ETV Bharat / state

সময় মানি নচলিলে বিপদ : দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ - SHIKSHA SETU AXOM

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 12:47 PM IST

Instruction by education department : দিনটোত দুবাৰকৈ শিক্ষাসেতু প'ৰ্টেলত উপস্থিতি দিব লাগিব শিক্ষকে । নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে দৰমহা কৰ্তন কৰিব শিক্ষা বিভাগে ৷ দুবাৰতকৈ বেছি নিৰ্দেশনা অমান্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে ।

School Education Department
দুবাৰকৈ শিক্ষাসেতু প'ৰ্টেলত উপস্থিতি দিব লাগিব (ETV BHARAT ASSAM)

গুৱাহাটী, ৯ জুন : শিক্ষকসকলৰ বিদ্যালয়ত উপস্থিতি নিশ্চিত কৰাক লৈ অধিক কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ । অসমৰ শিক্ষক সকললৈ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে দিনটোত দুবাৰকৈ শিক্ষাসেতু প'ৰ্টেলত উপস্থিতি দিব লাগিব ।

শিক্ষকসকলে প্ৰথমে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আপলোড কৰিব লাগিব । আনহাতে, বিদ্যালয় এৰাৰ সময়তো আপলোড কৰিব লাগিব শিক্ষাসে‍তু প'ৰ্টেলটোত । এই নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময় অনুসৰি উপস্থিতি প্ৰদান নকৰিলে কৰ্তন কৰা হ'ব দৰমহা ।

Instruction by education department
দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ (ETV BHARAT ASSAM)

নিৰ্ধাৰিত সময়তকৈ উপস্থিত হোৱাত পলম হ'লে বা ছুটীৰ সময়ৰ পূৰ্বে বিদ্যালয় এৰিলে ছুটী হিচাপে গণ্য কৰিব দিনটো । লগতে এমাহত যদি দুবাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰে তেন্তে বিদ্যালয় শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ৷ প্রাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ শিক্ষাৰ্থীৰ লগতে শিক্ষক-কর্মচাৰীয়ে শিক্ষাসেতু এপৰ যোগেদি উপস্থিতি বাধ্যতামূলক কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে ।

কেৱল সেয়াই নহয়, এই নিৰ্দেশনাযোগে এতিয়াৰে পৰা বিদ্যালয়লৈ পলমকৈ অহা শিক্ষক-কৰ্মচাৰীৰ প্ৰাপ্য ছুটী কৰ্তন কৰাৰো নিৰ্দেশনা দিছে । ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এটা সন্দৰ্ভত শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷ এই নির্দেশনা যোগে এতিয়াৰে পৰা শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিতি হোৱাৰ সময়ত শিক্ষাসেতু এপত ডিজিটেল উপস্থিতি দিয়াটো বাধ্যতামূলক হৈ পৰিল ।

দুদিন ১৫মিনিটকৈ পলম হ’লে আধা দিনৰ ছুটী । নিৰ্দেশনাটোত কোৱা হৈছে যে যদিহে কোনো শিক্ষক বা কৰ্মচাৰীয়ে মাহটোত দুবাৰতকৈ বেছি বিদ্যালয় আৰম্ভ হোৱাৰ পিছত ১৫ মিনিট পলমকৈ উপস্থিত হয় আৰু বিদ্যালয় ছুটীৰ সময়তকৈ ১৫ মিনিটৰ আগত বিদ্যালয় এৰে, তেন্তে সেই শিক্ষক-কর্মচাৰীজনৰ আধা দিনৰ নৈমিত্তিক ছুটী কর্তন কৰা হ'ব ।

নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী দায়িত্বত প্ৰায়েই নিয়োজিত হৈ অহা শিক্ষক সকলৰ প্ৰতি শিক্ষা বিভাগৰ এই নির্দেশনাক লৈ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যেই এই প'ৰ্টেলযোগে শিক্ষাৰ্থীৰ উপস্থিতি লোৱা ব্যৱস্থাই পাঠদানত ব্যাঘাত জন্মোৱা বিতৰ্কৰ অৱসান ঘটাই নাই ।

তাৰ মাজতে নতুনকৈ বিদ্যালয় শিক্ষকৰ দুবাৰকৈ দিনটোত ডিজিটেল উপস্থিতি বাধ্যতামূলক কৰাটোৱে শিক্ষক সকলৰ মাজত প্ৰতিক্ৰিয়া ঘটোৱাটো স্বাভাৱিক । লগতে বিদ্যালয়ত উপস্থিতিত পালমৰা একাংশ শিক্ষকৰো যে বিপদ বাঢ়িল সেয়া নিশ্চিত।

লগতে পঢ়ক:সময় মানি নচলিলে বিপদ : শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি - Shiksha Setu Axom

অফিচলৈ পলমকৈ অহাৰ অভ্যাস এৰক নহ’লে লোৱা হ’ব ব্যৱস্থা; কালৈ আহিল এই সকীয়নি - Assam Secretariat issue notice

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.