কাজিৰঙা, 9 মাৰ্চ: শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি যিদৰে নৰেন্দ্ৰ মোদী আপ্লুত হ’ল, সেইদৰেই আপ্লুত হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ বহুলোক ৷ কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ থাকে প্ৰায় সকলোৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
প্ৰদুম্ন্য নামৰ হাতীটোৰ পিঠিত উঠি ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে নিচেই কাষৰে দেখা পালে গঁড় ৷ প্ৰদুম্ন্যৰ মাউত ৰাজু গোৱালাৰ সৈতেও কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে হাতী ছাফাৰি কৰাৰ সময়ত কি কি দেখা পালে আৰু মাউত ৰাজু গোৱালাৰ সৈতে কি কি কথা পাতিলে ? সংবাদ মাধ্যমৰ সন্মুখত সকলো বিৱৰি ক’লে ৰাজু গোৱালাই ৷ মাউতগৰাকীয়ে কয় যে ছাফাৰিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নাম সোধাৰ উপৰিও প্ৰত্যক্ষ কৰা গঁড়, হৰিণা আদিৰ সৱিশেষ জানিবলৈ চেষ্টা কৰে ৷
ইপালে হাতী ছাফাৰিৰ পিচতেই মুঠ সাতখন জীপছীৰে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰিও কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কাজিৰঙাৰ ডাফলাং দৰ্শন চূড়ালৈকে যায় প্ৰধানমন্ত্ৰী মোদী ৷ কাজিৰঙাৰ বিগ ফাইভৰ চাৰিটা প্ৰজাতি প্ৰত্যক্ষ কৰা মোদীয়ে ভ্ৰমণকালত কি কি দেখিলে সেই সম্বন্ধে ক’লে পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছে ৷
আনহাতে নৰেন্দ্ৰ মোদীক কাষত বহুৱাই জীপচী গাড়ী চলাই নিবলৈ পাই আনন্দিত কাজিৰঙা বনবিভাগৰ চালক ইবচা সিং ৷ কেৱল টি ভিত দেখা পাই থকা নৰেন্দ্ৰ মোদীক নিচেই কাষৰ পৰা দেখা পাই অভিভূত হৈ পৰে গাড়ী চালক ইবচা সিং ৷ গাড়ী চলাই যাওতে প্ৰধানমন্ত্ৰী মোদীয়ে কি কৈ গ’ল সেয়াও জনালে গাড়ী চালক ইবচা সিঙে ৷ গাড়ী চালকগৰাকীয়ে জনোৱা অনুসৰি বাঘৰ বাদে সকলো বন্যপ্ৰাণী প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: অভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ