ETV Bharat / state

বৰষুণত খহিছে ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পশ্চিম পাৰ : সংকটত আহোম যুগৰ ঐতিহ্য - Historic Gaurisagar

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:05 PM IST

Heavy rainfall in Assam: ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ খহি বাগৰিছে পানী ৷ উপস্থিত হোৱা নাই পুৰাতত্ত্ব বিভাগৰ লোক ৷ তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

HEAVY RAINFALL IN ASSAM
HISTORIC GAURISAGAR (ETV Bharat Assam)

আমগুৰি, ২০ জুন: বিপৰ্যয় নামিছে ঐতিহাসিক গৌৰীসাগৰ পুখুৰীলৈ । যোৱা কেইবাদিনো ধৰি ক্ৰমাগত বৃষ্টিপাতে গৌৰৱময় আহোম ৰাজত্বকালৰ চানেকি ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পশ্চিম প্ৰান্তৰ এটা পাৰ খহাই পেলোৱাৰ ফলত পুখুৰীটোৰ পৰা পানী ওলাই যোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে । বৃহস্পতিবাৰে হঠাৎ পুখুৰীটোৰ খহনীয়াৰ পূৰ্ব অংশতে পুনৰ আন এক অংশ খহি যোৱাত পুখুৰীৰ পানী বাগৰিলৈ আৰম্ভ কৰিছে ।

বৰপুখুৰীৰ পাৰ খহি বাগৰিছে পানী (ETV Bharat Assam)

যোৱা বছৰো বৰষুণত পুখুৰীটোৰ উক্ত অংশ খহি গৈছিল । পুৰাতত্ব বিভাগে খহি যোৱা অংশটোত কালভার্ট নিৰ্মাণ কৰি বাৰিষা পুখুৰীটোত জমা হোৱা অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিছিল যদিও পুনৰ পঞ্চমবাৰৰ বাবে একে অংশই খহি যোৱাৰ ফলত পুখুৰীটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে ।

লগতে পঢ়ক: কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? - Rabha Divas 2024

যোৱা বছৰ গৌৰীসাগৰ বৰপুখুৰীৰ চাৰিওটা পাৰ সংলগ্ন কৰি পৰ্যটকৰ সুবিধাৰ বাবে পকী পথ নিৰ্মাণ কৰা হৈছিল যদিও অহৰহ বৃষ্টিপাতৰ ফলত পশ্চিম প্ৰান্তৰ পাৰটোৰ পূৰ্বতে ছিঙি যােৱা অংশটোত নিৰ্মাণ কৰা কালভার্ট ভাঙি পুনৰ পুখুৰীটোৰ পানী অহৰহ বাগৰি আছে । পথৰ মাত্ৰ ওপৰৰ অংশটো ৰৈ যোৱাৰ ফলত যিকোনো মুহূর্ততে পথটো বহি ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সিঁচিৰিত হৈ থকা ঐতিহাসিক সম্পদসমূহক লৈ ল’ৰা ধেমালি কৰি অহাৰ অভিযোগ উঠিছে পুৰাতত্ব বিভাগৰ বিৰুদ্ধে ৷ তৎকালীনভাৱে ছিগি যোৱা অংশটো মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে বৰ্তমানলৈকে ঘটনাস্থলীত সংশ্লিষ্ট বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত হোৱা নাই বুলি স্থানীয় লোকে জানিবলৈ দিছে ।

লগতে পঢ়ক: বৰাকে মাতিছে বিপদ, যিকোনো সময়তে বেৰেংগাৰ মথাউৰি ভঙাৰ সম্ভাৱনা - Assam Flood 2024

বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত ১৭২৩ খ্রীষ্টাব্দত খন্দোৱা ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পানী শুকাই গ’লে কাষতে থকা তিনিটাকৈ দৌলৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিব । অসমীয়া জাতিয়ে গৌৰৱ কৰা তথা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিত গৌৰীসাগৰৰ বৰপুখুৰী ৷

শীতকালত পৰিভ্ৰমী পক্ষীয়ে আশ্রয় গ্রহণ কৰি দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰা গৌৰীসাগৰ বৰপুখুৰীৰ এনে দুৰ্যোগৰ পাচতো পুৰাতত্ব বিভাগ নাইবা জিলা প্রশাসনে তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হোৱাৰ লগতে শীঘ্ৰেই ছিগি যোৱা অংশৰ মেৰামতি কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ।

স্মতৰ্ব্য যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে শিৱসাগৰ জিলাৰ বহু ঐতিহাসিক সম্পদ জহি-খহি যাবলৈ ধৰিছে । বিভাগটোৰ কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীৰ ঐতিহাসিক সম্পদৰ প্ৰতি দায়িত্বহীনতাৰ বাবে বহু সম্পদ ধ্বংসৰ দিশলৈ গতি কৰিলে । গৌৰীসাগৰ পুখুৰীৰ অতিৰিক্ত পানী ওলাই যোৱাৰ বাবে বিজ্ঞানসন্মত প্ৰণালী ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে সচেতন লোকে ।

লগতে পঢ়ক: ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.