ETV Bharat / state

চুমী-তাৰ্কিক জেলত, বিশালক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে - Online trading scam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Bishal Pukan in Police custody: অনলাইন ট্ৰেডিঙৰ নামত জালিয়াতিৰে কোটিপতি হোৱা বিশাল ফুকনক পুনৰ ৪ দিনৰ বাবে নিজৰ জিম্মাত ল'লে ডিব্ৰুগড় আৰক্ষীয়ে ৷ প্ৰয়োজনত চুমী বৰাকো পুনৰ জিম্মাত ল’ব পাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷

ONLINE TRADING SCAM
Bishal Pukan in Police custody (ETV Bharat)

ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে অধিক তৎপৰতাৰে আগবঢ়াইছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত । কিয়নো ডিব্ৰুগড়ৰ ২২ বছৰীয়া বিশাল ফুকনে অনলাইন ট্ৰেডিং কৰি কোটি কোটি টকাৰ গৰাকী হোৱা ঘটনাই ৰাজ্য জোকাৰি গৈছে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধীনস্থ গৃহ দপ্তৰৰ অন্তৰ্গত আৰক্ষী বিভাগৰ ওপৰতো বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে । অসম আৰক্ষীয়ে বা আৰক্ষীৰ চোৰাংচোৱা বিভাগে কিয় বিষয়টো আগতে গম নাপালে বুলি বহুজনে সামাজিক মাধ্যমতেই হওক বা সংবাদ মাধ্যমতেই হওক সমালোচনা কৰা দেখা গৈছে ৷

এই প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতেই ঘটনাৰ উপযুক্ত তদন্তৰ বাবে নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিশাল ফুকনক । প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশালক ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ পুনৰ প্ৰেৰণ কৰিছে আদালতে । বিশালক ৭ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে ।

বিশালক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে (ETV Bharat)

বৃহস্পতিবাৰৰ শুনানিৰ পিছতে আজি ৰায়দান জিলা আৰু সত্ৰ ন্যায়ালয়ৰ । উল্লেখ্য যে, বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ দাখিল কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । যোৱা ৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বিশাল ফুকনক ।

কিয় বিশাল ফুকনক নিজৰ জিম্মাত ল'লে আৰক্ষীয়ে:

বিশাল ফুকনক যোৱা ২ ছেপ্টেম্বৰত আটক কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ ৭ ছেপ্টেম্বৰত ন্যায়িক জিম্মাত দিছিল । ইয়াৰ পাছতে গ্ৰেপ্তাৰ হৈছিল । বিশালৰ সহযোগী হিচাপে চিহ্নিত হোৱা চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ লগতে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষীৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । যিহেতু চুমী-তাৰ্কিক আৰু অম্লানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে বিশাল ফুকনক জেললৈ প্ৰেৰণ কৰিছিল সেয়ে চুমী-তাৰ্কিক আৰু অম্লানৰ পৰা লাভ কৰা তথ্যৰ সত্যতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত লৈছে বিশাল ফুকনক । প্ৰয়োজন হ'লে চুমী বৰাক পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'বলৈ আদালতত আবেদন কৰিব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Online Trading Scam

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান - Sumi Borah controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.