ETV Bharat / state

দেশৰ বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড৹ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান - GEO SCIENTIST GAKUL CHANDRA GOSWAMI

এগৰাকী ভূ-বিজ্ঞানী হিচাপে তেওঁ সুদীর্ঘ জীৱনকালত ৯৩ খন গৱেষণা পত্ৰ লিখি প্ৰকাশ কৰিছিল ।

DR GAKUL CHANDRA GOSWAMI
ড৹ গকুল চন্দ্ৰ গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 9:22 AM IST

কলিয়াবৰ: কেৱল অসমৰে নহয়, দেশৰে এগৰাকী আগশাৰীৰ ভূ-বিজ্ঞানীৰূপে পৰিচিত ড৹ গকুল চন্দ্ৰ গোস্বামীৰ শেষ নিশ্বাস ৷ দেওবাৰে নিশা প্ৰায় 10 বজাত বেংগালুৰুৰ নিজা বাসভৱনত 85 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে এইগৰাকী বিশিষ্ট ভূ-বিজ্ঞানীয়ে । কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ভলাগুৰি সত্ৰত জন্মলাভ কৰা ড৹ গোস্বামীয়ে 1968 চনত গ্লাছগ' বিশ্ববিদ্যালয়ৰ পৰা খনিজ ৰসায়ন (Mineral Chemistry) বিষয়ত কৰা গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷

তেওঁ আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি । উল্লেখযোগ্য যে ড৹ গকুল গোস্বামীয়েই কলিয়াবৰৰ উচ্চ শিক্ষানুষ্ঠান কলিয়াবৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল । ড৹ গোস্বামীয়ে 1963 চনৰ পৰা 1965 চনলৈকে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপকৰূপেও সেৱা আগবঢ়াইছিল । 1969 ৰ পৰা 1970 চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত 1970 ৰ পৰা 1974 চনলৈকে তেওঁ ভাৰত চৰকাৰৰ ভূবৈজ্ঞানিক জৰীপ বিভাগৰ (Geological Survey of India)ৰ খনিজ বিভাগ (Mineral Physics Division)ত বিজ্ঞানী হিচাবে কৰ্মৰত আছিল ।

DR GAKUL CHANDRA GOSWAMI
ড৹ গকুল চন্দ্ৰ গোস্বামী (ETV Bharat Assam)

পৰৱৰ্তী সময়ত 1974 চনৰ পৰা 1999 চনলৈকে ওড়িশাৰ ডালমিয়া ইনষ্টিটিউট অৱ ছাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ চেণ্টাৰৰ মুখ্য বিজ্ঞানী হিচাপে সেৱা আগবঢ়াই ড৹ গোস্বামীয়ে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । এগৰাকী ভূ-বিজ্ঞানী হিচাপে তেওঁ সুদীর্ঘ জীৱনকালত ৯৩ খন গৱেষণা পত্ৰ লিখি প্ৰকাশ কৰিছিল । তেওঁৰ তত্বাৱধানত গৱেষণা কৰি চিমেন্ট বিষয়ত ২জনে আৰু ৰিফেক্টৰীজ ব্ৰিক্সৰ বিষয়ত এজনে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

আনহাতে, শিক্ষাৰ ক্ষেত্ৰত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাবে Mineralogy (স্নাতক শ্ৰেণী) আৰু Geology (প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণী)ৰ দুখন কিতাপ লিখি উলিয়াইছিল । তদুপৰি, ড৹ গোস্বামী 1994 চনত ভাৰতৰ চিমেন্ট উদ্যোগৰ অডিটৰিয়েল বৰ্ডৰ সদস্যও আছিল । লগতে ইণ্ডিয়ান থাৰ্মেল এনালাইছিছ ছ'চাইটি আৰু অসম বিজ্ঞান সমিতিৰো সদস্য আছিল এইগৰাকী বিশিষ্ট ভূ-বিজ্ঞানী । পত্নী, পুত্ৰ-বোৱাৰী, নাতি তথা পৰিয়াল-পৰিজনক এৰি ইহলীলা সম্বৰণ কৰা ড৹ গকুল চন্দ্ৰ গোস্বামীৰ মৃত্যুত জন্মস্থান শ্ৰীশ্ৰী ভোলাগুৰি সত্ৰৰ লগতে কলিয়াবৰৰ ৰাইজেও শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: আৰম্ভ হ’ল ভাষা গৌৰৱ সপ্তাহ; অসমবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.