ETV Bharat / state

জিলা আয়ুক্তৰ বিৰুদ্ধে অভব্য আচৰণৰ গুৰুতৰ অভিযোগ এন ডি আৰ এফৰ - Dima Hasao DC

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 9:09 PM IST

District Commissioner Dima Hasao : জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ ৷ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচ পি এচ কাণ্ডাৰীয়ে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে ৷

DISTRICT COMMISSIONER DIMA HASAO
জিলা আয়ুক্তৰ বিৰুদ্ধে অভব্য আচৰণৰ গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)

হাফলং, 4 জুলাই : ডিমা হাছাওৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ এন ডি আৰ এফ (NDRF)ৰ ৷ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচ পি এচ কাণ্ডাৰীয়ে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীক এই সন্দৰ্ভত লিখিত অভিযোগ কৰিছে ৷ অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে, ডিমা হাছাও জিলা প্ৰশাসনৰ অনুৰোধত যোৱা 30 মে’ত 25 জনীয়া এটা এন ডি আৰ এফৰ উদ্ধাৰকাৰী দল ডিমা হাছাওলৈ প্ৰেৰণ কৰা হৈছিল ৷ ডিমা হাছাওত উপস্থিত হোৱাৰ পিচত এন ডি আৰ এফৰ দলটোৰ বাবে থকা-খোৱাৰ ব্যৱস্থা কৰা নাছিল জিলা প্ৰশাসনে ৷ অৱশেষত এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলটোৰ অনুৰোধ মৰ্মে হাফলঙৰ 32 নম্বৰ অসম ৰাইফলছৰ কেম্পত এটা সৰু কোঠাত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছিল ৷

DISTRICT COMMISSIONER DIMA HASAO
জিলা আয়ুক্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)

অভিযোগ অনুসৰি 6 জুনত এই এন ডি আৰ এফৰ 25 জনীয়া দলটোক জাতিংগালৈ যোৱা হৈছিল, য’ত তেওঁলোকে বাহৰ পাতিছিল আৰু উদ্ধাৰ অভিযান চলাইছিল ৷ কিন্তু পূৰ্বৰ পৰাই জাতিংগাত দুটা কক্ষত অসম আৰক্ষী জোৱানক ৰখা হৈছিল ৷ যাৰ বাবে সীমিত সুবিধাৰে এন ডি আৰ এফৰ দলটোক ৰখা হৈছিল বুলি পত্ৰত উল্লেখ কৰা হৈছে ৷ এন ডি আৰ এফৰ ইন্সপেক্টৰ গৌতম দাসৰ অনুৰোধত এ ডি এম সূৰ্য শৰ্মা আৰু ডি পি অ’ ৰিকী ফুকনে জাতিংগালৈ গৈ এই সমস্যা সমাধানৰ চেষ্টা কৰে যদিও সেয়া পৰ্যাপ্ত নাছিল বুলি অভিযোগ কৰা হৈছে ৷

পত্ৰত উল্লেখ কৰা অনুসৰি ইয়াৰ পিচতে 6 জুনৰ সন্ধিয়া ডিমা হাছাও জিলাৰ জিলা আয়ুক্তক টেলিফোন কৰি এন ডি আৰ এফৰ ডেপুটি কমানণ্ডেণ্ট নিপেন্দ্ৰ কুমাৰ তিৱাৰীৰ নেতৃত্বত যোৱা এন ডি আৰ এফৰ 25 জনীয়া দলটোৰ থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ অনুৰোধ কৰে ৷ কিন্তু জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে অভব্য আচৰণ কৰাৰ উপৰিও অসাংবিধানিক বাক্য প্ৰয়োগ কৰে বুলি পত্ৰত উল্লেখ কৰিছে এন ডি আৰ এফৰ প্ৰথম কমানণ্ডেণ্ট এইচ পি এচ কাণ্ডাৰীয়ে ৷ তেওঁ এজন জিলা আয়ুক্তৰ এনে আচৰণ দুৰ্ভাগ্যজনক আৰু ভৱিষ্যতে ইণ্টাৰ এজেন্সি এন ডি আৰ এফ আৰু জিলা প্ৰশাসনৰ মাজতে এনে আচৰণে সমন্বয় বিনষ্ট কৰিব বুলি পত্ৰত অভিযোগ কৰিছে ৷

লগতে পঢ়ক : বানাক্ৰান্তক অপমান কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও - Protest MLA Bhaskar Sharma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.