ETV Bharat / state

অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ - IMA calls for 24 hours strike

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 2:18 PM IST

Protest for rape victim justice: পশ্চিমবংগত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল সমগ্ৰ দেশ । কলকাতাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ তাৎক্ষণিক ন্যায় দাবী কৰি কৰ্মবিৰতিৰ আহ্বান জনাইছিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ৷ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনেৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধৰ্মঘট কাৰ্যসূচী পালন অসমৰ বিভিন্ন প্ৰান্ততো ।

IMA calls for 24 hours strike
চিকিৎসকৰ কৰ্মবিৰতি (ETV Bharat Assam)

নিউজ ডেস্ক, 17 আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ অব্যাহত দেশজুৰি প্ৰতিক্ৰিয়াৰ । ঘটনাৰ তাৎক্ষণিক ন্যায় দাবী কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আহ্বান জনাইছিল 24 ঘণ্টীয়া কৰ্মবিৰতিৰ ৷ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমতো শনিবাৰে চিকিৎসকসকলে পালন কৰিছে কৰ্মবিৰতি ৷

চিকিৎসকৰ কৰ্মবিৰতি (ETV Bharat Assam)

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু চিকিৎসকৰ মৃত্যুৰ ন্যায় দাবী কৰি তথা চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰা আৰু নাৰীক সুৰক্ষা প্ৰদান কৰাৰ দাবীৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰশিক্ষাৰ্থী চিকিৎসক, চিকিৎসা কৰ্মীসকলে OPD সেৱা বন্ধ ৰাখি হাস্পতাল চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

IMA calls for 24 hours strike
চিকিৎসকৰ কৰ্মবিৰতি (ETV Bharat Assam)

চিকিৎসকসকলে ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, "যেতিয়ালৈকে কলকাতাৰ চিকিৎসকগৰাকীক ন্যায় প্ৰদান কৰা নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব । আমাৰ মূল্যবান সময় এগৰাকী ৰোগীৰ শুশ্ৰুষাৰ বাবে সৰ্মপন কৰো, কিন্তু তাৰ বিনিময়ত আমি কি পাওঁ সেয়া এই ঘটনাই স্পষ্ট ৰূপত প্ৰমাণ কৰিছে ৷"

নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালতো কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে হাস্পতালখনৰ চিকিৎসকসকলে । মহিলা চিকিৎসকগৰাকীক যৌন উৎপীড়ন চলাই হত্যা কৰা দোষীক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ লগতে চিকিৎসক-চিকিৎসা কৰ্মীৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসকলে ।

IMA calls for 24 hours strike
চিকিৎসকৰ কৰ্মবিৰতি (ETV Bharat Assam)

প্ৰতিবাদী চিকিৎসকে ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, "চিকিৎসকগৰাকীৰ সৈতে যি ঘটিল সেয়া সঁচাকৈয়ে দুখজনক ৷ কিন্তু কেৱল চিকিৎসকে নহয় প্ৰতিদিনে এয়া ঘটি আহিছে ৷ তথাপিও কিন্তু এইধৰণৰ অপৰাধৰ মাত্ৰা হ্ৰাস হোৱা নাই ৷ কোনেও ন্যায় পাবলৈ সক্ষম হোৱা নাই ৷ যিকোনো ক্ষেত্ৰতে কৰ্মৰত যিকোনো নাৰী সুৰক্ষিত হৈ থকাটো অতি প্ৰয়োজনীয় ৷"

তিনিচুকীয়া

ইফালে ভাৰতীয় চিকিৎসক সংস্থাৰ নেতৃত্বত তিনিচুকীয়া জিলাখনৰ সকলো বিভাগৰ শতাধিক চিকিৎসকে আজি কৰ্মবিৰতি পালন কৰি এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদৰ জৰিয়তে ধৰ্ষণকাৰীক কৰায়ত্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে চিকিৎসকসকলে ৷

IMA calls for 24 hours strike
চিকিৎসকৰ কৰ্মবিৰতি (ETV Bharat Assam)

কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী বচাও, বেটী পঢ়াও’ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এগৰাকী চিকিৎসকে কয়, " বেটিয়ে পঢ়িলে হয়, কিন্তু বেটী নাবাচিল ৷ ইমান বৰ্বৰ কাণ্ড এটা সংঘটিত হৈ গ’ল আজি 7 দিন পাৰ হৈ যোৱাৰ পাচতো মাত্ৰ দুজন অভিযুক্তকহে আটক কৰা পৰিল ৷ আমাক এখন কঠোৰ আইন লাগে ৷"

"ইয়াৰোপৰি চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিবলৈও এখন আইনৰ প্ৰয়োজন ৷ কাৰণ বহুসময়ত কৰ্মস্থলীত আমি লাঠি-গুৰ, দুৰ্ব্যৱহাৰ আদিৰ সন্মুখীন হ’বলগীয়া হয় ৷ নিশা কৰ্মৰত মহিলা চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও কঠোৰ আইনৰ প্ৰয়োজন ৷ সমান্তৰালভাৱে আন্তঃগাঁথনি উন্নয়নৰো যথেষ্ট প্ৰয়োজন আছে ৷ আন্তঃগাঁথনি উন্নত হ’লে আজি কলকাতাৰ ঘটনাটো সংঘটিত নহ’লহেঁতেন " - চিকিৎসকগৰাকীয়ে পুনৰ কয় ৷

লগতে পঢ়ক: মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য - RG Kar Medical College rape case

আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ - RG Kar Rape Murder

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি : বিভিন্ন সংস্থাৰো সমৰ্থন - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.