ETV Bharat / state

অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফা(স্বাঃ)ৰ দলে : জনালে জি পি সিঙে - Preparation for Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 5:18 PM IST

Updated : Aug 11, 2024, 11:06 PM IST

GP Singh on independence day preparation : ধেমাজি অথবা জৰ্জ ফিল্ডৰ ঘটনা মনত ৰাখি স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে অসম আৰক্ষী ৷ গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷ অসম-অৰুণাচল সীমান্তত আলফা(স্বাঃ)ৰ এটা দলে বাহৰ পতাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে ৷

DGP GP Singh
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাথো কেইদিনমান বাকী । স্বাধীনতা দিৱসৰ প্ৰাকমুহূর্তত কোনো যাতে কূটাঘাটমূলক ঘটনা সংঘটিত নহয়, তাৰ বাবে সষ্টম হৈছে অসম আৰক্ষী । দেওবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত সংবাদ মাধ্যমৰ আগত স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ম্যানমাৰৰ পৰা নামি আহিছে আলফাৰ এটা দল :

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘‘স্বাধীনতা দিৱসৰ বাবে এমাহ আগৰে পৰা ৰাজ্যৰ পেৰেড গ্ৰাউণ্ডত চৌপাশে পোহৰ, বেৰাৰ ব্যৱস্থা কৰাৰ লগতে নলা-নৰ্দমাবোৰত তন্ন-তন্নকৈ নিৰীক্ষণ কৰা হৈছে ৷ যিমানখিনি আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া কৰা হৈছে । মই ১০০ শতাংশ বিশ্বাসী যে পেৰেড গ্ৰাউণ্ডবোৰ সুৰক্ষিত । ১৫ আগষ্টৰ বাবে যি সুৰক্ষা ল’ব লাগে তাক আৰক্ষীৰ ফালৰ লোৱা হৈছে ৷ আমাৰ হাতত তথ্য আহি পৰিছে আলফাৰ এটা গ্ৰুপ অসম-অৰুণাচল সীমান্তত আছে । তাক ৰোধ কৰাৰ বাবে স্থানীয় আৰক্ষী, সেনা, চি আৰ পি এফ, আছাম ৰাইফলছক সজাগ কৰি দিছো ৷’’

ভাৰতীয় ভিছা থকা লোকেহে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিব পাৰিব :

বাংলাদেশত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ বিভিন্ন লোকে চেষ্টা কৰাৰ কথা চৰ্চা চলি থকাৰ সময়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে স্পষ্টভাৱে কয়, ‘‘ ভাৰতীয় ভিছা থকা লোকহে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিব পাৰিব ৷ চলিত মাহত কোনোলোকে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা নাই ৷ বিগত মাহত বিশেষকৈ অসমৰ ল’ৰা-ছোৱালী আৰু বাংলাদেশত ব্যৱসায় কৰা লোককে ধৰি মুঠ ৭৮ আহিছিল ৷ সীমান্ত সুৰক্ষা বাহিনীৰ লগত যোগাযোগ চলি আছে ৷ অসম বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া পেট্ৰলিং চলি আছে ৷ মই আশা কৰো যে সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে অসমত বাংলাদেশৰ পৰা কোনো লোকক প্ৰৱেশ কৰিব নিদিব ৷’’

নকল সোণৰ ব্যৱসায়ৰ লগত হাছিনাৰ সম্পৰ্ক কি ?

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘হাছিনা বেগমৰ দৰে বহু মহিলাই আৰক্ষী বিষয়াক প্ৰলোভনৰে বা ভাবুকিৰে দুৰ্নীতি কৰে । এনে মহিলাৰ প্ৰলোভনত আমি এগৰাকী আৰক্ষী বিষয়া হেৰুৱালো ৷ এনেকুৱা মানুহে মিডিয়াৰ স্পেছ লৈ প’পগেণ্ডা কৰে ৷ এনেকুৱা মানুহৰ পৰা আঁতৰি থাকিব লাগে ৷ কিবা কাৰণত কোনো আৰক্ষী বিষয়া দুৰ্নীতিৰফালে ঢাল খালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ৷’’

লগতে পঢ়ক: নিৰ্দোষী মানুহৰ জীৱন লোৱাটো উচিত নহয়: শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডি জি পিৰ আহ্বান

ৰাজধানী দিল্লীৰ স্বাধীনতা দিৱসৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অসমৰ 4 শিক্ষাৰ্থী

Last Updated : Aug 11, 2024, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.