ETV Bharat / state

উপ-নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ: 20 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BY ELECTION IN ASSAM - BY ELECTION IN ASSAM

State Election Commission: অসমৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ ৷ শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷ চাওক সবিশেষ খবৰ...

BY ELECTION IN ASSAM
মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 12:11 PM IST

নিউজ ডেস্ক, 19 জুলাই: বিগত লোকসভা নিৰ্বাচনৰ পিছতে অসমৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাতো নিশ্চিত হৈ পৰে ৷ এই পাঁচ সমষ্টি হৈছে ক্ৰমে 11 নং ধলাই, 31 নং চিদলী, 32 নং বঙাইগাঁও, 77 নং বিহালী আৰু 88 নং চামগুৰি সমষ্টি ৷ এই সমষ্টিকেইটাৰ পৰা বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷

উপ নিৰ্বাচন সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷ অসমৰ পাঁচ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু বুলি সংবাদমেলত সদৰী কৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

উল্লেখ্য যে, বৰ্তমানৰ অসম বিধানসভা 2021 চন অর্থাৎ সমষ্টিৰ পুনৰ নির্ধাৰণৰ আগতে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টি পুনৰ নির্ধাৰণ আইন 2002 ৰ অধীনত 10 নং(4,5) ধাৰা অনুসৰি বৰ্তমানে কাৰ্যকৰী হৈ থকা বিধানসভাৰ খালী হোৱা আসনসমূহ পূৰণ কৰিবলৈ 2021 চনত বাহাল থকা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: পুত্ৰ বা কন্যাক উপ-নিৰ্বাচন খেলাব নেকি পৰিমল শুক্লবৈদ্যই ? ধলাইত কোন হ’ব শুক্লবৈদ্যৰ উত্তৰসূৰী ? - ASSAM BYE POLL

সেইবাবে এই উপ নিৰ্বাচনত 2023 চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব ৷ ওপৰোক্ত 5 টা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নবীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব বুলি ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলত সদৰী কৰে ৷

লগতে পঢ়ক: অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে - BYE ELECTION IN ASSAM

ইয়াৰ লগে লগে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ সংশোধনৰ বাবে বান্ধি দিছে নিৰ্দিষ্ট সময়সীমা ৷ নিৰ্বাচন আয়োগে সদৰী কৰা অনুসৰি, 30 জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা ৷ সমান্তৰালকৈ দাবী আৰু আপত্তি দাখিল কৰাৰ ক্ষেত্ৰত সময়সীমা বান্ধি দিয়া হৈছে 30 জুলাইৰ পৰা 10 আগষ্টলৈ ৷ বিশেষ অভিযানৰ দিন ধাৰ্য কৰা হৈছে 3 আৰু 4 আগষ্ট ৷ এই দাবী আৰু আপত্তিসমূহ 19 আগষ্টৰ ভিতৰত নিৰ্বাচন আয়োগে নিষ্পত্তি কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব 20 আগষ্টত ৷

লগতে পঢ়ক: ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি - Bye Election Assam

ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ? - BYE ELECTION IN ASSAM

অসমৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ ৩ টাতে নতুন সাংসদৰ পত্নী-পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ! - Bye Election in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.