ETV Bharat / state

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক দ্বীপেন খনিকৰ - National teachers award 2024

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 1:48 PM IST

Teacher Deepen Khanikar : দ্বীপেন খনিকৰ, দুলীয়াজানৰ চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ এগৰাকী সহঃশিক্ষক ৷ শিক্ষক খনিকৰে এইবাৰ লাভ কৰিছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ৷ এই বঁটা লাভ কৰি আনন্দিত শিক্ষকগৰাকী ৷ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বিদ্যালয় পৰ্যায়ত শিক্ষা ব্যৱস্থা ভাল কৰিব পাৰিলে সমাজৰ পৰা বিশৃংখলতা দূৰ হ'ব ৷

National teachers award 2024
শিক্ষক দ্বীপেন খনিকৰ (ETV Bharat)

ডিব্ৰুগড়, 31 আগষ্ট : দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ভাৰত চৰকাৰে ৰাজ্যৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে । জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবছৰে প্ৰদান কৰা হয় বঁটাসমূহ । বিভাগীয় প্ৰক্ৰিয়াৰ মাজেদি শিক্ষকসকলক নিৰ্বাচিত কৰা হয় ৷ তাৰ পাচত জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় - এই তিনিটা পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি চৰকাৰে শিক্ষকসকলক উৎসাহিত কৰি আহিছে ।

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক দ্বীপেন খনিকৰ (ETV BHARAT)

বিগত বৰ্ষৰ লেখীয়াকৈ এই বৰ্ষৰ বাবেও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । দেশৰ শৈক্ষিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দেশৰ পঞ্চাশগৰাকী শিক্ষকলৈ আগবঢ়াইছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২০২৪ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটাৰ বাবে অসমৰ নিৰ্বাচিত হৈছে শিক্ষক দ্বীপেন খনিকৰ ।

ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা দ্বীপেন খনিকৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষাখণ্ডৰ অন্তৰ্গত চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয় সহঃশিক্ষক । দুলীয়াজানৰ দুই নং বকুলনী গাঁৱৰ দ্বীপেন খনিকৰে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা খবৰ ৰাজহুৱা হোৱাৰ পাচতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক : জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান - Zubeen Garg

অসমৰ পৰা একমাত্ৰ শিক্ষক দ্বীপেন খনিকই এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এইগৰাকী আদৰ্শ শিক্ষকে চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত ২০০৩ চনৰ পৰা শিক্ষকতা কৰি ১০ বছৰ বিনা বেতনেৰে শিক্ষাদান কৰিছিল । মানৱ সম্পদ গঢ় দিয়াৰ কামত নিজক নিষ্ঠাৰে নিয়োজিত কৰা দ্বীপেন খনিকৰে ইতিমধ্যে ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ সন্মান লাভ কৰিছে ।

Teacher Deepen Khanikar

  • ৰাষ্ট্ৰীয় কৃতি শিক্ষক দ্বীপেন খনিকৰৰ পৰিচয় আৰু শৈক্ষিক জীৱন :

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ 2 নং বকুলনী গাঁৱৰ টেপুৰাম খনিকৰ আৰু বছনী খনিকৰৰ পুত্ৰ দ্বীপেন খনিকৰ । দুলীয়াজানৰ ভাদৈ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দুলীয়াজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল । ইয়াৰ পাচতে টেঙাখাত শিক্ষাখণ্ডৰ অন্তৰ্গত চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত সহঃশিক্ষক হিচাপে 2003 চনত যোগদান কৰিছিল ।

লগতে পঢ়ক : বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা প্ৰদান - Damodar Dev Award 2024

  • ৰাষ্ট্ৰীয় কৃতি শিক্ষক দ্বীপেন খনিকৰৰ সফলতা :

দ্বীপেন খনিকৰে চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত সহঃশিক্ষক হিচাপে 2003 চনত যোগদান কৰা সময়ত বিদ্যালয়খন আছিল অপ্ৰাদেশিক । 10 বছৰ দিন বনা বেতনেৰে শিক্ষকতা কৰা দ্বীপেন খনিকৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষণ প্ৰণালী মনোগ্ৰাহী কৰি তুলিবৰ বাবে আনন্দদায়ক শিক্ষাদান যেনে পুতলা নাচ, ক্ষেত্ৰ ভ্ৰমণ আদিৰে আৰম্ভ কৰিছিল । ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীৰ অধীনৰ পাঠ্যপুথিৰ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি অসমীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সুবিধা কৰিছিল ।

Teacher Deepen Khanikar
শিক্ষক দ্বীপেন খনিকৰ (ETV BHARAT)

তেওঁৰ সফলতাসমূহ হ’ল -

  1. ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰৰ পৰা ২০১৮ চনত লাভ কৰে National ICT Award for Teachers 2018
  2. অসম চৰকাৰে ২০২১ চনত প্ৰদান কৰে ৰাজ্যিক কৃতি শিক্ষকৰ সন্মান
  • ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ সন্মান লাভ কৰি কি কয় দ্বীপেন খনিকৰে :

‘‘এই খবৰে মোক আনন্দিত কৰিছে । এই বঁটাৰ বাবে আবেদন কৰা পাচতে ভিডিঅ’ কনফাৰেন্স যোগেদি ভাৰত চৰকাৰৰ শিক্ষা বিভাগে যি সাক্ষাৎকাৰ লৈছিল, তাৰ পাচতেই মই অনুমান কৰিছিলো এই সন্মান লাভ কৰিম বুলি । সাক্ষাৎকাৰ গ্ৰহণ কৰা বিষয়াসকল আনন্দিত হৈছিল মোৰ কৰ্মপন্থাৰ বিষয়ে জানি । বিদ্যালয়ৰ পৰ্যায়ত শিক্ষা ব্যৱস্থা ভাল কৰিব পাৰিলে সমাজৰ পৰা বিশৃংখলতা দূৰ হ’ব । এই ক্ষেত্ৰত শিক্ষকসকল সজাগ হ'ব লাগিব । মই ১০ বছৰে দৰমহা নোপোৱাকৈ শিক্ষকতা কৰিছিলো যদিও হতাশ হোৱা নাছিলো । ছাত্ৰ-ছাত্ৰীৰ লগত থাকি নিজৰ শৈশৱ ঘূৰাই পোৱাৰ দৰে অনুভৱ হয় ।’’

উল্লেখযোগ্য যে , ৫ ছেপ্টেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব লগা শিক্ষক দিৱসৰ অনুষ্ঠানত দ্বীপেন খনিকৰক দেশৰ আন সকল শিক্ষকৰ সৈতে এই পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিৰ পৰা ২০২৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা গ্ৰহণ কৰিলে ড৹ পূৰৱী শইকীয়াই - 2024 Shanti Swarup Bhatnagar Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.