ETV Bharat / state

গোলাঘাটত ড্ৰাগছ আসক্ত পুত্ৰই ঘপিয়াই হত্যা কৰিলে পিতৃক

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:51 PM IST

Drugs addicted youth terror in Assam: গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড । কনিষ্ঠ পুত্ৰ‌ই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক । হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ পুতি থলে বিচনাৰ তলত ।

Drugs addicted youth terror
গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড

গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড

গোলাঘাট, ১২ মাৰ্চ: গোলাঘাট জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত দ্ৰব্যৰ সামগ্ৰীৰ সহবৰাহ । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত এতিয়াও বিভিন্ন পন্থা অৱলম্বন কৰি এচাম লোকে চলাই আহিছে ড্ৰাগছৰ বেহা । এই ড্ৰাগছ ব্যৱসায়ীৰ কৱলত পৰি যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত পৰি নিজৰ জীৱন আৰু পৰিয়াললৈ নমাই আনিছে কাল অমানিশা । তেনে এক ঘটনা সংঘটিত হৈছে গোলাঘাটত । গোলাঘাটৰ জ্যোতি নগৰত কালি সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ড্ৰাগছ আসক্ত পুত্ৰই পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

হত্যাকাণ্ডটো সংঘটিত কৰি বিচনাৰ তলত পুতি থয় পিতৃ বুবুল বৰাক । উক্ত হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত পুত্ৰ পিকু বৰা পলায়ন কৰিছিল যদিও বৰ্তমান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক । ইয়াৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষী আৰু দণ্ডাধীশ । ড্ৰাগছ সেৱন কৰি কিছুদিনৰ পূৰ্বে জেলৰ পৰা ওলাই আহিছিল যুৱকজন ৷ মাতৃয়ে এই সন্দৰ্ভত উল্লেখ কৰা মতে, সোমবাৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানলৈ ওলাই গৈছিল মাতৃ । তাৰ পাচতে কনিষ্ঠ পুত্ৰ পিকু বৰাৰ সৈতে পিতৃৰ বাকযুদ্ধ হোৱাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকশ কৰিছে মাতৃয়ে ।

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাৰ পৰা মাতৃয়ে ঘৰলৈ যোৱাৰ পাচত পুত্ৰৰ হাতত এখন দা প্ৰত্যক্ষ কৰে মাতৃয়ে । পুত্ৰই ভিতৰত সোমাবলৈ বাধা প্ৰদান কৰে । তাৰ পাচতে ডাঙৰ ভাতৃলৈ দা লৈ চোঁচা লয় হত্যাকাৰী পিকুয়ে ।

গোলাঘাট নগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰবৰ্তী সময়ত আৰু বহু পৰিয়াল যে ধ্বংস হ'ব সেই কথা নুই কৰিব নোৱাৰি । ইতিমধ্যে এই মাৰাত্মক ড্ৰাগছ সেৱন কৰি এজন আৰক্ষী জোৱান আৰু এজন যুৱক মৃত্যুমুখত পৰিছে ।

লগতে পঢ়ক:মাকুমত মাত্ৰ ১০ টকাৰ বাবেই সংঘটিত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.