ETV Bharat / state

লখিমপুৰত জাপানীজ এনকেফেলাইটিছ ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ : তৎপৰ স্বাস্থ্য বিভাগ - Dengue JE outbreak in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 7:43 AM IST

Dengue-Japanese encephalitis in Lakhimpur : লখিমপুৰত জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ ভয়াৱহ সংক্ৰমণ ৷ 17 জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱাৰ বিপৰীতে ডেংগু ৰোগত আক্ৰান্ত 23 জনকৈ লোক । স্বাস্থ্য বিভাগৰ উদ্যোগত সজাগতা সভাৰ আয়োজন ৷

dengue Japanese encephalitis outbreak in lakhimpur: district health department on alert
লখিমপুৰত জাপানীজ এনকেফেলাইটিছ, ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ: তৎপৰ স্বাস্থ্য বিভাগ (Getty Image)

লখিমপুৰ, 2 আগষ্ট : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ ভয়াৱহ সংক্ৰমণ ৷ জিলা বিশেষে এনে ৰোগত আক্রান্ত ৰোগীৰ মৃত্যুও ঘটিছে ।ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ প্ৰাৰ্দুভাৱ ঘটিছে ।

dengue Japanese encephalitis outbreak in lakhimpur: district health department on alert
লখিমপুৰত জাপানীজ এনকেফেলাইটিছ, ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ (ETV Bharat Assam)

জিলাখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 31 জুলাইলৈ জিলাখনৰ জ্বৰ আদি ৰোগত ভোগা 63 হাজাৰ 918 জন লোকৰ ৰক্তৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি 64 জন লোকৰ ৰক্ত পৰীক্ষা কৰা হয় । এই পৰীক্ষাত 17 জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি ধৰা পৰে ।

আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজন লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । ডেংগু ৰোগীও ধৰা পৰিছে 23 জন । লক্ষণীয় যে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগী জিলাখনৰ বগীনদী এলেকাত সৰ্বাধিক ধৰা পৰিছে । বগীনদী এলেকাত 6 জন জাপানীজ এনকেফেলাইটিছ আৰু 14 জন ডেংগু ৰোগী ধৰা পৰিছে ।

জিলাখনত এনে ৰোগৰ প্ৰাৰ্দুভাৱৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে তৎপৰতাৰে কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ জিলাখনৰ বিভিন্ন ঠাইত 3 হেজাৰ 33 খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । 73 খন গাঁৱক সামৰি 45 টা স্থানত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে 30 হাজাৰ 512 খন আঁঠুৱা ঔষধিকৰণ কৰা হৈছে ।

20 খন গাঁৱক সামৰি মাইকযোগে সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি 52 হেজাৰ 65 টা পৰিয়ালৰ ঘৰে ঘৰে স্বাস্থ্যকৰ্মী গৈ মহৰ বংশ বৃদ্ধিত অৰিহণা যোগাব পৰা ঘৰৰ বাহিৰত থকা অলাগতীয়াল পানী জমা হ’ব পৰা সা-সামগ্রীসমূহ পৰীক্ষা কৰিছে । সমানে পৰিয়ালসমূহক এই ক্ষেত্ৰত সজাগ সচেতন কৰাৰো প্ৰয়াস কৰা হৈছে ।

জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ ঘটাৰ তথ্য লাভৰ পিচতে সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ ।

লগতে পঢ়ক: চিৰাঙত মেলেৰিয়া আক্ৰান্ত ৰোগীৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি - Malaria cases in Assam

যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত সংখ্যা ৪৩ জন - Japanese encephalitis

ডেংগু নে চিকুনগুনিয়া কেনেকৈ জানিব ? দুয়োটা ৰোগৰ পাৰ্থক্য জানি লওক - Dengue vs Chikungunya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.