ETV Bharat / state

চৰকাৰী সাহাৰ্য অবিহনেই স্বাৱলম্বী হোৱা এজন শিক্ষিত যুৱক - Self Reliant Youth

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:00 PM IST

Self reliant by rearing Goats : পাঁচজনী ছাগলীৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম । এতিয়া এই ফাৰ্মত তিনি বছৰতেই ছাগলীৰ সংখ্য়া ১০০ লৈ বৃদ্ধি পালে । এনেদৰে আত্মসংস্থাপনৰ বাট বুটলিছে এজন যুৱকে ।

Self reliant by rearing goats
আত্মসংস্থাপনৰ বাট বুটলিছে যুৱকে (ETV Bharat Assam)

জোনাই ১৬ ছেপ্টেম্বৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিবনুৱা সমস্যা । দৈনিক হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ সন্ধানত ঢাপলি মেলিছে বহিঃৰাজ্যলৈ। শিক্ষিত যুৱক-যুৱতীয়েও কৰ্মৰ সন্ধানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশকে ধৰি দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, কেৰালা আদি ৰাজ্যলৈ গৈয়ে আছে । তেনে সময়তে আন দহজনৰ বাবে আদৰ্শ হৈছে জোনাইৰ এজন শিক্ষিত যুৱক ।

ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ধেমাজি জিলাৰ জোনাইৰ এজন যুৱকে । জোনাই মহকুমা ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনি নং ৰায়াং বালিজানৰ শিক্ষিত যুৱক লেক বাহাদুৰ অধিকাৰীয়ে বিগত তিনি বছৰ ধৰি ছাগলী পালন কৰি আত্মসংস্থাপনৰ বাট বুটলিছে ।

  • তিনি বছৰতেই ছাগলী বিক্ৰীৰ বাবে সাজু

তিনি বছৰ পূৰ্বে পাঁচজনী ছাগলীৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম । মাত্ৰ তিনি বছৰতেই লেক বাহাদুৰৰ ছাগলী ফাৰ্মত সৰু বৰ ছাগলীৰ সংখ্য়া ১০০ জনীলৈ বৃদ্ধি পাইছে । তেওঁ কয়," তিনি বছৰতেই ন লাখ টকাৰ ছাগলী বিক্ৰীৰ বাবে সাজু কৰিছো ।" বিটেল, ক্ৰছ বিটেল আৰু থলুৱাকে ধৰি বিভিন্ন প্ৰজাতিৰ ছাগলী আছে তেওঁৰ ফাৰ্মত । ছাগলী পালনেৰে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ লগতে আন তিনিগৰাকী লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে লেক বাহাদুৰ অধিকাৰী ।

  • লাভ কৰা নাই সাহাৰ্য

বিভিন্ন সময়ত চৰকাৰে অনুষ্ঠিত কৰা বিজ্ঞান সন্মতভাৱে ছাগলী পালনৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষণ লোৱা লেক বাহাদুৰ অধিকাৰীয়ে ছাগলী পালনৰ বাবে বৰ্তমানলৈ কোনো ধৰণৰ চৰকাৰী সাহাৰ্য পোৱা নাই বুলি কয় । ছাগলী পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে আন তিনি জনক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হোৱা লেক বাহাদুৰ অধিকাৰীয়ে মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰিলে বিজ্ঞানসম্মতভাৱে ছাগলী পালনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশা মনতে পুহি ৰাখিছে ।

লগতে পঢ়ক:সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে - Self Reliant Cultivator

মৎস্য উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশে অসম : আঠ বছৰত উৎপাদন বৃদ্ধি - Fish Production In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.