ETV Bharat / state

আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে - Hiren Gohain slams BJP

CAA in Assam : বিজেপিক উৎখাত কৰিলেই বাতিল হ'ব কা, গতিকে সেই কথা সকলোৱে বুজি পাব লাগিব ৷ এই মন্তব্য ড৹ হীৰেন গোঁহাইৰ ৷

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:15 PM IST

Dr. Hiren Gohain commented on  BJP implemented CAA in Assam
কা বাতিল কৰিবলৈ হ’লে বিজেপিক উৎখাত কৰিবলই লাগিব - ড৹ হীৰেণ গোহাঁই
আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে

গুৱাহাটী, ২৭ মাৰ্চ: "কা বাতিল কৰিবলৈ হ'লে বিজেপিক উৎখাত কৰিব লাগিব । বিজেপিক উৎখাত কৰিলেই বাতিল হ'ব কা ৷ গতিকে সেই কথা সকলোৱে বুজি পাব লাগিব ৷" এই মন্তব্য প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কা বিৰোধী জাতীয় মঞ্চৰ উদ্যোগত 'নাগৰিকত্ব (সংশোধনী) আইন ২০১৯' বাতিলৰ দাবীত আয়োজিত এক নাগৰিক সভাত অংশগ্ৰহণ কৰে ড৹ হীৰেন গোঁহাইয়ে ৷ গোঁহাইয়ে লগতে কয় , "এচামে এফালে 'কা' বিৰোধিতা কৰিব, আনফালে বিজেপিৰ লগতো থাকিব, এইটো কেনেধৰণৰ কথা । এচামে গান-নাচ, তৰ্জন গৰ্জন কৰি 'কা' আন্দোলনৰ উদ্যম নাইকিয়া কৰিলে । সেই সকলক সকলোৱে পৰৱৰ্তী সময়ত নেতা বনালে ৷"

লগতে জুবিন গাৰ্গে মঙলবাৰে "কা" সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিনৰ স্থিতি একেই আছে বুলি এক পোষ্ট কৰিছিল । তাৰ লগতে জুবিনে পোষ্টটোত আন্দোলন কৰিলে মানুহ মৰে বুলি উল্লেখ কৰিছিল ৷ এই সন্দৰ্ভত সোধা প্ৰশ্নত ড৹ হীৰেন গোঁহাইয়ে কয় যে, আন্দোলন কৰিলে মানুহ মৰে এইটো কেনেকুৱা কথা । ৫ জন শ্বহীদৰ মৃত্যুক চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে মৃত্যু হোৱা বুলি স্পষ্টতা প্ৰদান কৰিব পৰা নাই । আন্দোলন কৰি উভতি আহোঁতে ঘৰৰ সন্মুখত হত্যা কৰা হৈছিল । এই কথা জুবিনে চৰকাৰক কওক। বিজেপি চৰকাৰক উৎখাত কৰাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই বুলি মন্তব্য কৰে গোঁহায়ে ৷

এই নাগৰিক সভাত আলোচনা কৰা হয় যে আইন কাৰ্যকৰী হোৱাৰ পিচতো যিধৰণে আন্দোলন হ'ব লাগিছিল ৰাজ্যত সেয়া দেখা নগ'ল । আন্দোলন স্থবিৰ হোৱাৰ কাৰণ আৰু জাতিৰ মাজত দেখা দিয়া বিসংগতি সন্দৰ্ভত আলোচনা কৰা হয় নাগৰিক সভাত ।

লগতে পঢ়ক: ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে - Zubeen Garg on CAA Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.