ETV Bharat / state

গুৱাহাটীবাসীৰ সুৰক্ষাৰ বাবে সাজু আৰক্ষী সঞ্চালক প্ৰধান, সামাজিক মাধ্যমত পোষ্ট ৪২ খন আলোকচিত্ৰ - Anti CAA Protest

Security Beefed Up in Guwahati : গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অভেদ্য নিৰাপত্তা ব্যৱস্থা । যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী । ডিজিপিৰ অভয়বাণী - গুৱাহাটীবাসীক সুৰক্ষিত ৰাখিবলৈ অসম আৰক্ষীয়ে সকলো পৰিস্থিতিত আইন-শৃংখলা আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

Security Beefed Up in guwahati
পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কামাণ্ডো বাহিনী
author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 1:45 PM IST

গুৱাহাটী, ১ মাৰ্চ : হঠাতে গুৱাহাটী মহানগৰীত আৰক্ষী আৰু কামাণ্ডো বাহিনীৰ সমৰসজ্জা । চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী । যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু । কিন্তু আপাত দৃষ্টিত বৰ্তমান সময়ত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । তেনেহ'লে হঠাতে গুৱাহাটী মহানগৰীৰ চৌদিশে কিয় এনেদৰে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

Security Beefed Up in guwahati
গুৱাহাটী মহানগৰীত আৰক্ষী আৰু কামাণ্ডো বাহিনীৰ সমৰসজ্জা

স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা হৈছে যদিও ইয়াৰ উত্তৰ হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' । লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' বলৱৎ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । সমান্তৰালকৈ 'কা' বিৰোধিতাৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ বাবেও সাজু হৈছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনো । যাৰ বাবেই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

ইফালে এই অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি এটা টুইট কৰে । অৱশ্যে তেওঁ টুইটত 'কা'ৰ প্ৰসংগ উল্লেখ কৰা নাই যদিও গুৱাহাটীবাসীক সুৰক্ষিত কৰি ৰখাৰ বাবে সাজু হৈ থকাৰ কথা উল্লেখ কৰিছে । তেওঁ নক’লেও এই কথা সকলোৱে জানে যে বৰ্তমান সময়ত এনেদৰে সমৰসজ্জা সদৃশ পৰিৱেশ গঢ়ি তোলাৰ মূলতে হৈছে 'কা' ‍আন্দোলনক প্ৰতিহত কৰা ।

Security Beefed Up in guwahati
পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কামাণ্ডো বাহিনী

লগতে পঢ়ক : CAA ৰ বিৰোধিতাৰে পুনৰ আছুৰ সংগ্ৰামৰ পোষকতা

লক্ষণীয় বিষয় যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এখন-দুখন নহয় ৪২ খন আলোকচিত্ৰ আপলোড কৰি আৰক্ষী আৰু কামাণ্ডো বাহিনী সাজু হৈ থকাৰ দিশটো ফুটাই তোলিছে । প্ৰতিবাদ দমন কৰাৰ ক্ষেত্ৰত যেন অলপো ত্ৰুটি নাথাকে । যিকোনো মুহূৰ্ততে দমন কৰিব পাৰিব যিকোনো প্ৰতিবাদ । তাৰ বাবে সাজু হৈ থকাৰ দিশটো তেওঁ আলোকচিত্ৰৰ মাধ্যমেৰে বুজাই দিছে ।

Security Beefed Up in guwahati
পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গুৱাহাটী মহানগৰীত

একপ্ৰকাৰ তেওঁ প্ৰতিবাদ কৰিব বিচৰা সকলক আগতিয়াকৈ সকীয়নি দিছে আজিৰ টুইটতোৰ যোগেদি । টুইটত তেওঁ উল্লেখ কৰিছে যে গুৱাহাটীবাসীক সুৰক্ষিত ৰাখিবলৈ অসম আৰক্ষীয়ে সকলো পৰিস্থিতিত আইন-শৃংখলা আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । টুইটটোৰ লগত তেওঁ আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে বিভিন্ন স্থানত তহল দি থকাৰ ৪২খন আলোকচিত্ৰ আপলোড কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছৰ নেতৃত্বত ১৬ টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চই বুধবাৰে 'কা'ৰ বিৰোধীতাৰে অসম বন্ধকে ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । এই ঘোষণাৰ পাচতে বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা বিশেষ টুইট কৰিছিল । একপ্ৰকাৰ সতৰ্কবাণী শুনাই জি পি সিঙে অসম বন্ধৰ আহ্বান কৰিলে ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলি সদৰি কৰিছিল ।

লগতে পঢ়ক : আন্দোলনকাৰীক সকীয়নি দিয়া ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দানৰ প্ৰসংগৰে ২০২২ চনৰ ১৯ জুনত কৰা এটা টুইটৰ প্ৰসংগৰে তেওঁ টুইটতো কৰিছিল । তেওঁ কৈছিল যে WP(C) 7570/2013ৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ ১৯ মাৰ্চত দিয়া নিৰ্দেশ অনুসৰি বন্ধ আহ্বান আৰু বন্ধ আহ্বান কৰা সকলৰ দায়িত্ব আৰু জবাবদিহিতা সম্পৰ্কে ২০২২ চনৰ জুন মাহৰ পোষ্টটোৰ পুনৰাবৃত্তি কৰা হ'ল ।

কোৱা বাহুল্য যে অসমৰ জি এছ ডি পি ৫,৬৫,৪০১ কোটি টকাত নিৰ্ধাৰণ কৰিলে এদিনৰ বন্ধৰ পৰা হোৱা লোকচান প্ৰায় ১৬৪৩ কোটি টকা হ’ব। ন্যায়ালয় নিৰ্দেশ অনুসৰি যিসকলে পূৰ্বতে উল্লেখ কৰা আদেশৰ ৩৫(৯) অনুচ্ছেদ অনুসৰি এনে বন্ধৰ আহ্বান জনোৱাসকলৰ পৰা এই ধন আদায় কৰিব পৰা যাব । ডিজিপি জি পি সিঙৰ সেই টুইটৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । জাঙুৰ খাই উঠিছিল বিৰোধী ঐক্য মঞ্চ ।

লগতে পঢ়ক : কা বাতিলৰ দাবীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিৰোধী ঐক্যমঞ্চৰ

বিধায়ক অখিল গগৈয়ে জি পি সিং কোন হয় বুলি প্ৰশ্ন কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিজিপিক সীমাৰেখা অতিক্ৰম নকৰাৰ বাবে সকিয়াই দিছিল । বৃহস্পতিবাৰে কৰা টুইটৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ডিজিপি জি পি সিঙে আজি পুনৰ আন এটা টুইট কৰে ।

উল্লেখ্য যে, ২০১৯ চনত 'কা' বিৰোধী আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল । উত্তপ্ত হৈ পৰিছিল সমগ্ৰ ৰাজ্য আৰু প্ৰতিবাদত উত্তাল হৈছিল ৰাজপথ । ৰক্তাক্ত হৈছিল গুৱাহাটীৰ ৰাজপথ । আৰক্ষীৰ গুলীত নিহত হৈছিল পাঁচজনকৈ লোক । নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল পৰিস্থিতি ।

এইবাৰ 'কা' বলৱতৰ সময়ত যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে আগতিয়াকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । তাৰেই আভাস সামাজিক মাধ্যমযোগে আজি দাঙি ধৰে ডিজিপি জি পি সিঙে ।

লগতে পঢ়ক : ‘কা’ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.