ETV Bharat / state

বজাৰত জুই; প্ৰতি প্লেট কণীৰ মূল্যই চুইছে প্ৰায় ২০০ ঘৰ - PRICE HIKE

শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ এইবাৰ বৃদ্ধি পাইছে কণীৰ মূল্য ৷

Egg prices are rising once again in Assam Market
কণীৰ মূল্যবৃদ্ধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 9:47 AM IST

গুৱাহাটী : বৰ্তমান বজাৰলৈ যাব নোৱাৰা অৱস্থা ৷ কিয়নো বজাৰত বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ নিত্যব্যৱহাৰ্য অথবা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতে আকৌ পুনৰ বৃদ্ধি পাইছে কণীৰ দাম ।

শনিবাৰৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল্য ২০-৩০ টকা পৰ্যন্ত বৃদ্ধি হৈছে । শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ কণীৰ মূল্যবৃদ্ধিয়েও বিপাঙত পেলাইছে ৰাইজক ৷ বিগত পাঁচ দিনৰ পৰা প্ৰতি প্লেট কণীৰ মূল্য ২০-৩০ টকাকৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । শীত আহাৰৰ লগে লগে কণীৰ দামো যোগানকাৰীসকলে বৃদ্ধি কৰিছে ।

প্ৰতি প্লেট কণীৰ মূল্যই চুইছে প্ৰায় ২০০ ঘৰ (ETV Bharat Assam)

ইফালে ডিচেম্বৰ মাহ পৰা বনভোজ, পাৰ্টী আদিৰ সংখ্যা বাঢ়িব । যাৰ বাবে বজাৰত মাছ-মাংসৰ সমান্তৰালকৈ কণীৰ চাহিদাও বাঢ়িছে । ইয়াৰে সুযোগ লৈ কণী যোগন ধৰা লোকসকলে হঠাৎ বৃদ্ধি কৰিছে কণীৰ দাম ।

মহানগৰীৰ এগৰাকী কণী ব্যৱসায়ীয়ে জনোৱা মতে, "বিগত পাঁচ-ছয় দিনৰ আগৰে পৰা বৃদ্ধি পাইছে কণীৰ মূল্য । এসপ্তাহৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা প্ৰতিপ্লেট কণীৰ মূল্য আছিল ১৯০-২০০ টকা । সেই একে কণীৰ প্লেটৰ বৰ্তমান দাম বৃদ্ধি হৈ ২২০-২৩০ টকাকৈ বিক্ৰী হৈছে ।’’

Egg prices are rising once again in Assam Market
কণীৰ মূল্যবৃদ্ধি (ETV Bharat Assam)

তেওঁ লগতে কয়, ‘‘অন্ধ্ৰপ্ৰদেশৰ কণীৰ দাম বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ৰাজ্যত উৎপাদিত বাহুবলী কণীৰ দামো বৃদ্ধি পাইছে । প্ৰতি প্লেট বাহুবলী কণীৰ দাম পূৰ্বতে আছিল ২৬০-২৭০ টকা আছিল আৰু বৰ্তমান ইয়াৰ দাম ২৮০-২৯০ টকা পৰ্যন্ত হৈছে ।’’

‘‘ইফালে প্ৰতিটো কাৰ্টন কণী দাম ১২০০ টকা পৰা ১৫০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে । এই সময়ত প্ৰতি বছৰে কণীৰ দাম বৃদ্ধি হয় যদিও প্ৰতিপ্লেট কণীৰ দাম কোনো দিনে ২০০ টকাৰ ঘৰ পাৰ হোৱা নাছিল ৷ কিন্তু এইবাৰ এই সময়ত প্ৰতি প্লেট কণীৰ দাম ২২০-২৩০ টকা পৰ্যন্ত বাঢ়িছে ।" তেওঁ কয় ৷

আন এগৰাকী ব্যৱসায়ী কয়, "শীত কালত কণীৰ চাহিদা বৃদ্ধি পায় । চাহিদা বৃদ্ধি পালে কণীৰ দাম বৃদ্ধি হয় । কণীৰ দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকৰ মাজতো ইয়াৰ প্ৰভাৱ পৰিছে । ফলত গ্ৰাহকে কমকৈ কণী ক্ৰয় কৰিছে, যাৰ বাবে বিক্ৰীও কমিছে ।’’

লগতে পঢ়ক : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.