ETV Bharat / state

৪৮ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ মহিলাক আটক - Anti Drug Mission

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 8:31 AM IST

DRUG PEDDLER DETAINED : লখিমপুৰ জিলাত অব্যাহত বৰবিহ স্বৰূপ ড্ৰাগছ ক’লা বেহা । আৰক্ষীৰ ৰঙা চকু, সঘন অভিযানকো কেৰেপ নকৰি একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা । বুধবাৰে নিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বুজন পৰিমাণৰ ড্ৰাগছ ৷ লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ীৰ পত্নীক ৷

DRUG PEDDLER DETAINED
লখিমপুৰত বৰবিহৰ বেহা (ETV Bharat Assam)

লখিমপুৰ, ১২ জুলাই : কেৱল নকল সোণ, জালনোট আদিৰ বাবেই নহয়, মাৰাত্মক বৰবিহ স্বৰূপ ড্ৰাগছৰো ৰম্যভূমিত পৰিণত হৈছে লখিমপুৰ জিলা । আৰক্ষীয়ে এনে বেহাৰ বিৰুদ্ধে শক্তিশালী ৰূপত বহু অভিযান চলাইছে ৷ আনকি আৰক্ষীয়ে এই ক্ষেত্ৰত বহু সফলতাও লাভ কৰিছে ৷ তথাপিও মাৰ যোৱা নাই এই অবৈধ বেহাবোৰ । কিন্তু আৰক্ষীৰ কঠোৰ স্থিতি আৰু ৰঙা চকুকো কেৰেপ নকৰি একাংশই চলাই গৈছে এই বৰবিহৰ বেহা ।

ইয়াৰ মাজতে বুধবাৰে নিশা লখিমপুৰ জিলাৰ হাৰমতীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । বিৱৰণি অনুসৰি, গোপন সূত্ৰৰ পৰা এক বিশেষ তথ্য লাভ কৰিছিল হাৰমতী আৰক্ষীয়ে ৷ সেই তথ্যৰ আলমতে বুধবাৰে বিয়লি ভাগত লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক সুনন্দ ডেকাৰ নেতৃত্বত আৰু লালুক আৰক্ষী থানাৰ চক্ৰ বিষয়াসহ আৰক্ষীৰ সহযোগত চলোৱা হয় এক অভিযান ।

লগতে পঢ়ক : আৰক্ষী থানাৰ সমীপতে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : তিনিটা সৰবৰাহকাৰী আটক - Anti Drug Mission

তাৰ পাচত আৰক্ষীৰ দলটোৱে ড্ৰাগছ ব্যৱসায়ী জিতেন বিশ্বাসৰ ২ নং পাৰ্ব্বতীপুৰস্থিত বাসগৃহত অভিযান চলায় ৷ এই অভিযানৰ অন্তত আৰক্ষীয়ে ড্ৰাগছ আৰু নগদ ধনসহ ড্ৰাগছ ব্যৱসায়ী জিতেন বিশ্বাসৰ পত্নীক আটক কৰে ৷ জানিব পৰা মতে, আৰক্ষীৰ এই অভিযান কালত জিতেন বিশ্বাস ঘৰত নাছিল ৷ অৱশ্যে এই অভিযানৰ সময়ত আৰক্ষীয়ে ছটা চাবোনৰ বাকচত ভৰাই থোৱা ৪৮ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ আৰু নগদ ৪৮ হাজাৰ ৮ শ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : গোলাঘাটত প্ৰায় ১৯ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ - Seized drugs burnt in Golaghat

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, বহু বছৰৰ পৰা জিতেন বিশ্বাসে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ উঠি অহা ল’ৰা-ছোৱালীৰ লগতে বিদ্যালয়ৰ ছাত্ৰকো বিপথে পৰিচালিত কৰি আহিছে ৷ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰতো বহুবাৰ আৰক্ষীৰ কবলত পৰি জেলৰ ভাত খাইছিল অভিযুক্ত জিতেন বিশ্বাসে ।

কিন্তু ৰহস্যজনকভাৱে কম দিনৰ ভিতৰতে কাৰামুক্ত হৈ বাৰম্বাৰ এই ক’লা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে জিতেন বিশ্বাস । এইবাৰ আৰক্ষীয়ে জিতেন বিশ্বাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : সৰবৰাহকাৰীসহ কৰিমগঞ্জৰ কান্দিগ্ৰামত 4 কোটি টকাৰ য়াৱা টেবলেট জব্দ - Yaba Tablets Seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.