ETV Bharat / state

চুমী-বিশাল সন্দৰ্ভত মন্তব্য নকৰে মুখ্যমন্ত্ৰীয়ে: অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে কেবিনেটত ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত - Assam CM on Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:03 AM IST

Cabinet decision on Online trading: মুখ্যমন্ত্ৰীয়ে পলাতক আচামীৰ বিষয়ত কোৱাটো উচিত নহয় বুলি ভাবোঁ । অনলাইন ট্ৰেডিং নিয়ন্ত্ৰণ কৰিবলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য মুখ্যমন্ত্ৰীৰ । ইফালে বিজেপিৰ সদস্যতা অভিযান সন্দৰ্ভত ৯ দিনত নতুন সদস্য ২০,৪৩,৭৯৬ জন হোৱাৰ কথা সদৰী মুখ্যমন্ত্ৰীৰ ৷

CM on BJP Membership Drive
বিজেপিৰ সদস্যতা অভিযানৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰা অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসন ৷ ইতিমধ্যে আৰক্ষীয়ে এই কেলেংকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি সফলতাও লাভ কৰিছে ৷ জালত পৰিছে আধিক ধনৰ লোভ দেখুৱাই মানুহৰ পৰা ধন সৰকোৱা কেবাগৰাকীও অভিযুক্তক ৷ এই অভিযোগত নাম সাঙোৰ খাই সৰ্বাধিক চৰ্চিত হৈ থকা নৃত্য পৰিচালিকা চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই প্ৰায় দহ দিন আত্মগোপন কৰি থকাৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত ধৰা দিয়ে ৷ অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত এই কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমক সম্বোধন (ETV Bharat Assam)

চুমী-তাৰ্কিক বৰা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক দলীয় বৈঠকত অংশ লোৱাৰ পিচত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ শেহতীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী আৰু চুমী বৰাৰ প্ৰসংগত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ লগত নাম সাঙোৰ খোৱা চুমী বৰা আৰু তাৰ্কিক বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "পলাতক আচামীৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কোৱাটো উচিত নহয় বুলি ভাবোঁ । ভৱিষ্যতৰ বাবে কেনেকৈ বন্ধ কৰিব পাৰি তাৰ কাৰণে কিছু চিন্তা কৰি আছোঁ । কালিলৈ হ'বলগীয়া কেবিনেটত এই সন্দৰ্ভত কিছু সিদ্ধান্ত লোৱা হ'ব ।"

উল্লেখ্য যে বিশাল ফুকনৰ লগত নাম সাঙোৰ খোৱাৰ পিচত চুমী বৰাই স্বামী তাৰ্কিক বৰাৰ সৈতে বিগত ১০ দিনে আত্মগোপন কৰি থাকি অৱশেষত বৃহস্পতিবাৰে ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰে ।

৯ দিনত ২০,৪৩,৭৯৬ গৰাকী সদস্য ভৰ্তি অসম বিজেপিত:

যোৱা 2 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি চলি আছে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা নবীকৰণ আৰু নতুন সদস্যভৰ্তি অভিযান । ইতিমধ্যে এই অভিযানে নটা দিন সম্পূৰ্ণ কৰিলে । ইয়াকে লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ উপস্থিতিত বৃহস্পতিবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত সদস্যতা অভিযান সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰা হয় ।

আনহাতে, বৈঠকত মুখ্যমন্ত্ৰীয়ে বি টি আৰ অঞ্চলৰ কেইগৰাকীমান নেতাৰ সৈতেও মত বিনিময় কৰে । বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "বি টি আৰ এলেকাত দলীয় সদস্যতা অভিযান ত্বৰান্বিত কৰাৰ বাবে আজি বৈঠকৰ আহ্বান জনাইছিলোঁ । আমাৰ সদস্যতা অভিযানে নৱম দিনত ভৰি দিলে । বৰ্তমান আমাৰ সংখ্যা ২০,৪৩,৭৯৬ জন সদস্য হৈছেগৈ । ২০১৯ চনত আমাৰ ১৮ লাখ সদস্য আছিল । এইখিনি আমাৰ ৯ দিনত হোৱা সদস্য সংখ্যা ।"

বিগত বৰ্ষৰ সদস্যতা ভৰ্তি অভিযানৰ সৈতে বৰ্তমানৰ অভিযানৰ তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "২০১৯ চনত ১৮ লাখ সদস্যৰ সংখ্যা ডেৰ মাহত হৈছিল । এইবাৰ ন দিনতে সেই সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ । আশাকৰো এই সংখ্যা অহা ২৫ তাৰিখলৈ আৰু বৃদ্ধি পাব । সেয়েহে ভাৰতীয় জনতা পাৰ্টীক ভালপোৱা অসমবাসী ৰাইজক 8800002024 এই নম্বৰত মিছকল দি সদস্যভৰ্তি অভিযানৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছোঁ ।"

লগতে পঢ়ক :সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident
লগতে পঢ়ক :উলম্ব বিভাজনৰ দিশে ৰঙিয়া বিধানসভা সমষ্টিত মিত্ৰদল - AGP BJP alliance

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.