গোলাঘাট, ১৮ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে চিকিৎসক নিগ্ৰহৰ ঘটনা । এইবাৰ পুনৰ মেৰাপানীত সংঘটিত হৈছে এই জঘন্য ঘটনা । মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ এজন চিকিৎসকক কৰ্তব্যৰত অৱস্থাত দুই যুৱকে মৰিয়াই আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে । বুধবাৰে নিশা কৰ্তব্যৰত অৱস্থাতে চিকিৎসকজনক নিগ্ৰহৰ ঘটনা সংঘটিত হয় ।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় ডাঃ মনিম আল মাছুদ আহমেদ । ঘটনা অনুসৰি, বুধবাৰে নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱকে মূৰত আঘাতপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহে । সেই সময়ত চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাঃ মনিম আল মাছুদ আহমেদ ।
পাপু নামৰ ৰোগীজনে আন এজন সতীৰ্থসহ চিকিৎসকজনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে যদিও কোনো ধৰণৰ টিকট সংগ্ৰহ নকৰাৰ বাবে ডাঃ আহমেদে ১নং কোঠাৰ পৰা টিকট এটা সংগ্ৰহ কৰি আনিবলৈ কয় । কিন্তু ইয়াৰ বিপৰীতে দুই যুৱকক চিকিৎসকজনে ১নং কোঠালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলিহে কয় ।
আনহাতে, সেই সময়ত টিকট প্ৰদান কৰা ব্যক্তিজন কিবা কাৰণত বাহিৰলৈ যোৱাৰ বাবে তেওঁক নাপাই খঙত অগ্নিশৰ্মা হৈ দুই যুৱকে কৰ্তব্যৰত চিকিৎসকজনকে গুৰুলা-গুৰুলকৈ মাৰপিট কৰাৰ লগতে তেওঁৰ হাতত থকা মোবাইল ফোনটো ভাঙি চূৰমাৰ কৰে । ঘটনা সন্দৰ্ভত চিকিৎসকজনে ততাতৈয়াকৈ মেৰাপানী আৰক্ষীক অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ নিশাতেই চিকিৎসকক প্ৰহাৰ কৰা পাপু শইকীয়াক আটক কৰে যদিও আনজন সতীৰ্থক বৰ্তমানেও কৰায়ত্ত কৰিব পৰা নাই ।
ইফালে এই ঘটনাক লৈ তীব্ৰ নিৰাপত্তাহীনতা ভুগিছে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মচাৰীসকল । তদুপৰি নিগ্ৰহৰ বলি হোৱা চিকিৎসক আহমেদে নিজাববীয়াকৈ মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক :উপযুক্ত খোড়াকী নাই ! সৰুপথাৰত নিৰ্বাচনত নিয়োজিত বাহনৰ কৰ্মচাৰীৰ ক্ষোভ - LS Polls 2024