ETV Bharat / state

নুনমাটিত বিধায়কৰ ব্যক্তিগত সহায়কক প্ৰহাৰ নিচাসক্ত যুৱকৰ: কাঢ়ি নিলে নগদ ধন, সোণৰ অলংকাৰ - Drunk Youth Attack Case

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:26 PM IST

Drunk Youth Attack Case : দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নুনমাটি থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে তিনিজন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

Drunk Youth Attack Case
নুনমাটিত বিধায়কৰ ব্যক্তিগত সহায়কক প্ৰহাৰ নিচাসক্ত যুৱকৰ (ETV Bharat Assam)

গুৱাহাটী, ১৯ আগষ্ট : গুৱাহাটী মহানগৰীত নিশাৰ ভাগত সাধাৰণ লোকৰ চলাচল যে বিপজ্জনক সেইটো বিভিন্ন সময়ত বিভিন্ন ঘটনাই প্ৰমাণ কৰি আহিছে । বিশেষকৈ এচাম নিচাসক্তই মাজনিশা গুৱাহাটীৰ ৰাজপথত চলাই অহা তাণ্ডৱ ভদ্ৰ সমাজৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে । তাৰেই এক শেহতীয়া উদাহৰণ হৈছে নুনমাটিত এগৰাকী লোকৰ ওপৰত নিচাসক্ত যুৱকৰ দলে চলোৱা তাণ্ডৱৰ ঘটনা ।

আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পিচতো ৰাজধানী গুৱাহাটী মহানগৰীত যেন সুৰক্ষিত নহয় পুৰুষ-মহিলা । স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটীৰ ভিন্ন প্ৰান্তত সংঘটিত হ'ব ধৰিছে বিভিন্ন চুৰি-ডকাইতিৰ ঘটনা । তাৰ উপৰি পথাচাৰীৰ পৰা চেইন, বেগ, মোবাইল আদিও চুৰিৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ।

এনে ঘটনা প্ৰবাহৰ মাজতে দেওবাৰে নিশা নুনমাটি থানাৰ অন্তৰ্গত আনন্দ নগৰত সংঘটিত হয় এক ডকাইতিৰ ঘটনা । এদল উদণ্ড সুৰাপায়ী যুৱকে ৰাজপথেৰে গৈ থকা এজন যুৱকক অতৰ্কিতে বাট আগচি ধৰি ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ অলংকাৰসহ নগদ ১৭ হেজাৰ টকা ।

দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাতুল বৰ্মন নামৰ যুৱকজনে নুনমাটি থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে তিনিজন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । আটকাধীন যুৱককেইজন মৃণ্ময় গোস্বামী, বিকি পাঠক আৰু পল্লৱ মজুমদাৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, ভৱানীপুৰ সমষ্টিৰ বিজেপি বিধায়ক ফণী তালুকদাৰৰ ব্যক্তিগত সহায়ক তথা নুনমাটিৰ ২নং মাধৱপুৰৰ বাসিন্দা ৰাতুল বৰ্মনে শ্বিলঙৰ পৰা নিজৰ ঘৰলৈ আহি থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো । ঘটনাৰ বিৱৰণী দি ভুক্তভোগী ৰাতুল বৰ্মনে কয়, "শ্বিলঙৰ পৰা আহি গাড়ীখন থৈ স্কুটীখনেৰে আহি নুনমাটিৰ আনন্দ নগৰৰ ঘৰত উপস্থিত হোৱাৰ সময়তে বিকি পাঠক নামৰ এজন যুৱকৰ নেতৃত্বত সাতজনীয় সুৰপায়ী যুৱকৰ দল এটাই বাট আগচি ধৰে । তাৰ পিছত মূৰ আৰু ডিঙিত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ।"

ইফালে অস্ত্ৰৰ আঘাতত হিতাহিত জ্ঞান হেৰুৱাই পথতে বাগৰি পৰা ৰাতুল বৰ্মনে পৰৱৰ্তী ঘটনাৰ বিৱৰণী দি কয়, "সেই সময়তে উদণ্ড যুৱকৰ দলটোৱে মোৰ মনিবেগত থকা সকলো ধন আৰু ডিঙিত পিন্ধি থকা সোণৰ চেইনডাল কাঢ়ি লৈ পলায়ন কৰে ।"

অৱশ্যে পিছত স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত ৰাতুল বর্মনক নুনমাটি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰায় । ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নুনমাটি থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে তিনিজন যুৱকক আটক কৰিছে যদিও অভিযুক্ত আনকেইজন যুৱক বৰ্তমানেও পলাতক হৈ আছে । ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar
লগতে পঢ়ক :প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.