ETV Bharat / state

ধনৰ খঁক ! দুৰ্নীতি নিবাৰক শাখাৰ জালত শিশু উন্নয়ন প্ৰকল্প বিষয়া - Govt officer arrested

Drive against corruption: মাকুমৰ হাপজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত দুৰ্নীতি নিৰ্বাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ অভিযান ৷ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া অনুপমা গোঁহাইক উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ ৷ একে ঘটনাত জড়িতৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ অংগনৱাড়ী কৰ্মী জিনামণি চুতীয়াক ৷

Govt officer arrested
Drive against corruption (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:42 PM IST

তিনিচুকীয়া, ২৪ জুন: চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীক আটক কৰি আহিছে যদিও এতিয়াও গা লৰা নাই একাংশ ঘোচখোৰ কৰ্মচাৰীৰ ৷ চৰকাৰৰ নিৰ্দেশকো আওকাণ কৰি দুৰ্নীতিত নিমজ্জিত হৈয়েই আছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ চৰকাৰী ধনেৰে পেট নভৰা এইসকল কৰ্মচাৰীয়ে নিজৰ বিবেককো বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে কেইটামান ধনৰ বাবে ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে তিনিচুকীয়াৰ এগৰাকী চৰকাৰী বিষয়া ৷

ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ মাকুম হাপজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত সোমবাৰে বিয়লি দুৰ্নীতি নিৰ্বাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলায় ৷ হাপজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া অনুপমা গোহাঁয়ে উৎকোচ লোৱাৰ অভিযোগ লাভ কৰিছিল দলটোৱে ৷ এই অভিযোগৰ ভিত্তিত অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোঁহাইক ।

লগতে পঢ়ক: ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সামাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী - DFO Arrested for taking bribe

অভিযোগ অনুসৰি, তিনিচুকীয়া জিলাৰ মাকুমস্থিত কাৰ্যালয়ত অংগনৱাড়ী কেন্দ্ৰৰ ঘৰৰ ভাৰা মুকলি কৰাৰ বাবে এগৰাকী অংগনৱাড়ী কৰ্মীৰ পৰা ৭,০০০ টকা উৎকোচ লৈছিল অনুপমা গোঁহায়ে । অনুপমা গোহাঁইৰ কাৰ্যালয়ত দুৰ্নীতি নিৰ্বাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলোৱাৰ সমান্তৰালকৈ বিষয়াগৰাকীৰ বাহন আৰু চাবুৱাস্থিত বাসগৃহতো দলটোৱে তন্নতন্নকৈ তালাচী চলায় ৷

ইয়াৰ সমান্তৰালভাৱে, উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত একেসময়তে অংগনৱাড়ী কৰ্মী জিনামণি চুতীয়াকো গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিৰ্বাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে ৷ জিনামণি চুতীয়াক দলটোৱে গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিচুকীয়াস্থিত চুতীয়াৰ বাসগৃহটো এটা দলে তন্নতন্নকৈ তালাচী চলাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: আয়ুষ্মান-কায়কল্পৰ পুৰস্কাৰৰ ধন উদৰস্থ কৰি গ্ৰেপ্তাৰ চিকিৎসালয়ৰ গাণনিক - Accountant arrested in Mangaldoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.