ETV Bharat / state

বিশ্ব শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বীৰ সমূহীয়া নামাজ - Eid Ul Fitr 2024 - EID UL FITR 2024

Eid Ul Fitr 2024: ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে ঈদ-উল-ফিটৰ উদযাপন কৰিছে । মছজিদ আৰু ঈদগাহত হাজাৰ হাজাৰ লোকে সমূহীয়া নামাজত অংশ লৈছে ।

Eid Ul Fitr 2024
বিশ্ব শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বীৰ সমূহীয়া নামাজ
author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 2:01 PM IST

বিশ্ব শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বীৰ সমূহীয়া নামাজ

নিউজ ডেস্ক,১১ এপ্ৰিল : আজি পবিত্ৰ ঈদ-উল-ফিটৰ । বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ঈদগাহ, মছজিদত সমূহীয়া নামাজ আদায় কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদক লৈ তৎপৰতা দেখা গৈছে ।

যোৰহাট জিলাৰ কাকজান ঈদগাহত ১০ সহস্ৰাধিক লোক একেলগে নামাজ আদাল কৰে । পুৱা সমূহীয়া নামাজত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰে । দেশৰ আৰু ৰাজ্যৰ শান্তি আৰু ভাতৃত্ববোধৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে । এই নামাজত ইমামতি কৰে কাকজান নতুন বনগাঁও মছজিদৰ ইমাম জহিৰুল ইছলামে । যোৰহাট জিলাৰ আন আন প্ৰান্ততো একেই পৰিৱেশ দেখা যায় । হিন্দু ধৰ্মৰ লোকসকলকো এই নামাজৰ সময়ত ঈদগাহত উপস্থিত থকা দেখা যায় । ইজনে সিজনক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে তাত উপলব্ধ বিভিন্ন মিঠাইৰো সোৱাদ লয় ।

একেদৰে কামৰূপ জিলাৰ কমলপুৰ ঈদগাহ ময়দানত বহু লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । পবিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষ্যে শিশুৰ পৰা বৃদ্ধলৈ সমূহীয়া নামাজত অংশ লোৱা দেখা গ'ল । পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত এই নামাজৰ জৰিয়তে সকলোৱে দেশৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে ।

লখিমপুৰ জিলাৰো প্ৰতিটো মছজিদ আৰু ঈদগাহত হাজাৰ হাজাৰ লোকে ভিৰ কৰা দেখা গ'ল । নগৰৰ কেন্দ্রীয় ঈদগাহ ময়দানত বহু লোকে সমূহীয়া নামাজত অংশগ্রহণ কৰে । জিলাখনৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ লখিমপুৰ নগৰৰ কেন্দ্রীয় ঈদগাহ ময়দানত বিশেষ ভিৰ পৰিলক্ষিত হয় । ইফালে বতৰ ফৰকাল হোৱাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম বৃদ্ধি হোৱা পৰিলক্ষিত হয় ।

বিশাল ঈদগাহ ময়দানৰ সন্মুখৰ পথৰ ওপৰতো শ শ লোকে নামাজ আদায় কৰে । এই ঈদগাহ ময়দানত ইমামতি কৰে নগৰৰ কেবি ৰোডৰ জামে মছজিদৰ পেচ ইমাম আলহাজ মৌলানা হাফিজকাৰী জাকিৰ হুছেইনে । নামাজৰ অন্তত সকলোৱে আলিংগনৰ জৰিয়তে প্ৰেম আৰু ভাতৃত্ববোধৰ কামনা কৰে ।

একেদৰে বিশ্ব শান্তিৰ কামনাৰে সোণাৰিত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিৰ ৰাজহুৱা ঈদগাহ ময়দানত কেইবাহাজাৰ লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ফৰকাল আকাশত ওলাল ঈদৰ জোন, পুৱাই মছজিদ প্ৰাংগনত সমাপন ঈদৰ সমূহীয়া নামাজ - Eid Ul Fitr 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.