ETV Bharat / state

থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হ'ব ড'মিচাইল নীতি : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

Assam govt Jobs : শুকুৰবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে থলুৱাৰ নিযুক্তি প্ৰসংগক লৈ কেতবোৰ মন্তব্য কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 6:22 PM IST

Assam govt Jobs
মুখ্যমন্ত্ৰীৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৬ জুলাই : চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিবলৈ শীঘ্ৰেই আহিব ড'মিচাইল নীতি (domicile policy)। আজি (শুকুৰবাৰ) এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত তিনি বছৰৰ পৰা অসমৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বাহিৰৰ পৰা চাকৰি কৰিবলৈ এজনো লোক অহা নাই । তথাপিও থলুৱাৰ নিযুক্তি প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন হয় । যাৰ বাবে ড'মিচাইল নীতি এটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা নিৰূপণৰ বাবে শীঘ্ৰে ড'মিচাইল নীতি কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইক্ষেত্ৰত অসমৰ বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰা হৈছে । থলুৱাৰ নিযুক্তিক লৈ থকা সকলো বাক-বিতণ্ডাৰ ওৰ পেলাবৰ বাবে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ড'মিচাইল নীতি এটা প্ৰস্তুত কৰা হ'ব । পৰৱৰ্তী সময়ত ইয়াক আৰু আগুৱাই লৈ যোৱা হ'ব । এইক্ষেত্ৰত এই মাহৰ ভিতৰতে সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : ঐতিহাসিক সিদ্ধান্ত : এ পি এছ চিৰ মূল পৰীক্ষাত অসমীয়াতো থাকিব প্ৰশ্নকাকত - APSC Main Exam

  • অসমীয়াত এ পি এছ চিৰ পৰীক্ষা :

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাৰ প্ৰয়োগ হোৱা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে এ পি এছ চিৰ প্ৰশ্নকাকত ইংৰাজীৰ লগতে অসমীয়াত কৰা হৈছে । পৰীক্ষাৰ্থীসকলে অসমীয়াতে উত্তৰ লিখিব পাৰিছে । এয়া আমাৰ বাবে মাইলৰ খুঁটি বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

  • অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগ :

অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাটো অসম চৰকাৰৰ লক্ষ্য । প্ৰধানমন্ত্ৰীৰে হোৱা সাক্ষাৎকালত এই বিষয়ে আলোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ভাৰতৰ পাঁচটা ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিয়া হৈছে । অসমীয়া ভাষাকো যাতে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিব পাৰি তাৰ বাবে প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে ।

লগতে পঢ়ক : উচ্চ শিক্ষাত সৰ্বভাৰতীয় পৰ্যায়তকৈ পিচ পৰি‌ আছে অসম : নীতি আয়োগৰ‌ সমীক্ষাত উন্মোচন এই তথ্য - Assam CM Press Meet

  • চৰকাৰী চাকৰিয়ালৰ পাৰস্পৰিক বুজাবুজিৰ বদলি সন্দৰ্ভত :

শিক্ষকসকলৰ ক্ষেত্ৰত থকা পাৰস্পৰিক বুজাবুজিৰ বদলিৰ প্ৰক্ৰিয়া অসম চৰকাৰৰ আন আন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই কথা সদৰী কৰে । পাৰস্পৰিক বুজাবুজিৰ বদলিৰ এই প্ৰক্ৰিয়াৰ মাজেৰে কৰ্মচাৰীসকলে নিজৰ গৃহ জিলালৈ যাব পাৰিব ।

বিগত বৰ্ষত আৰু চলিত বৰ্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৪০ হাজাৰ চাকৰিত নিযুক্তি দিয়া হৈছে । বদলিৰ এই প্ৰক্ৰিয়াৰ মাজেৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে নিজৰ পচন্দৰ ঠাইলৈ বদলি হৈ যাব পাৰিব । এই বিষয়টো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : অসমত দেশৰ তৃতীয়টো ডিফেন্স ক'ৰিডৰ : মুখ্যমন্ত্রীৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰৰ ইতিবাচক সঁহাৰি - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.