ETV Bharat / state

বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই ক্লক টাৱাৰ নিৰ্মাণ : তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন বিধায়কৰ - MAHATMA GANDHI STATUE

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 6:43 PM IST

Clock tower construction in Doom Dooma : বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই নিৰ্মাণ কৰা হ’ব ক্লক টাৱাৰ ৷ ডুমডুমাৰ এই কাণ্ডত জাঙুৰ খাই উঠিছে প্ৰাক্তন বিধায়ক ৷ ভাৰতবৰ্ষতে গান্ধীৰ প্ৰতিমূৰ্তি সুৰক্ষিত নহয় বুলি মন্তব্য দুৰ্গা ভূমিজৰ ৷

Clock tower construction in Doom Dooma
বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই ক্লক টাৱাৰ নিৰ্মাণ (ETV Bharat Assam)

তিনিচুকীয়া, ৯ জুলাই: ‘‘বিশ্বৰ ৮০ খন দেশত স্থাপন কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৷ বৃটিছৰ শাসনৰ পৰা ভাৰতবাসীক স্বাধীনতা প্ৰদান কৰা মহাত্মা গান্ধীক বিদেশী ৰাষ্ট্ৰপ্ৰধানসকলেও শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ সময়তে স্বাধীন ভাৰতত চৰকাৰ চলাই থকা বিজেপি দলৰ নেতৃত্বই তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উচ্ছেদ কৰি সেই স্থানত ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ লৈছে ৷ এয়া ডুমডুমাবাসীৰে নহয়, সমগ্ৰ ভাৰত ৰাষ্ট্ৰৰ বাবে অপমানজনক ঘটনা ৷ বিদেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি সুৰক্ষিত, কিন্তু ভাৰতবৰ্ষত গান্ধীৰ প্ৰতিমূৰ্তি সুৰক্ষিত নহয় ৷’’- এই মন্তব্য ডুমডুমাৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দূৰ্গা ভূমিজৰ ৷

প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজৰ সংবাদমেল (ETV Bharat Assam)

৩ জুলাইত ডুমডুমা পৌৰসভাই নগৰখনৰ মাজমজিয়াত স্থাপিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো আঁতৰাই সেই স্থানত ২৭ লাখ টকা ব্যয় সাপেক্ষে এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক বিৰোধিতা কৰিছে ডুমডুমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে ৷ এই সন্দৰ্ভত মঙলবাৰে ডুমডুমাৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই দিয়াৰ কৰ্তৃত্ব ডুমডুমা পৌৰসভাৰ নাই ৷ ডুমডুমা পৌৰসভাই ৰাজহুৱা সভা পাতি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই সেই স্থানত ক্লক টাৱাৰ নিৰ্মাণৰ প্ৰস্তাৱ লোৱাৰো কৰ্তৃত্ব নাই ৷

দুৰ্গা ভূমিজে ডুমডুমা পৌৰসভাক প্ৰত্যাহ্বান জনাই কয় যে ডুমডুমা পৌৰসভাই আহ্বান কৰা ৰাজহুৱা সভাখনত কোন কোন শ্ৰেণীৰ নাগৰিক উপস্থিত আছিল সেয়া ৰাজহুৱা কৰিব লাগিব ৷ কাৰ স্বাৰ্থত ডুমডুমা পৌৰসভাই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিস্থলীত ক্লক টাৱাৰ নিৰ্মাণৰ প্ৰস্তাৱ ল’বলগীয়া বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰশ্ন কৰে ৷ তদুপৰি তেওঁ কয় যে দেশৰ ক’তো গান্ধীৰ প্ৰতিমূৰ্তিৰ ওপৰত ক্লক টাৱাৰ নিৰ্মাণ কৰা নাই ৷ য’ত নেকি পুৰণি সংসদ ভৱনত মহাত্মা গান্ধী আৰু দেশৰ সংবিধান প্ৰণেতা ড৹ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি উচ্ছেদ কৰা নাই ৷ কিন্তু নতুন সংসদ ভৱনত গান্ধী আৰু আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন নকৰা বিষয়টোক লৈ ইতিমধ্যে সংসদত বিতৰ্ক চলি আছে ৷

লগতে পঢ়ক: নিজ দেশতেই চৰম অৱমাননাৰ সন্মুখীন জাতিৰ পিতা, দুৰ্বৃত্তই ভাঙিলে গান্ধীৰ মূৰ্তি

তেনে সময়তে ডুমডুমাত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উচ্ছেদ কৰি ডুমডুমা পৌৰসভাই চুড়ান্ত অপমানসূচক কাণ্ড সংঘটিত কৰিলে ৷ ডুমডুমা পৌৰসভাই গান্ধীৰ সৈতে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত জড়িত ফিল’বাৰীৰ সত্যলতা গগৈক ৰাজহুৱা সভালৈ কিয় নিমন্ত্ৰণ নজনালে বুলিও দুৰ্গা ভূমিজে প্ৰশ্ন কৰে ৷

তদুপৰি তেওঁ কয়, ‘‘১৯৫১-৬৬ চনত ডুমডুমা পৌৰসভাৰ তদানীন্তন সভাপতি ঠাকুৰ ৰামবচন সিং আৰু সেই সময়ৰ ডুমডুমাৰ বিধায়ক হৰিহৰ চৌধুৰীৰ দিনত নিৰ্মাণ কৰা গান্ধীমূৰ্তিত ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ ৰাজহুৱা সভাখনলৈ এইসকল পৰিয়ালক কিয় নিমন্ত্ৰণ নজনালে ? বিদেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি সুৰক্ষিত, কিন্তু ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি সুৰক্ষিত নহয় ৷ বিজেপি দলৰ দখলত থকা ডুমডুমা পৌৰসভাক কোনো কাৰণতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিস্থলীত ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব ৷’’

ডুমডুমাৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালাৰ কাৰ্যকালত ডুমডুমা নগৰত বাট-পথ নিৰ্মাণ আৰু চৰকাৰী অন্যান্য আঁচনি ৰূপায়ণত ডুমডুমা পৌৰসভাই ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে বুলি সংবাদমেলত প্ৰাক্তন বিধায়কগৰাকীয়ে ৰাজহুৱাকৈ অভিযোগ তোলে ৷ সংবাদমেলত কাকপথাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাজেন মেধি, সম্পাদক নৰেন কৈৰীসহ অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে দুৰ্গা ভূমিজক সংগ দিয়ে ৷

লগতে পঢ়ক: মহাত্মা গান্ধীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীক তুলনা কৰি বিতৰ্কত উপ-ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.