ETV Bharat / state

অসম পলিটেক্স সূতাকলৰ কৰ্মচাৰীৰ তথৈবচ অৱস্থা; ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান ৰাজ্য চৰকাৰক - Jagiroad Assam Polytex Ltd

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:09 PM IST

Assam Polytex Employees Union: জাগীৰোডত অৱস্থিত পলিটেক্স সূতাকলৰ কৰ্মচাৰীৰ সংবাদমেল ৷ উদ্যোগটোৰ প্ৰাপ্য বঞ্চিত কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান ভুক্তভোগী কৰ্মচাৰীসকলৰ ৷

employees of jagiroad Assam Polytex Ltd are living in dire conditions
জাগীৰোড পলিটেক্স সূতাকলৰ কৰ্মচাৰীৰ সংবাদমেল (ETV Bharat Assam)

মৰিগাঁও, 28 জুন: "1995 চনৰ পৰা বন্ধ হৈ আছে জাগীৰোডস্থিত অসম পলিটেক্স সূতাকল ৷ 29 বছৰে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত 411 গৰাকী কৰ্মচাৰী" - বৃহস্পতিবাৰে মৰিগাঁৱৰ জাগীৰোড পলিটেক্স সূতাকলৰ কৰ্মচাৰীসকলে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ ভূমিকা সন্দৰ্ভত খেদ প্ৰকাশ কৰে ।

প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে জনোৱা অনুসৰি 1995 চনৰে পৰা বন্ধ হৈ আছে জাগীৰোডস্থিত অসম পলিটেক্স সূতাকলটো ৷ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই লাভজনক উদ্যোগটো বন্ধ হৈ পৰা বুলি অভিযোগ তোলে ভুক্তভোগী কৰ্মচাৰীসকলে ৷ পৰৱৰ্তী সময়ত মহাবীৰ জৈন নামৰ সেই সময়ৰ এগৰাকী প্ৰভাৱশালী উদ্যোগপতিক কলটো হস্তান্তৰ কৰা হয় যদিও বহু অজুহাত দেখুৱাই কলটো পৰিচালনাৰ পৰা উদ্যোগপতিগৰাকী বিৰত থাকে বুলি সংবাদমেলত উল্লেখ কৰে ভুক্তভোগী কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: অনিদিৰ্ষ্ট কাললৈ বন্ধ কলঘৰ : ভাৰতীয় টি ব’ৰ্ডক জগৰীয়া বটলিফ ফেক্টৰী মালিকৰ - Assam Tea Industry

উদ্যোগটো বন্ধ হৈ পৰাৰ ফলত কৰ্মচাৰীসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় ৷ অৰ্থৰ অভাৱত চিকিৎসা লাভ নকৰাকৈয়ে ইতিমধ্যে কলটোত কৰ্মৰত প্ৰায় শতাধিক কৰ্মচাৰীয়ে মৃত্যুবৰণ কৰিছে বুলি সংবাদ মেলত উল্লেখ কৰে ভুক্তভোগী কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: বটলিফ ফেক্টৰীয়ে নলয় কেঁচা চাহপাত : আন্দোলনৰ হুংকাৰ আটাছুৰ - Assam Tea Industry

দুৰ্ভাগ্যজনক বিষয় যে, বিগত প্ৰায় 29 বছৰে নিজৰ প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈ পৰা 411 গৰাকী কৰ্মচাৰীৰ আৰ্থিক অৱস্থা আজিও তথৈবচ ৷ একাংশ কৰ্মচাৰীয়ে দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ বিপৰীতে আন একাংশই এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈ শয্যাগত ৷ মৃতপ্ৰায় উদ্যোগটোৰ বিভিন্ন দিশ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰীকাই বিষয়টো গুৰুত্ব সহকাৰে লৈ কৰ্মচাৰীসকলক সকাহ দিবলৈ আহ্বান জনাইছে অসম পলিটেক্স কৰ্মচাৰী সন্থাই ৷

এতিয়া এইখন জনদৰদী চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Paper mill assets: দুটাকৈ কাগজ কলৰ বিশাল সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিব চৰকাৰে

বন্ধ পেপাৰ মিল : 93 গৰাকী শ্ৰমিকে হেৰুৱাইছে প্ৰাণ

কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.