ETV Bharat / state

অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী ডিব্ৰুগড় পৌৰ নিগম - 2nd Municipal Corporation of Assam

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 11:00 PM IST

Dibrugarh Municipal Corporation: অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে আজিৰে পৰা কাৰ্যকৰী হ'ল ডিব্ৰুগড় পৌৰ নিগম । শুকুৰবাৰে মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদসকলে কৰিলে শপতগ্রহণ । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হয় ডিব্ৰুগড় পৌৰ নিগমৰ শপতগ্রহণ অনুষ্ঠান ।

Dibrugarh Municipal Corporation to function as the second Municipal Corporation of Assam
অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী ডিব্ৰুগড় পৌৰ নিগম (ETV Bharat Assam)

ডিব্ৰুগড়,২১ জুন: শুকুৰবাৰৰ পৰা অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী হ'ল ডিব্ৰুগড় পৌৰ নিগম । ইয়াৰ লগে লগে ডিব্ৰুগড়বাসীৰ বাবে আজি এক বিশেষ দিন হিচাপে বিবেচিত হ'ল । কিয়নো গুৱাহাটীৰ মহানগৰৰ পাচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে ।

উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ । ১৮৭৩ চনতে গঠিত অসমৰ প্ৰথমখন ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল ডিব্ৰুগড়ৰ ৰাইজে । দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ অন্তত শুকুৰবাৰে ডিব্ৰুগড় পৌৰসভা পৌৰনিগম হিচাপে কাৰ্যকৰী হৈ উঠিল । ২২ টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰ নিগম । শুকুৰবাৰে ডিব্ৰুগড় পৌৰসভাৰ পৰা পৌৰনিগমলৈ উন্নীত কৰণৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ।

১৮৭৩ চনতেই গঠন হোৱা ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাছত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুঠ ২২ গৰাকী পাৰিষদৰ সদস্যক লগত লৈ প্ৰথম গৰাকী মেয়ৰ হিচাপে শপত গ্ৰহণ কৰে ড৹ চৈকত পাত্ৰৰ লগতে উপ-মেয়ৰ হিচাপে শপত গ্ৰহণ কৰে উজ্জ্বল ফুকনে । উক্ত অনুষ্ঠানত নৱ-নিৰ্মিত ডিব্ৰুগড় পৌৰ নিগমৰ ভৱনটোও মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ডিব্ৰুগড় জিলা আয়ুক্তই নৱ গঠিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদ সকলক শপত বাক্য পাঠ কৰোৱায় । এই শপতগ্ৰহণ অনুষ্ঠানত ডিব্ৰুগড়ৰ ৰাইজৰ লগতে উপস্থিত থাকে ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়া, বিধায়ক প্রশান্ত ফুকন, ৰাজ্যৰ পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক টংকেশ্বৰ দাস , ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্রম কৈৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ।

এই অনুষ্ঠানত অংশ লৈ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পূৰ্বৰ ঐতিহ্যক ঘুৰাই আনিবৰ বাবে পৌৰ নিগমৰ সদস্যসকলক নতুন উদ্যমেৰে কৰ্মসেৱা আগবঢ়াব লাগিব বুলি নিজৰ ভাষণৰ জড়িয়তে আহ্বান জনায় । লগতে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, "বহু বছৰৰ অপেক্ষাৰ অন্তত ডিব্ৰুগড়ৰ ৰাইজক অসম চৰকাৰে বিশেষ মৰ্যদা প্ৰদান কৰিলে । এই অনুষ্ঠানে ডিব্ৰুগড়ৰ প্ৰতিজন ৰাইজৰ মন আনন্দিত কৰিছে । পৌৰ নিগম কাৰ্যকৰী হোৱা পাচতেই ডিব্ৰুগড় চহৰ এখন আদৰ্শ চহৰ হিচাপে গঢ় লৈ উঠিব ।" এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সহযোগিতা কৰাৰো আশ্বাস প্ৰদান কৰে সৰ্বানন্দ সোণোৱালে ।

ইংৰাজৰ দিনতে গঠন হোৱা ডিব্ৰুগড় পৌৰসভা আজি পৌৰ নিগম হোৱাৰ পাচত ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথম জন মেয়ৰ হিচাপে শপত গ্ৰহণ কৰি ড৹ চৈকত পাত্ৰই কয়, "ডিব্ৰুগড়ৰ ৰাইজক লৈ ডিব্ৰুগড় পৌৰ নিগম আগুৱাই নিয়া হ'ব । সকলো ধৰণৰ সুবিধা লাভ কৰিব ডিব্ৰুগড়ৰ ৰাইজে । কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ ভিতৰত এখন আগশাৰীৰ চহৰ হিচাপ ডিব্ৰুগড়ক গঢ় দিবলৈ চেষ্টা কৰা হ'ব ।" ডিব্ৰুগড়ৰ চহৰৰ দীৰ্ঘদিনীয়া সমস্যা যেনে যানজঁট আৰু কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে পৌৰ নিগমে গুৰুত্ব দিব বুলি কয় মেয়ৰ হিচাপে শপত গ্ৰহণ কৰা ড৹ চৈকত পাত্ৰই ।

লগতে পঢ়ক: তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Union Minister Sarbananda Sonowal

তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - International Yoga Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.