ETV Bharat / state

লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাসিত ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 4:21 PM IST

Elephant menace in Assam: গোলাঘাট জিলাৰ নুমলীগড় অঞ্চলত বন্য়হস্তীয়ে টোপনি হৰিছে ৰাইজৰ । ইয়াৰ মাজতেই নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । মৰঙি মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং আদিতো চলাইছে সন্ত্ৰাস ।

ক
লেতেকুজানত বন্য়হস্তীয়ে টোপনি হৰিছে ৰাইজৰ

গোলাঘাট, ২ মাৰ্চ: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাসমূহ এতিয়া বন্যহস্তীৰ বসতিস্থল হিচাপে পৰিগণিত হৈছে । গোলাঘাটৰ লেতেকুজান চাহ বাগিচাত প্ৰায় এমাহৰ অধিক সময় ধৰি পোৱালীসহ অৱস্থান কৰিছে এটা হাতীৰ জাকে । নুমলীগড়ৰ লেতেকুজান চাহ বাগিচাত দীৰ্ঘদিনে হাতীৰ এটা জাকে অৱস্থান কৰি আছে । বাগিচাখনৰ লোকসকলে বন্যহস্তীৰ জাকটো বনাঞ্চললৈ খেদিবলৈ চেষ্টা কৰে যদিও ওলোটাই বন্যহস্তীয়ে চোঁচা লৈছে মানুহলৈ ।

এতিয়া যেন বন্যহস্তীৰ আশ্ৰয়স্থলীলৈ পৰ্যবসিত হৈছে মৰঙি মৌজাৰ বিভিন্ন চাহ বাগিচাসমূহ। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে নাযায় চাহ বাগিচা এৰি । চাহ বাগিচাৰ হোলাসমূহত ঘাঁহ-বন খাই চাহ বাগিচাতেই অৱস্থান কৰিছে দীৰ্ঘদিনে । দৈনিক কোনো এখন চাহ বাগিচাত অৱস্থান কৰে বন্যহস্তীৰ জাকে । বহুদিনৰ পৰা এমাডিমা পোৱালীসহ এটা বন্যহস্তীৰ জাকে অৱস্থান কৰিছে লেতেকুজান চাহ বাগিচাত । কিন্তু বৰ্তমানলৈকে এই বন্যহস্তীৰ জাকটোৱে কোনো অনিষ্ট কৰা নাই । এই বন্যহস্তীৰ জাকটো বাগিচাখনত আশ্ৰয়স্থল হিচাপে অৱস্থান কৰাত চাহ শ্ৰমিকে বিভিন্ন সমস্যাৰ সম্মুখীন হবলগীয়া হৈছে ।

ইফালে, নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় এঘন্টা চলালে সন্ত্ৰাস । যাৰ পৰিপ্ৰেক্ষিতত পথতে যান বাহন এৰি পলায়ন কৰিছে আৰোহীয়ে । হাতীয়ে এক কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে খোজ কাঢ়ি আহি অৱশেষত সোমাল বাগিচাত । নিতৌ বন্যহস্তীৰ জাকে বৃহত্তৰ মৰঙি মৌজাৰ বিভিন্ন প্ৰান্তত ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ।

গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং, আদিকে বিভিন্ন অঞ্চলৰ লগতে গোলাঘাটৰ আইটননিয়া মিৰি গাঁও, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, আদি অঞ্চলত নিশাৰ ভাগত বন্যহস্তীৰ জাকে প্ৰবেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ । কিন্তু ইমানৰ পাচত কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ । স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় লোক অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:কলিয়াবৰৰ কাঠপাৰ সত্ৰত হাতীয়ে ভাঙিলে গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.