ETV Bharat / state

প্ৰাকৃতিক দুৰ্যোগ আৰু তৃতীয় লিংগৰ ওপৰত মঙলদৈত সজাগতা সভা - Transgender Awareness Meeting - TRANSGENDER AWARENESS MEETING

Transgender Awareness Meeting : দুৰ্যোগৰ সময়ত কিন্নৰসকলেও সাৱধনতা অৱলম্বন কৰিব লাগিব । এই বিষয়ত মঙলবাৰে মঙলদৈ ইউথ ক্লাবত এক সজাগতা সভা অনুষ্ঠিত হয় । দৰং জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা এই সজাগতা সভাৰ আয়োজন কৰা হয় ।

Transgender Awareness Meeting
মঙলদৈত কিন্নৰৰ ওপৰত সজাগতা সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:32 PM IST

মঙলদৈ, ১১ জুন : মঙলবাৰে দৰং জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কিন্নৰ বা তৃতীয় লিংগৰ সদস্যসকলে গ্ৰহণ কৰিবলগা সাৱধানতা সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয় । মঙলদৈ ইউথ ক্লাবত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই সজাগতা সভাত জিলা দুৰ্যোগ প্ৰশমন বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কিন্নৰসকলে কেনেদৰে নিজকে ৰক্ষা কৰিব তাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আভাস প্ৰদান কৰা হয় ।

তৃতীয় লিংগৰ ওপৰত সজাগতা সভা (ETV Bharat Assam)

এই সজাগতা সভাত অনুষ্ঠিত হঠাৎ অহা দুৰ্যোগ যেনে ভূমিকম্প, বানপানী, ধুমুহা আদিৰ সময়ত তৃতীয় লিংগৰ লোকসকলে ল'বলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰা হয় । লগতে বিভিন্ন সময়ত একাংশ সাধাৰণ লোকেও কিন্নৰৰ ভাও ধৰি দুষ্কাৰ্য সংঘটিত কৰা সন্দৰ্ভতো সজাগ হ'বলৈ কিন্নৰসকলে আহ্বান জনায় ।

উল্লেখ্য যে কিন্নৰসকলক লৈ এনেধৰণৰ সজাগতা সভা ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু দুৰ্যোগ প্ৰশমন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত অনুষ্ঠিত হয় । এই সজাগতা সভাতে কিন্নৰসকলক স্বাৱলম্বী কৰিবৰ বাবে আত্মসহায়ক গোট গঠন কৰি সমাজ কল্যাণ বিভাগৰ দ্বাৰা বিভিন্ন চৰকাৰী সা-সুবিধা প্ৰদানৰো ব্যৱস্থা দৰং জিলা প্ৰশাসনে কৰা বুলিও উল্লেখ কৰে দৰং জিলাৰ আয়ুক্তই ।

তেওঁ লগতে কিন্নৰসকলৰ বাবে তৃতীয় লিংগ কাৰ্ড, ভোটাৰ, আধাৰ কাৰ্ডৰ সমস্যাৰ কথাও উল্লেখ কৰে । আনহাতে, এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনে লোৱা ভূমিকাক প্ৰশংসা কৰে কিন্নৰসকলে । এই সজাগতা সভাত দৰং জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দুৰ্যোগ প্ৰশমন সম্পৰ্কে বক্তব্য প্ৰদান কৰে ।

সভাখনত দৰং জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, অতিৰিক্ত উপায়ুক্ত গোপাল শৰ্মা, সমাজ কল্যাণ বিষয়া কুশেশ্বৰ বৰা, জিলা দুৰ্যোগ প্ৰশমন বিষয়া জগদীশ ভট্টাচাৰ্য আৰু অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ ৰিতুপৰ্ণা নেওগ উপস্থিত থাকি ভাষণ আগবঢ়ায় । তেওঁ কিন্নৰসকলৰ বৰ্তমান জীৱিকা আৰু স্বাস্থ্যৰ বহু সমস্যা থকাৰ কথাও উল্লেখ কৰে । লগতে অন্যান্য বিভাগৰ পৰাও এনে ধৰণৰ প্ৰদক্ষেপ আশা কৰে ।

লগতে পঢ়ক :চিকিৎসা সেৱাৰ নামত হ’ব পাৰে সৰ্বস্বান্ত : স্বাস্থ্য় সেৱা কাৰ্ড বনোৱাৰ নামত মাজুলীত সংগ্ৰহ লক্ষাধিক ধন - Fake health company in Majuli

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.