ETV Bharat / state

গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল: জনতা ভৱনত পৃথকে পৃথকে বৈঠক

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 11:04 PM IST

EC Team in Guwahati: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় নিৰ্বাচন আয়োগৰ তিনিজনীয়া দল। জনতা ভৱনত পৃথকে পৃথকে পৰ্যালোচনা বৈঠক। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰে আলোচনাত মিলিত হৈ ৰাজ্যখনৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ ল'লে উপ নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত অহা নিৰ্বাচন আয়োগৰ তিনিজনীয়া দলটোৱে ।

EC Team in Guwahati
গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল

গুৱাহাটী,৫ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় নিৰ্বাচন আয়োগৰ তিনিজনীয়া দল। এয়াৰ ইণ্ডিয়া বিমানযোগে কলকাতাৰ পৰা আহি গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ দলটোৱে ৰেডিচন ব্লু হোটেলত কিছু জিৰণি লৈ সন্ধিয়া জনতা ভৱনত উপস্থিত হয় ।

EC Team in Guwahati
গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল

উপ নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত অহা নিৰ্বাচন আয়োগৰ তিনিজনীয়া দলটোৱে জনতা ভৱনত কেইবাটাও পৰ্যায়ত পৰ্যালোচনা বৈঠকত মিলিত হয়। লোকসভা নিৰ্বাচনৰ আভ্যন্তৰীণ দিশবোৰ পৰ্যালোচনা কৰাৰ বাবেই গুৱাহাটীত উপস্থিত হোৱা দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ লগত আলোচনাত মিলিত হৈ ৰাজ্যখনৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

লক্ষ্য়ণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে। আনহাতে শেহতীয়া ভোটাৰ তালিকাতো ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বৈঠকত এই দিশসমূহৰ ওপৰতো আলোচনা কৰা হয়। নিৰ্বাচন আয়োগৰ দলটোৱে অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি আন নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। সেইদৰে ৰাজ্যৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰকে ধৰি আন আন বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগৰ দলটো ।

EC Team in Guwahati
গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল

উল্লেখ্য যে অসম চৰকাৰে লোকসভা নিৰ্বাচন অসমত ব'হাগ বিহুৰ অৰ্থাৎ ১৪ এপ্ৰিলৰ পূৰ্বে অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। এই কথা ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসম চৰকাৰৰ এই আগ্ৰহৰ কথা ৰাজ্যৰ মুখ্য সচিবে নিৰ্বাচন আয়োগৰ আগত দাঙি ধৰিব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰিছিল ।

সেই সূত্রে আজিৰ বৈঠকত এই বিষয়েও আলোচনা হয় বুলি জানিব পৰা গৈছে। অৱশ্যে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি নিৰ্বাচন আয়োগ কিমান দূৰ সঁহাৰি জনাই সেয়া সময়তহে জানিব পৰা যাব। নিৰ্বাচনী আয়োগৰ দলটোৱে আজি অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ।

নিৰ্বাচন আয়োগৰ দলটোৱে বুধবাৰে আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব । আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিৰাপত্তা ব্যৱস্থা, ভোটকেন্দ্ৰৰ প্ৰস্তুতি, ভোটাৰৰ মাজত সজাগতা বৃদ্ধি আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে। তাৰেই অংশ স্বৰূপে অসমলৈ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আহিছে তিনিজনীয়া দলটো। নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্বাচনৰ সৈতে জড়িত সুৰক্ষা ব্যৱস্থা, ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰস্তুতি, ভোটদাতাৰ মাজত সজাগতা বৃদ্ধিৰ অনুষ্ঠান, আইনী ব্যৱস্থা, দূৰৱৰ্তী ভোট গ্ৰহণ কেন্দ্ৰসমূহত টেলিকম ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰিছে।

উল্লেখ্য যে নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে ইতিমধ্যে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ৰাজনৈতিক দল, ষ্টাৰ কেম্পেইনাৰ আৰু দলীয় প্ৰাৰ্থীসকলক নিৰ্বাচনী বিধি মানি চলিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ৰাজনৈতিক নেতাসকলে ৰাজহুৱা শালীনতা বজাই ৰাখিব লাগিব। নিৰ্বাচনৰ প্ৰাৰ্থী আৰু ষ্টাৰ কেম্পেইনাৰসকলকো বিধি মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণেই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিব নোৱাৰিব। জনতাক জাতি, সম্প্ৰদায় বা অনুভূতিৰ ভিত্তিত কোনো আবেদন কৰিব নোৱাৰিব। বিভিন্ন জাতি, সম্প্ৰদায়, ধৰ্মীয়, ভাষিক গোটৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পৰা, মতানৈক্য বা বিভেদ সৃষ্টি কৰিব পৰা, পাৰস্পৰিক ঘৃণা সৃষ্টি কৰিব পৰা কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। ৰাজনৈতিক দল আৰু নেতাই ভোটাৰক বিপথে পৰিচালিত কৰাৰ লক্ষ্যৰে ভুৱা মন্তব্য কৰিব নোৱাৰিব ।

ভিত্তিহীন বা বিকৃত তথ্যৰ ভিত্তিত বিপক্ষ সমালোচনা কৰাটো এৰাই চলিব লাগিব। আন দলৰ নেতা বা কৰ্মীৰ ব্যক্তিগত জীৱনৰ কোনো দিশকে সমালোচনা কৰিব নোৱাৰিব। প্ৰতিদ্বন্দ্বীক অপমান কৰিবলৈ নীচ পৰ্যায়ৰ ব্যক্তিগত আক্ৰমণ কৰিব নোৱাৰিব। কোনো মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰা বা কোনো উপাসনাস্থলী নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব । ভক্ত আৰু দেৱতাৰ মাজৰ সম্পৰ্কক উপহাস কৰা বা ঈশ্বৰ নিন্দা কৰিব নোৱাৰিব।ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নাৰীৰ সন্মান আৰু মৰ্যাদাৰ প্ৰতি ঘৃণনীয় বুলি ধৰিব পৰা যিকোনো কাম বা মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব ।

পৰীক্ষা নকৰা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন সংবাদ মাধ্যমত দিব নোৱাৰিব। বাতৰিৰ বেশত বিজ্ঞাপন দিব নোৱাৰিব। প্ৰতিদ্বন্দ্বীক বদনাম আৰু অপমান কৰা ছ’চিয়েল মিডিয়াৰ পোষ্ট বা বেয়া ৰুচিৰ বা নিম্ন মৰ্যাদাৰ পোষ্ট নকৰিব বা তেনে পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব। নিৰ্বাচনী আচৰণ বিধিৰ প্ৰত্যক্ষ বা পৰোক্ষ উলংঘাৰ ক্ষেত্ৰত আয়োগে যিকোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়া হৈছে।

লগতে পঢ়ক: কৃত্ৰিমতা ভাল নোপোৱা বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.