ETV Bharat / state

সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা : তথাপিও সুনীল গগৈৰ নাই কোনো শুংসূত্ৰ - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:46 PM IST

Investigation of Dhakuakhana brutal murder: আজিও সন্ধান নাই সুনীল গগৈ আৰু জাহাংগীৰৰ ছিন্ন মুণ্ডৰ ৷ আৰক্ষীয়ে সুনীল গগৈৰ পত্নী-পুত্ৰক জেৰা চলাই আছে যদিও তদন্তই যেন কোনো ধৰণৰ গতিয়েই লোৱা নাই ৷

DHAKUAKHANA MURDER CASE
Investigation of Dhakuakhana brutal murder (ETV Bharat Assam)

লখিমপুৰ, ২৬ জুন: ঢকুৱাখনাৰ লোমহর্ষক হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰেও লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলিল সুনীল গগৈৰ পত্নী আৰু পুত্রৰ । মঙলবাৰে নিশা পৰ্যন্ত তেওঁলোকক জেৰা কৰাৰ পাচত যাবলৈ দিয়ে যদিও বুধবাৰে পুৱাই পুনৰ দুয়োকে হাজিৰ কৰি সন্ধিয়া পৰ্যন্ত আৰক্ষী, এছআইটি আদিয়ে জেৰা চলায় ৷

সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা (ETV Bharat Assam)

লগতে পঢ়ক: সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ - Dhakuakhana Murder case

প্ৰথমাৱস্থাত অগ্নিদগ্ধ মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ বুলি ভবা হৈছিল যদিও ডিএনএ পৰীক্ষাৰ পিচত এই ঘটনাই নতুন মোৰ লয় ৷ আচলতে সেই মৃতদেহটো আছিল সুনীল গগৈৰ ঘৰতে থাকি জলজীৱন অভিযানৰ কাম কৰা ধুবুৰীৰ জাহাংগীৰ নামৰ এজন যুৱকৰ ৷ তাৰ পিচতেই বহু কেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহে ৷ সুনীল গগৈক এই হত্যাকাণ্ডৰ মূল পলাতক আচামী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

উল্লেখ যে যোৱা এক জুনৰ নিশা ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত সংঘটিত ৰহস্যজনক হত্যাকাণ্ডটোৰ বুধবাৰৰে ২৬ দিন হ’ল । ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত পঞ্জীয়ন হোৱা গোচৰ মৰ্মে আৰক্ষীয়ে সুনীলৰ পত্নী, পুত্র আৰু ভতিজাকক জেৰা কৰাৰ পাচত মঙলবাৰৰ পৰা তেওঁলোকক জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে ।

লগতে পঢ়ক: ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ড : জানাজা নহ'ব জাহাংগীৰৰ - Dhakuakhana Murder case

সুনীলৰ পত্নী আৰু পুত্রক আৰক্ষীয়ে নিৰন্তৰ জেৰা কৰি থকাৰ বাহিৰে এই মুহূর্তত ঘটনাটো সন্দৰ্ভত আন একো বিশেষ তথ্য প্ৰকাশ হোৱা নাই । স্থানীয় লোকে সুনীল গগৈৰ পৰিয়ালক এনেদৰে হাৰাশাস্তি নকৰিবৰ বাবে আহ্বান জনাইছে । ইফালে বৰ্তমানেও কোনো সন্ধান ওলোৱা নাই সুনীল গগৈৰ ৷ ছিন্ন মুণ্ডটোৰো কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে ৷ কেতিয়াকৈ এই ৰহস্যঘন হত্যাকাণ্ডৰ আঁৰকাপোৰখন আঁতৰিব সেয়া বৰ্তমান এক উত্তৰ বিহীন প্ৰশ্ন হৈ ৰৈছে ৷

লগতে পঢ়ক: সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.