ETV Bharat / state

মৰাণত আবকাৰী আৰু আৰক্ষীৰ অভিযানত উচ্ছেদ ভেজাল সুৰা প্ৰস্তুত কৰা ঘাটি - counterfeit liquor eviction

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 7:34 AM IST

Excise department and police jointly evict counterfeit liquor in moran
উচ্ছেদ ভেজাল সুৰা প্ৰস্তুত কৰা ঘাটি

Counterfeit liquor eviction : মৰাণত দীৰ্ঘদিন ধৰি পিতা-পুত্ৰই মিলি নিজা বাসগৃহত চলাই আহিছিল ভেজাল সুৰা প্ৰস্তুতৰ ব্যৱসায় ৷ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ বিভিন্ন ব্ৰেণ্ডৰ হ’ল’গ্ৰাম, লেভেলিং পেপাৰ, সাঁফৰ, ছীল, বটল ইত্যাদি ৷ বৰ্তমান পলাতক পিতা-পুত্ৰ ৷

অভিযানকাৰী দলৰ মন্তব্য

ডিব্ৰুগড়, 2 মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লৈয়ে ঘোষণা কৰিছিল ৰাজ্যত কোনোধৰণৰ অবৈধ কাৰ্য হ’ব নোৱাৰিব । কিন্তু ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতিৰ পাচতো ডিব্ৰুগড় জিলাত অবৈধ সুৰাৰ ব্যৱসায়ৰ লগতে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় একাংশই চলাই আহিছে । ইয়াৰ মাজতে বুধবাৰে আৰক্ষী আৰু আবকাৰী বিভাগে মৰাণত যুটীয়া অভিযান চলায় ৷ অভিযানত পোহৰলৈ আহিছে ভেজাল সুৰা প্ৰস্তুত কৰা ঘাটি ।

Excise department and police jointly evict counterfeit liquor in moran
পলাতক পিতা-পুত্ৰ

বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰিছিল যে একাংশই অধিক ধন ঘটাৰ বাবে কম মূল্যৰ সুৰা দামী সুৰাৰ বটলত ভৰাই ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ লগতে একাংশই অৰুণাচলী সুৰা অবৈধভাৱে আনি অসম প্ৰচলিত সুৰাৰ বটলত ভৰাই চলাই আছিল সুৰা ব্যৱসায় । ইয়াৰ মাজতে বুধবাৰে মৰাণত ভেজাল সুৰা প্ৰস্তুত কৰা বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হ'ল আবকাৰী আৰু আৰক্ষী ।

Excise department and police jointly evict counterfeit liquor in moran
পলাতক পিতা-পুত্ৰ

মৰাণৰ ২ নং সোণালী পথৰ এটা বাসগৃহত গুৱাহাটীৰ আবকাৰী চোৰাংচোৱা বিভাগে গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় আৰু মৰাণৰ আবকাৰী বিভাগ আৰু মৰাণ আৰক্ষীৰ সহযোগত অভিযান চলাই ভেজাল সুৰাৰ ঘাটি উৎখাত কৰে ৷ অভিযানকালত ২ নং সোণালী পথৰ নৃপেন সোণোৱালৰ বাসগৃহত বৃহৎ পৰিমাণৰ বিভিন্ন ব্ৰেণ্ডৰ হ'ল'গ্ৰাম, লেভেলিং পেপাৰ, সাঁফৰ, ছীল, বটল আদি জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দল ।

Excise department and police jointly evict counterfeit liquor in moran
পলাতক পিতা-পুত্ৰ

অভিযানৰ উমান পাই অবৈধ ভেজাল সুৰা প্ৰস্তুত কৰি অহা পিতা নৃপেন সোণোৱাল আৰু পুত্ৰ বিকাশ সোণোৱালে পলায়ন কৰে । দুই পিতা-পুত্ৰই কম মূল্যৰ সুৰাসমূহ দামী সুৰাৰ বটলত ভৰাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আৱকৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি তিনি চাৰি মাহৰ পূৰ্বৰে পৰা এই কাম পিতা-পুত্ৰই কৰি অহাৰ তথ্য লাভ কৰিছিল তেওঁলোকে ।

এই ভয়ংকৰ ভেজাল সুৰা প্ৰস্তুত কৰা কাৰ্যত আৰু কোন কোন জড়িত সেয়া তদন্ততহে পোহৰলৈ আহিব বুলিও জানিবলৈ দিছে আবকাৰী বিষয়াই ।

লগতে পঢ়ক : হাইজেক হোৱা সুৰাভৰ্তি ট্ৰাক উদ্ধাৰ হ'ল কলিয়াবৰত - Liquor Seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.