ETV Bharat / state

ভিৰ ফালি অহা আইতাই সৰ্বানন্দ সোণোৱালক কিয় পিন্ধালে চেলেং ? - Emotional story of old woman

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 8:35 PM IST

Old woman love for Sarbananda Sonowal: কেঁকো-জেকোকৈ অহা এগৰাকী আইতাৰ মৰমৰ চেলেং পিন্ধি আৱেগিক হ'ল সৰ্বানন্দ সোণোৱাল । সকলো কথা অতীত হ'লেও দুৰ্ভগীয়া মাতৃয়ে পাহৰা নাছিল সেই উপকাৰ ।

Old woman love for Sarbananda Sonowal
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল

মৰাণ, ৩০ মাৰ্চ: এতিয়াই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পুনৰ সাংসদ হ'বলৈ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল । ইয়াৰ মাজতে আজি সমষ্টিটোৰ শ্ৰীশ্ৰী মদাৰখাট সত্ৰত কেঁকো-জেকোকৈ অহা এগৰাকীৰ আইতাৰ পৰা চেলেং পিন্ধি আৱেগিক হ'ল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল । মানুহৰ ভিৰ ফালি অহা আইতাই থুকাথুকি মাতৰে ক'লে,"মোৰ হেৰাই যোৱা ল'ৰাটোৰ মৃতদেহ ঘূৰাই আনিছিলো সৰ্বানন্দ সোণোৱালৰ সহযোগত । আজি মই ধাৰ মাৰিব আহিছো ।" এইদৰে কৈ মদাৰখাট সত্ৰত সৰ্বানন্দ সোণোৱালক আইতাই পিন্ধালে চেলেং ।

  • " class="align-text-top noRightClick twitterSection" data="">

সেই পৰিৱশটোৱে কেৱল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালকে নহয়,উপস্থিত সকলোকে আৱেগিক কৰি তোলে । এই অনুষ্ঠানটোৰ শেষত সমগ্ৰ ঘটনাটোৰ অনুসন্ধান কৰিছিল সৰ্বানন্দ সোণোৱালে । ঘটনা অনুসৰি বীণাপাণি গোস্বামী নাম মহিলা গৰাকীৰ পুত্ৰৰ দিল্লীত ৰে'ল দুৰ্ঘটনাত মৃত্যু হৈছিল । সেয়া আছিল ২০০৮ চনত ডিব্ৰুগড়ৰ সাংসদ হৈ থকা সময়ৰ ঘটনা । দিল্লীত ৰে'ল দুৰ্ঘটনাত যুৱকজনৰ মৃত্য়ু হোৱাৰ বিষয়ে অৱগত হয় পৰিয়ালৰ লোক । অৱশ্য়ে যুৱকজনৰ মৃতদেহ বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে । কিন্তু সৰ্বানন্দ সোণোৱালক এই কথা অৱগত কৰা পাচতেই সোণোৱালে দিল্লীৰ ৰে'ল আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি গতাই দিছিল পৰিয়ালক ।

সেই সময়ত অসহায় হৈ পৰা পৰিয়ালটোৰ বাবে আছিল সেয়া ডাঙৰ সহায় । সকলো কথা অতীত হ'লেও দুৰ্ভগীয়া মাতৃয়ে সেই কথা পাহৰা নাছিল । আজি মদাৰখাট সত্ৰলৈ সৰ্বানন্দ সোণোৱাল অহাৰ খবৰ পাই আইতাই পিন্ধালে চেলেং। থুকাথুকি মাতেৰে আইতাই মাথো ক'লে, "মই ধাৰ মাৰিবলৈ আহিছো । "

লগতে পঢ়ক:গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.