ETV Bharat / state

অসুস্থ পক্ষীক নতুন জীৱনদান কলিয়াবৰত - দুষ্পাপ্য পক্ষী

Endangered vulture in Nagaon: শনিবাৰে কলিয়াবৰৰ বৰভকতি গাঁৱত উদ্ধাৰ হৈছিল এটা অসুস্থ বৰটোকোলা । একেদৰে কিছুদিনৰ আগত কলিয়াভোমোৰা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীৰ যুঁৱলিত উদ্ধাৰ হৈছিল এটা দুষ্পাপ্য শগুণ । দুয়োটা পক্ষীক সুস্থ কৰি এৰি দিলে চিকিৎসকে ।

Himalayan vulture
দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান গ্ৰিফন
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 7:50 PM IST

অসুস্থ পক্ষীক নতুন জীৱনদান

কলিয়াবৰ, ১৮ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰত দুটাকৈ লুপ্তপ্ৰায় অসুস্থ পক্ষীক চিকিৎসাৰ প্ৰদানেৰে সুস্থ কৰি পুনৰ মুকলি আকাশত উৰিব পৰা কৰি তুলিলে পশু চিকিৎসক ডাঃ সুৰুজ প্ৰতীম কাকতিয়ে । যোৱা শনিবাৰে কলিয়াবৰৰ বৰভকতি গাঁৱত এটা অসুস্থ বৰটোকোলা উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকা আৰু কাব্যকমল হাজৰিকাই । অসুস্থ বৰটোকোলাটো চিকিৎসাৰ বাবে পশু চিকিৎসক তথা প্ৰকৃতিপ্ৰেমী যুৱক ডাঃ সুৰুজ প্ৰতীম কাকতিয়ে অসুস্থ বৰটোকোলাটোক চিকিৎসা কৰি সুস্থ কৰি তুলিলে । আজি দুপৰীয়া মুকলি আকাশলৈ উৰি মাৰে বৰটোকোলাটোৱে ।

ইপিনে,আজি কিছুদিনৰ আগতে খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ অৱস্থাত কলিয়াভোমোৰা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীৰ যুঁৱলিত উদ্ধাৰ হৈছিল এটা দুষ্পাপ্য শগুণ । শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰা দুষ্পাপ্য শগুণটো উপযুক্ত চিকিৎসালয় সুস্থ কৰি তুলিছিল চিকিৎসকগৰাকীয়ে । চাৰি দিনৰ চিকিৎসাৰ অন্তত দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান গ্ৰিফনটো সুস্থ হৈ কামাখ্যা বনাঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পুনৰ মুক্ত আকাশলৈ উৰি গৈছিল ।

উল্লেখ্য় যে এই চৰাইবিধ আন্তঃৰাষ্টীয় পৰ্যায়ৰ তালিকাভুক্ত কৰা সংস্থা ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰৰ দুষ্প্ৰাপ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে । চমুকৈ IUCN ৰ মতে, বৰ্তমান বৰটোকোলাৰ সংখ্যা হাজাৰৰ আশে-পাশে বুলিহে নিৰ্ধাৰণ কৰিছে । এই চৰাইবিধ এতিয়া কেৱল অসম আৰু কাম্বোডিয়াতহে পোৱা যায় । পূৰ্বে ম‍্যানমাৰতো পোৱা গৈছিল যদিও এতিয়া সেই তালিকাৰ পৰা ম‍্যানমাৰক বাদ দিয়া হৈছে ।

আনহাতে, প্ৰকৃতিৰৰ জামাদাৰ বুলি চিহ্নিত শগুণ এতিয়া দুষ্প্ৰাপ‍্য পক্ষীৰ তালিকাত । পূৰ্বে জীৱ-জন্তুৰ মৰাশ খাই চৌপাশ পৰিস্কাৰ কৰি ৰখা প্ৰকৃতিৰ অন‍্যন‍্য পক্ষী এতিয়া বিলপ্তপ্ৰায় । সেয়েহে চিকিৎসকগৰাকীয়ে এনে বিলুপ্তপ্ৰায় পশু-পক্ষী সংৰক্ষণৰ বাবে উপযুক্ত পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছে । বিশেষকৈ কৃষি পথাৰত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ব্যৱহাৰত সচেতন হোৱাৰ প্ৰয়োজন বুলি কয় চিকিৎসকগৰাকীয়ে । লগতে বাহ সজা গছ আৰু ঠাইবোৰতো বিশেষ চকু ৰাখিব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক:হিমালায়ন গ্ৰিফিন প্ৰজাতিৰ শগুণ ৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.