যোৰহাট, 14 জুলাই : সুৰাই কাল হ’ল এখন সংসাৰৰ বাবে ৷ সুৰাৰ বাবেই যে এনে ঘটনা সংঘটিত হ’ব পাৰে, সেয়া হয়তো কোনেও কল্পনায়ে কৰা নাছিল ৷ কালিলৈকে হাঁহি-মাতি স্ফূৰ্তি কৰি থকা ঘৰখনত এতিয়া কেৱল শুনা গৈছে কান্দোনৰ ৰোল ৷
হত্যা... মঞ্জু কৰ্মীক হত্যা কৰা হ’ল ! কোনে ? মানুহৰ মুখে মুখে এটাই কথা- মঞ্জুক হত্যা কৰিলে বলুয়ে ! ইফালে সংজ্ঞাহীন হৈ পৰিছে মঞ্জুৰ একমাত্ৰ জীয়ৰীজনী ৷ কিয়নো জীয়ৰীৰ সন্মুখতে হত্যা কৰা হ’ল মাকক ৷
আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে যোৰহাট পুলিবৰ আৰক্ষী থানা অন্তৰ্গত পশ্চিম যোৰহাটৰ সৰুচৰাইত ৷ ঘটনা বিৱৰণি অনুসৰি, প্ৰায়ে কামৰ পৰা সুৰামত্ত হৈ ঘৰলৈ আহে বলু কুৰ্মী (45)৷ যাৰ বাবে বলুৰ ঘৰত কাজিয়াৰ সূত্ৰপাত হয় ৷ অইন দিনাৰ দৰে আজি (দেওবাৰ) পুৱাই সুৰাত মাতাল হৈ ঘৰলৈ আহিছিল বলু ৷ সেয়ে বলু আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷
লগতে পঢ়ক : মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati
আনকি এই কাজিয়াই এটা সময়ত চৰম সীমা অতিক্ৰম কৰে ৷ ফলত সুৰাসক্ত বলু কুৰ্মীয়ে হিতাহিত জ্ঞান হেৰুৱাই শোৱাপাটিতে পত্নী মঞ্জু কুৰ্মী(40)ক অতি নৃশংসভাৱে ডিঙি চেপি হত্যা কৰে ৷ অভিযুক্ত বলুয়ে মঞ্জুক হত্যা কৰাৰ সময়ত ঘৰতে আছিল তেওঁলোকৰ জীয়ৰী ৷
জীয়ৰীৰ সন্মুখতে পিতৃয়ে হত্যা কৰে মাতৃক ! পৰৱৰ্তী সময়ত ছোৱালীজনীয়ে চিঞয়-বাখৰ কৰাত স্থানীয় ৰাইজ উক্ত স্থানত উপস্থিত হৈ ঘটনাটো দেখি আচম্বিত হৈ পৰে ৷ তাৰ পাচতে স্থানীয় ৰাইজে অভিযুক্ত বলু কুৰ্মীক ধৰি উত্তম-মধ্যম সোধাই গছত বান্ধি থয় আৰু আৰক্ষীক খবৰ দিয়ে ৷
খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত পুলিবৰ আৰক্ষী থানাৰ লোক উপস্থিত হৈ উত্তেজিত ৰাইজ কবলৰ পৰা বলু কুৰ্মী কৰায়ত্ত কৰে ৷ জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত বলুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । তথ্য মতে, অভিযুক্ত বলু কুৰ্মীৰ প্ৰকৃত ঘৰ দেৰগাঁৱৰ বালিজানত ৷ এই নৃশংস হত্যাকাণ্ডৰ ঘটনাই সৰুচৰাই অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
লগতে পঢ়ক : মঠঘৰীয়াৰ বড়ো চকৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ - Mysterious Murder Case