ETV Bharat / state

ধিঙত বাঘ ধৰিবলৈ অভিযানত নামিছে হাতী : সুন্দৰবনৰ জাল লৈ বন বিভাগ - Tiger Scare in Nagaon

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 8:27 PM IST

Tiger Scare in Nagaon: আজিও বাঘৰ আতংকৰ পৰা মুক্ত নহয় নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলবাসী । ২৩ দিন অতিক্ৰম কৰাৰ পাছতো বাঘ খেদাত ব্যৰ্থ বন বিভাগ । অৱশেষত বাঘ খেদিবলৈ বন বিভাগে লৈছে হাতীৰ সহায় । সুন্দৰবনৰ পৰা আনিছে উন্নত প্ৰযুক্তিৰ জাল । অভিজ্ঞতাসম্পন্ন দলে চলাইছে অভিযান ৷

Elephants help in caging tigers in Nagaon
নগাঁৱত বাঘ ধৰিবলৈ সুন্দৰবনৰ জাল লৈ বন বিভাগ (ETV Bharat Assam)

নগাঁও,২৬ জুলাই: নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত বিগত ২৩ দিনে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা ঢেকীয়াপতীয়াক আজিও বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই নগাঁও বন বিভাগ । নগাঁৱৰ জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত প্ৰায় এটা পষেকজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পাচত এইবাৰ নগাঁৱৰ ধিং অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি বাঘটোৱে আতংকিত কৰি আহিছে ধিংবাসীক ।

এইবাৰ বাঘটো কৰায়ত্ত কৰিবলৈ শুকুৰবাৰে অসমৰ বন বিভাগে সুন্দৰবনৰ পৰা আনিছে উন্নত প্ৰযুক্তিৰ জাল । সুন্দৰবনৰ পৰা অনা জালৰ সহায়তো বাঘটো কৰায়ত্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে অসমৰ বন বিভাগে । ৰাজ্যৰ বন বিভাগৰে এটা অভিজ্ঞতাসম্পন্ন দলে বাঘ কৰায়ত্ত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে ।

ইয়াৰোপৰি নগাঁও বন বিভাগে বাঘটো কৰায়ত্ত কৰিবলৈ চাৰিটাকৈ পিঞ্জৰাৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে । আনকি আতংকৰ সৃষ্টি কৰা বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ বিশেষজ্ঞ চিকিৎসকৰ দল মজুত ৰখা বুলিও জনাই বন বিষয়াসকলে । কিন্তু বাঘটো কৰায়ত্ত অথৱা ট্ৰেংকুলাইজ কৰিবলৈ বিভাগে গ্ৰহণ কৰা কোনো এটা পদক্ষেপেই যেন লাভ নাই কৰা সফলতা, যাৰ বাবে অৱশেষত হাতীৰ সহায়তো জনাঞ্চলৰ পৰা বাঘ খেদি গাঁওবাসীক আতংকমুক্ত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে নগাঁও বন বিভাগে ।

দুটাকৈ হাতী আনি ধিঙৰ আঠগাঁৱৰ জংঘলত বাঘ বিচাৰি অভিযান আৰম্ভ কৰিছে বন বিভাগে । কিন্তু এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে বাঘটোৰ কোনো সন্ধানেই লাভ কৰা নাই বন বিভাগে । যাৰ বাবে আজিও বাঘৰ আতংকত ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিৱেশ অব্যাহত আছে ধিঙৰ আঠগাঁও অঞ্চলত ।

নগাঁৱৰ ধিঙৰ আঠগাঁৱৰ জংঘলত বাঘটোৱে আশ্ৰয় লোৱাৰ পাচৰে পৰা আঠগাঁওবাসী আতংকত ত্ৰস্তমান হৈ আছে । আনকি বিগত ২৩ দিনে নগাঁৱৰ জেঙনি, পুঠিমাৰী, ধিঙৰ বিলতীয়া আদি অঞ্চলত বনকৰ্মীসহ পাঁচজনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছে বাঘটোৱে । সম্প্ৰতি চিকিৎসাধীন হৈ আছে বাঘটোৰ আক্ৰমণত আহত আটাইকেইজন লোক ।

লগতে পঢ়ক: এটা বাঘে নাকত ধৰি চাকত ঘূৰাইছে বিয়াগোম বন বিভাগক - Tiger Scare in Nagaon

এতিয়াও ধৰিব পৰা নাই বনৰজাক : আতংকৰ মাজত দিন কটাইছে ধিঙৰ আঠগাঁওবাসীয়ে - Tiger Scare in Nagaon

বাঘৰ আতংক; বুধবাৰে সাপ্তাহিক বজাৰ নবহিল ধিঙত - TIGER SCARE IN NAGAON

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.