে ।
সংগঠনটোৰ সদস্যসকলে কয় যে এনেদৰে ম্যাদ উকলা সামগ্ৰীসমূহে জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰিব । জনসাধাৰণৰ জীৱনৰ লগত হেতালি খেলা এনেকুৱাই কাৰ্যৰ বাবে জয়শ্ৰী ষ্টোৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।
ইতিমধ্যেই সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দিছে ছাত্ৰ সন্থাৰ সদস্যসকলে । ছাত্ৰ সন্থাৰ সদস্যসকলে ইতিমধ্যে ধনশিৰি মহকুমা প্ৰশাসনৰ লগতে গোলাঘাট খাদ্য সুৰক্ষা বিভাগৰ লগত যোগাযোগ কৰে বুলি জানিবলৈ ।
ইফালে এই ঘটনাৰ পিচতেই সৰুপথাৰৰ যিসমূহ বিপণিত ম্যাদ ওকলা সামগ্ৰী বিক্ৰী কৰি আছিল, সেয়া সৰুপথাৰৰ ৰাজপথৰ ডাষ্টবিনত পেলাই দিছে দোকানীসকলে । অনাগত দিনত প্ৰশাসনে এইসকল বিপণিৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷
- " class="align-text-top noRightClick twitterSection" data="">
এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এনেদৰে বিপণিসমূহে কৰা জালিয়াতিয়ে বহু লোকৰ জীৱন বিপদাপন্ন কৰিব পাৰে বুলি আশংকা কৰিছে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: কিয় ৰাজ্যত বিলাতী সুৰাৰ বিপণীতকৈ বৃদ্ধি হৈছে বাৰৰ সংখ্যা ?