ETV Bharat / state

দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 7:24 PM IST

Allegation against DB stock consultancy : চৰ্চাত ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতি ৷ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল কৰা হৈছে গোচৰ ৷

Allegation against DB stock consultancy
চৰ্চাত ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতি (ETV Bharat)

গুৱাহাটী, ২২ আগষ্ট : "ডি বি ষ্টক ব্ৰকিং কনছালটেন্সীৰ জৰিয়তে গুৱাহাটীত মানুহক লুণ্ঠন কৰি পলাতক অৱস্থাত থকা দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে বৃহস্পতিবাৰে পাঁচজন ভুক্তভোগীলোকে পল্টন বজাৰ আৰক্ষী থানাত গোচৰ তৰিছে । ইতিমধ্যে দীপাংকৰ বৰ্মন আৰু তেওঁৰ প্ৰেয়সী মনালিছাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ।

এই এজাহাৰ দাখিল কৰে মমতা কলিতা, মহম্মদ ৱাছিম, মহেন্দ্ৰ পূৰ্বে, সিদ্ধাৰ্থ পূৰ্বে আৰু ৰুনা পূৰ্বেই । ৫ জনে মিলি দিছে এখন এজাহাৰ । টকা কিমান থৈছিল হিচাপ নাই এজাহাৰকাৰীৰ । এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে এতিয়া দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বুলি পল্টন বজাৰ আৰক্ষীয়ে জানিবলৈ দিছে ৷

  • বিত্তীয় প্ৰতিষ্ঠান খুলি লুণ্ঠন কৰাৰ অভিযোগ :

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক কনছালটেন্সী নামৰ এক বিত্তীয় প্ৰতিষ্ঠান খুলি সমগ্ৰ ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল । এই অভিযোগৰ পাচতেই দীপাংকৰ বৰ্মন পলাতক হৈ থাকে ।

উল্লেখ্য যে, সৰ্বসাধাৰণ নাগৰিকক তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ছয় মাহত ৫১ শতাংশ আৰু এবছৰত ১২০ শতাংশ লাভেৰে ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিল বিত্তীয় প্ৰতিষ্ঠানটোৱে । এই প্ৰলোভনত পৰি বহু লোকে ডি বি ষ্টক কনছালটেন্সীত ধন বিনিয়োগ কৰিছিল । গ্ৰাহকৰ ধন আত্মসাৎ কৰি এতিয়া বহিঃৰাজ্যত আত্মগোপন কৰিছে দীপাংকৰ বৰ্মনে ।

ইপিনে বিগত তিনিদিন ধৰি কাৰ্যালয়টো বন্ধ হৈ থকাত বিনিয়োগকাৰীসকলে ডি বি ষ্টক কনছালটেন্সীৰ মেনেজাৰ তথা দীপাংকৰৰ প্ৰেয়সীক হাৰাশাস্তি কৰাত মঙলবাৰে নিশা লতাশিল থানাত তেওঁ আত্মসমৰ্পণ কৰে । এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত বুধাবাৰে এই কথা সদৰী কৰে । তেওঁ আৰক্ষীক এই সন্দৰ্ভত গোচৰ দিলে তদন্ত আৰম্ভ কৰিব বুলি বুধবাৰে প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক : মহানগৰীৰ ডি বি ষ্টক কনছালটেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ - investment in stock market

  • এঞ্জেল ৱান নামৰ কোম্পানীটোৰ ৰাজহুৱাকৈ লিখিত স্পষ্টীকৰণ :

উল্লেখ্য যে, দীপাংকৰ বৰ্মনে এঞ্জেল ৱান নামৰ এপৰ জৰিয়তে ধন‌ বিনিয়োগ কৰিছিল বুলি চৰ্চা লাভ কৰাত এঞ্জেল ৱান নামৰ কোম্পানীটোৱে আজি ৰাজহুৱাকৈ লিখিত স্পষ্টীকৰণ দিছে । এঞ্জেল ৱান কৰ্তৃপক্ষই স্পষ্টীকৰণত কয়, "ডি বি ষ্টক ব্ৰকিং এঞ্জেল ৱানৰ স্বীকৃত প্ৰতিনিধি নহয় । এঞ্জেল ৱানত ডি বি ষ্টক ব্ৰকিঙৰ কোনো বিনিয়োগ নাই । দীপাংকৰ বৰ্মন ব্যক্তিগতভাৱেহে এঞ্জেল ৱানৰ সৈতে জড়িত । ২০১৯ চনৰ পৰা দীপাংকৰ বৰ্মন এঞ্জেল ৱানৰ সৈতে জড়িত হৈছিল । যোৱা ২১ আগষ্টত দীপাংকৰ বৰ্মনক বৰ্খাস্ত কৰাৰ লগতে ষ্টক এক্সচেঞ্জকো বিষয়টো জনোৱা হৈছে ।"

Allegation against DB stock consultancy
ডি বি ষ্টক ব্ৰকিঙৰ বিত্তীয় দুৰ্নীতি (ETV Bharat)

স্পষ্টীকৰণটোত আৰু কোৱা হয়, ‘‘২০১৯ চনত দীপাংকৰ বৰ্মনে এজন স্বীকৃত প্ৰতিনিধি হিচাপে এঞ্জেল ৱানৰ সৈতে জড়িত হৈছিল আৰু তেওঁৰ গ্ৰাহকৰ সংখ্যা ২৮০ জন । বিগত ১২ মাহত দীপাংকৰৰ ৪৪ জন গ্ৰাহক ট্ৰেড কৰিছে । যোৱা ১২ মাহত দীপাংকৰ আৰু গ্ৰাহকৰ ট্ৰেডৰ মূল্য ৮২,৭৭,৩৬৭ টকা ।

এঞ্জেল ৱানে প্ৰতি বছৰে স্বীকৃত প্ৰতিনিধিসকলৰ অডিট কৰে । সেই মৰ্মেই দীপাংকৰ বৰ্মনৰো অডিট কৰা হৈছিল । তাত তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ নেতিবাচক পৰ্যবেক্ষণ পোৱা হোৱা নাছিল ।"

এঞ্জেল ৱানে স্পষ্টীকৰণটোৰ শেষত কয়, ‘‘আমি কঠোৰভাৱে সকলো নীতি-নিয়ম পালন কৰো । দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আমি এক সামগ্ৰিক অনুসন্ধান আৰম্ভ কৰিছো আৰু আইন অনসৰি কঠোৰতম ব্যৱস্থা লোৱা হ'ব ।"

লগতে পঢ়ক : মহিলা চিকিৎসকক প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ সাংবাদিক - Journalist Arrested in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.