ETV Bharat / state

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনত বেদখলকাৰীৰ শেনচকু - Reserve Forest Encroachment

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:07 PM IST

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত মাহেন্দী সংৰক্ষিত বনাঞ্চলখন এতিয়া ৰহস্যজনক বেদখলকাৰীৰ কৱলত । বনাঞ্চলখনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গছপুলি ৰোপণ কৰি সূচনা কৰিছিল সেউজ বিপ্লৱৰ ৷ সেউজ বিপ্লৱৰ সপোন দেখি প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা এই বনাঞ্চলখনৰ অস্তিত্ব ৰক্ষা পৰিবনে ? সেয়া আজিৰ দিনত এটা লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

RANI RESERVE FOREST
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনত বেদখলকাৰীৰ শেনচকু

মিৰ্জা, 24 এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে আৰম্ভ কৰা এখন বনাঞ্চলত আজি বেদখলকাৰীৰ চকু ৷ বনাঞ্চলখনত প্ৰয়াত মুখ্যমন্ত্ৰী গগৈয়ে গছপুলি ৰোপণ কৰি সূচনা কৰিছিল সেউজ বিপ্লৱৰ ৷ প্ৰায় 27 হেক্টৰ ভূমিৰে আৱৰা বনাঞ্চলখন হৈছে মহানগৰীৰ সমীপৱৰ্তী ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মাহেন্দী সংৰক্ষিত বনাঞ্চল ৷ তেতিয়াৰে পৰা পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত আছিল এই মাহেন্দী বনাঞ্চলখন । বন বিভাগেও সংৰক্ষিত বনাঞ্চলখন চোৱাচিতা কৰি আছিল । কিন্তু এতিয়া এই বনাঞ্চল পৰিছে ৰহস্যজনক বেদখলকাৰীৰ কৱলত । সম্প্ৰতি বনাঞ্চলখনৰ তিনি হেক্টৰ ভূমিহে গছ-গছনিৰে আৱৰি থকাৰ কথা জানিবলৈ পোৱা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চলে-বলে-কৌশলে বিভিন্ন পক্ষৰ সৈতে বুজাবুজিৰে এই চৰকাৰী ভূমি বেদখলকাৰীয়ে নিজৰ নামত সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মঙলবাৰে উক্ত ভূমি বেদখল কৰাৰ উদ্দেশ্যে ৰহস্যজনকভাৱে আহে একাংশ লোক ৷ এই খবৰ লাভ কৰি বনাঞ্চলখনত উপস্থিত হয় বন বিভাগৰ এটা দল ৷ দলটোৱে বনাঞ্চলখন বন বিভাগৰ অধীনৰ বুলি দাবী কৰে ৷ অৱশ্যে স্থানীয় লোকৰ বিৰোধিতা আৰু বন বিভাগৰ হস্তক্ষেপৰ বাবেই দখল কৰিব নোৱাৰিলে এই ভূমিখিনি ৷

আনহাতে, পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ মতে, এই ভূমিয়ে কেইবছৰমান পূৰ্বে লাভ কৰিছে ম্যাদী পট্টা ৷ কিন্তু এই কথা নাজানে বন বিভাগে ৷ সদায় বিভাগটোৱে ৰক্ষণাবেক্ষণ দি আহিছে এই ভূমি ৷ এই ভূমিখণ্ডক কেন্দ্ৰ কৰি পলাশবাৰী ৰাজহ চক্ৰ আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ মাজত সৃষ্টি হৈছে বেমেজালিৰ ৷ সৰ্বত্ৰে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সেউজ বিপ্লৱৰ সপোন দেখি প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা এই বনাঞ্চলখনৰ অস্তিত্ব ৰক্ষা পৰিবনে ?

লগতে চাওক: বিদ্যালয়ৰ ভূমিত ডেকা সত্ৰাধিকাৰৰ চকু ! বেদখল বিঘাই বিঘাই মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.