ETV Bharat / state

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:30 PM IST

Bharat Jodo Nyay Yatra: ধুবুৰীৰ গৌৰীপুৰৰ বলদমাৰাত নিশা কটোৱাৰ পিচত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে পশ্চিমবংগত প্ৰৱেশ কৰে । তাৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকীয়ে সীমান্তৰ বক্সিৰহাট এলেকাত ৰাজহুৱা সভা সম্বোধন কৰে । ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসম চৰকাৰৰ দমনমূলক স্থিতিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ ।

Bharat Jodo Nyay Yatra
অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি

ধুবুৰী,২৫ জানুৱাৰী : অসমত আজি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অন্তিম দিন । ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰাই ধুবুৰী অতিক্ৰম কৰাৰ লগে লগে অসমত এই যাত্ৰাৰ সমাপ্ত হয় । শাসক পক্ষৰ বাধাৰ পিছতো এই যাত্ৰা ১০০ শতাংশ সফল হোৱাৰ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ । বুধবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা নিশা উপস্থিত হয় ধুবুৰীৰ গৌৰীপুৰত ।

গৌৰীপুৰৰ বলদমাৰা অঞ্চলত নিশা কটাই আজি পুৱা ৮ বজাত ৰাহুল গান্ধীয়ে পুনৰ যাত্ৰা আৰম্ভ কৰে । গৌৰীপুৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অসম-পশ্চিমবংগ সীমান্তৰ ছাগলীয়ালৈকে পথৰ কাষত ৰৈ থকা কংগ্ৰেছ কৰ্মী আৰু অনুৰাগীসকলক সম্বোধন কৰাৰ লগতে তেওঁ মত-বিনিময়ো কৰে । ইফালে ৰাষ্ট্ৰীয় ঘাইপথেৰে বিশাল কনভয়েৰে গৈ থকা সময়ত হঠাৎ আগমণি অঞ্চলৰ হালাকুৰা অঞ্চলৰ এখন চাহৰ বিপণীত ৰাহুল গান্ধীয়ে প্ৰৱেশ কৰে । বিপণীখনত তেওঁ চাহৰ জুতি লৈ উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰে । প্ৰায় আধা ঘণ্টা সময় চাহৰ বিপণীত সময় কটাই তেওঁ পশ্চিম বংগ অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে ।

অসম-বংগ সীমান্তৰ ছাগলীয়া পাৰ হৈ পশ্চিমবংগৰ বক্সিৰহাট এলেকাত অনুষ্ঠিত পশ্চিমবংগ কংগ্ৰেছৰ এখন সভাতো তেওঁ অংশগ্ৰহণ কৰে । উক্ত সভাত ৰাহুল গান্ধীয়ে ৰাইজক সম্বোধন কৰি চমু ভাষণ আগবঢ়ায় । উক্ত সভাৰ জৰিয়তে অসমৰ পৰা ৰাহুল গান্ধীয়ে বিদায় লৈ পশ্চিমবংগত প্ৰৱেশ কৰে ।

ইফালে ধুবুৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি ৰাইজৰ যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গ'ল । কিন্তু অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ চৰকাৰে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰা বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাসকলে । প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে চৰকাৰক কঠোৰ সমালোচনাও কৰে ।

আনহাতে যোৰহাটত ভাৰত জোড়ো ন্যায় যাত্ৰা চলি থকা সময়ত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ জাননী দিবলৈ গৌৰীপুৰত উপস্থিত হয় যোৰহাট আৰক্ষী । ভূপেন বৰাৰ হাতত অসম আৰক্ষীয়ে এই সন্দৰ্ভত এখন জাননী প্ৰদান কৰে । ইফালে ধুবুৰীত ৰাহুল গান্ধীক কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, ৰাণী নৰহ, ভূপেন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈকে ধৰি বহু কেইজন কংগ্ৰেছ নেতাই সংগ দিয়ে ।

লগতে পঢ়ক :আজমলক আশাহত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ আখ্যান মেলি অসম এৰিলে ৰাহুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.