ETV Bharat / state

কাজিৰঙা ফুৰিবলৈ আহি অকাল মৃত্যুক সাবটিলে পৰ্যটকে - KAZIRANGA NATIONAL PARK

দিল্লী নিবাসী আলোক গাৰ্গ নামৰ লোকজনৰ বাবে যেন মৃত্যু ৰৈ আছিল কাজিৰঙাত !

Delhi tourist killed Kaziranga
কাজিৰঙাত পৰ্যটকৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 9:23 AM IST

কাজিৰঙা : ‘‘চৰণেহে জানে মৰণৰ ঠাই ৷’’ - কাজিৰঙা ফুৰিবলৈ অকাল মৃত্যুক সাবটিলে এগৰাকী পৰ্যটকে ৷ ফুৰিবলৈ আহিছিল ঠিকেই ৷ কিন্তু, দিল্লী নিবাসী আলোক গাৰ্গ নামৰ লোকজনৰ মৃত্যুৱে যেন ৰৈ আছিল কাজিৰঙাত ৷ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি সোমবাৰে উভতি যোৱাৰ প্ৰাকক্ষণত অকাল মৃত্যুক সাবটে আলোক গাৰ্গ নামৰ পৰ্যটকগৰাকীয়ে ৷

তথ্য অনুসৰি, কাজিৰঙাৰ ধনশিৰি নামৰ ব্যক্তিগত অতিথিশালাত দেওবাৰৰ পৰা পত্নীৰ সৈতে বাহৰ পাতি আছিল ৬৪ বছৰ বয়সীয়া আলোক গাৰ্গ নামৰ পৰ্যটকগৰাকীয়ে ৷ সোমবাৰে এই দম্পতিটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰীও কৰিছিল ।

কাজিৰঙাত পৰ্যটকৰ মৃত্যু (ETV Bharat Assam)

সোমবাৰে দিনৰ ভাগত কাজিৰঙা এৰাৰ কথা আছিল যদিও পুৱা প্ৰায় ৬:৩০ বজাত হঠাৎ উক্ত পৰ্যটন নিবাসৰ কোঠাত ৬৪ বছৰীয়া পৰ্যটকজন অসুস্থ হৈ পৰে । ততাতৈয়াকৈ তেওঁৰ পত্নীয়ে চিকিৎসাৰ বাবে পৰ্যটন নিবাসৰ কৰ্মীৰ সহযোগত কহঁৰাস্থিত ছহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ধনশিৰি পৰ্যটন নিবাসৰ প্ৰৱন্ধক দুলাল গগৈয়ে জানিবলৈ দিয়া মতে, পৰ্যটকদ্বয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি সোমবাৰে কাজিৰঙাৰ পৰা উভতি যোৱাৰ কথা আছিল । কিন্তু, তাৰ পূৰ্বেই তেওঁ অকাল মৃত্যুক সাবটে ৷ ইপিনে, কহঁৰাস্থিত ছহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ঈশান শইকীয়াই জনোৱা অনুসৰি, চিকিৎসালয়লৈ অনাৰ পূৰ্বেই পৰ্যটকজনৰ মৃত্যু হৈছিল । পৰ্যটকজন পূৰ্বৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ আছিল ৷

ইফালে, কহঁৰা আৰক্ষীয়ে গোলাঘাটত মৰণোত্তৰ পৰীক্ষা কৰাই মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়াৰ পিছত পৰ্যটকজনৰ মৃতদেহ দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ হোটেলত বাংলাদেশৰ ক্ৰীড়া প্ৰশিক্ষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.