ETV Bharat / state

অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ ৫৪ লাখ টকা আত্মসাৎ, প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক - Money Embezzlement

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Anganwadi centre in Jonai: জোনাই মহকুমাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ ৫৪ লাখ টকা আত্মসাৎ । ধন আত্মসাতৰ অভিযোগত মুৰ্কংচেলেক ব্লকৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক বঙাইগাঁও বইটামাৰিৰ পৰা আটক কৰে জোনাই আৰক্ষীয়ে ।

Embezzlement of funds for construction of Anganwadi centre in Jonai
অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ ৫৪ লাখ টকা আত্মসাৎ (ETV Bharat Assam)

জোনাই, ২২ ছেপ্টেম্বৰ : জোনাইত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত চলিত বৰ্ষৰ ১১ মাৰ্চ তাৰিখে জোনাই মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে অৰুণাচল প্ৰদেশৰ বলেংৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠিওৱাৰ পাচত শনিবাৰে মুৰ্কংচেলেক ব্লকৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক বঙাইগাঁও বইটামাৰিৰ পৰা আটক কৰে জোনাই আৰক্ষীৰ এটা দলে ।

পৰমানন্দ শইকীয়াৰ ২০২২-২৩ বৰ্ষত ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক জনজাতি খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল । উল্লেখযোগ্য যে ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই বজাৰ, তাৰি বিজয়পুৰ, মেচাকি, চুংক্ৰাং, ২ নং মিছামৰা, কপলং মহমৰা, ৰিগবি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে ২৫ লাখ টকাকৈ আবন্টন দিছিল ।চৰকাৰী নিৰ্দেশনা অনুসৰি সেই নিৰ্মাণ সমিতিৰ সভাপতিৰ দায়িত্বত আছিল মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু মেদক ।

পূৰ্বে কৰা পৰিকল্পনা অনুসৰি যোৱা বৰ্ষৰ ৬ এপ্ৰিল তাৰিখে এম এছ কেকে এণ্টাৰপ্ৰাইছ নামৰ হাৰ্ডৱেৰ দোকানৰ নামত থকা জোনাই বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ ৪১৪৯৬৭৮৯০৪৮ একাউণ্টলৈ এই ৮ খন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ বেংক একাউণ্টৰ পৰা ৬ লাখ ৭৫ হেজাৰ টকাকৈ মুঠ ৫৪ লাখ টকা স্থানান্তৰিত কৰে । চৰকাৰী বেংক একাউণ্টৰ পৰা স্থানান্তৰিত হোৱাৰ একেদিনা কেকে এণ্টাৰপ্ৰাইছ দোকানৰ পৰা ৰাজু মেদকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত থকা মেদক এণ্টাৰপ্ৰইছ লৈ ৬ এপ্ৰিল তাৰিখে ২১ লাখ লাখ টকা স্থানান্তৰিত কৰে ।

আকৌ তাৰ দুদিন পিছত ১৮ এপ্ৰিল তাৰিখে পুনৰ ১৮ লাখ টকা স্থানান্তৰিত কৰে । ৬ এপ্ৰিল তাৰিখে ৰাজু মেদকে টক্সম ইলেক্ট্ৰিক মটৰ্ছ প্ৰাইভেট লিমিটেডৰ নামত ২১ লাখ টকা, ১৮ এপ্ৰিল তাৰিখে আমাই পেগুৰ নামত ৩ লাখ টকা আৰু গুৱাহাটীৰ ব্যৱসায়ী কলিল দত্ত চৌধাৰীৰ লাল গণেশ শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টলৈ ১২ লাখ টকা স্থানান্তৰ কৰে ।

নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰী ধন ব্যয় কৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পুঁজি আত্মসাৎ কৰাৰ বিৰুদ্ধে ধেমাজি জিলা প্ৰশাসনে যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতিৰ বিষয়টো অৱগত হোৱাত যোৱা বৰ্ষৰ ৫ অক্টোবৰ তাৰিখে ধেমাজি জিলা উপায়ুক্ত কাৰ্যলয়ত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ধেমাজি জিলা প্ৰশাসনৰ সকলো বিভাগৰ বিষয়া সকলৰ মাজত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

এই পৰ্যালোচনা সভাত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ টকা আত্মসাৎ কৰা বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ মন্ত্ৰী অজন্তা নেওগে নিৰ্দেশনা দিয়ে । ধেমাজি জিলা প্ৰশাসনে তদন্তৰ শেষত যোৱা ২৯ ডিচেম্বৰ তাৰিখে জিলা সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতিৰেখা গগৈয়ে জোনাই সদৰ থানাত এজাহাৰ দাখিল কৰে ।

জোনাই আৰক্ষী থানাত ৰাজু মেদকৰ বিৰুদ্ধে ১৫৯/২৩ নং ভাৰতীয় দণ্ড বিধি ৪০৬/৪২০/৪০৯/৩৪ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰে আৰু ৰাজু মেদকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও বৰ্তমান জামিন লৈ মুকলি আকাশৰ তললৈ ওলাই আহিছে ৰাজু মেদক ।

উক্ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ ক্ষেত্ৰত নাম সাঙুৰ খাইছিল ২০২২-২৩ বৰ্ষৰ মুৰ্কংচেলেক জনজাতি খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াৰ । পাছলৈ খণ্ড উন্নয়ন বিষয়াগৰাকী বঙাইগাঁও জিলাৰ বইটামাৰী খণ্ড উন্নয়ন বিষয়া হিচাপে বদলি হৈ যায় । কিন্তু আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত হোৱা ভয়ংকৰ কেলেংকাৰীৰ অধিক তদন্তৰ বাবে শনিবাৰে জোনাই আৰক্ষীৰ এটি দলে বঙাইগাঁও জিলাৰ বইটামাৰী খণ্ড উন্নয়ন বিষয়াজক সোধ-পোচ কৰাৰ বাবে জোনাই থানালৈ আটক কৰি লৈ আনে বুলি জানিব পৰা গৈছে ।

আজি অৰ্থাৎ দেওবাৰে খণ্ড উন্নয়ন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভৱনা আছে বুলি বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে । আনহাতে, মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা ৰাজু মেদকক আদৰ্শ আংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত ধেমাজি জিলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই ৰুজু কৰা এক গোচৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে যোৱা ১২ মাৰ্চত অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰি জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতে জেললৈ প্ৰেৰণ কৰিছিল ।

কিন্তু যোৱা ২৮ মে' তাৰিখে সুদীৰ্ঘ ৭৫ দিনৰ অন্তত জেলৰ পৰা জামিন মঞ্জুৰ লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহে ৰাজু মেদকে । জামিন মঞ্জুৰ লাভ কৰি ৰাজু মেদকে বৰ্তমান জোনাই সমষ্টি ভিত্তিত 'জনজাগৰণ মঞ্চ' নামৰ এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি জোনাইৰ চুকে-কোনে প্ৰচাৰ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ২৫ শতাংশ অংগনবাড়ী কৰ্মীৰ পদোন্নতিৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ : মন্ত্ৰী অজন্তা নেওগ - Anganwadi workers

লগতে পঢ়ক: অভিভাৱকক কামুৰিলে অংগনৱাড়ী কেন্দ্ৰৰ সহায়িকাই ! - ANGANWADI CENTRE INCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.