ETV Bharat / state

জুইশালৰ জুইত জাহ গ'ল ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ-অসন্তুষ্টি - Opposition Leader Debabrata Saikia

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 6:54 PM IST

৩০ জাতীয় সংগঠনৰ সৈতে জুইশাল ৰেস্তোৰাঁত বিধায়ক দেৱব্ৰত শইকীয়াৰে আলোচনা সম্পন্ন । ৩০ সংগঠনৰ স্থিতিক লৈ অসম বিধানসভাত ভুল মন্তব্য কৰা বুলি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল দল-সংগঠনসমূহে । ইয়াৰ পাছতেই আজি জয়সাগৰস্থিত জুইশালত দল-সংগঠনৰে আলোচনাত বহে কংগ্ৰেছ নেতাগৰাকী ।

Debabrata Saikia sits in talks with 30 organisations in Sivasagar
দেৱব্ৰত শইকীয়াৰে আলোচনা ৩০ জাতীয় সংগঠনৰ (ETV Bharat Assam)

শিৱসাগৰ,৩ ছেপ্টেম্বৰ: অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক মন্তব্য আৰু সেই মন্তব্যক লৈ ৩০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ । বিৰোধী দলপতিগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবীত ৩০ টা সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ । অসম বিধানসভাত ভুল মন্তব্য কৰা বুলি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল দল-সংগঠনসমূহে । দেৱব্ৰত শইকীয়াই স্থিতি স্পষ্ট নকৰিলে ৪ ছেপ্টেম্বৰৰ গৌৰৱ গগৈৰ সম্বৰ্ধনা সভা পাতিবলৈ নিদিয়াৰো হুংকাৰ দিছিল দল-সংগঠনৰ নেতাসকলে ।

অৱশেষত অন্ত পৰিল সংগঠনসমূহৰ ক্ষোভৰ । স্থিতি স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই । মঙলবাৰে ৩০ জাতীয় সংগঠনৰ সৈতে শিৱসাগৰৰ জয়সাগৰস্থিত জুইশাল ৰেস্তোৰাঁত বিধায়ক দেৱব্ৰত শইকীয়াৰ আলোচনা সম্পন্ন । আলোচনাৰ অন্তত, ক্ষোভ-অসন্তুষ্টি অন্ত পৰাৰ পাছত এসাঁজ ভাতেৰে দল-সংগঠনক আপ্যায়ন বিৰোধী দলপতি গৰাকীৰ ।

মুখ্যমন্ত্ৰীয়ে কথাৰে সাত হাল বায়:

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয়,"হিন্দু ধৰ্মত ঔম শব্দটোৰ পৰা হাজাৰ হাজাৰ অৰ্থ ওলায় । ঠিক তেনেকৈ মই যিখিনি কথা কৈছিলো তাক লৈ সংগঠনসমূহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । মই আগতেই কৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে কথাৰে সাত হাল বায় । তেখেতে এটা গিলাচত যদি আধা গিলাচ পানী থাকে তেখেতে আধা ভৰ্তি বুলিও ক'ব পাৰে । ঠিক তেনেকৈ মোৰ কথাখিনিক লৈ তেখেতে সদনত টুইষ্ট কৰিছিল । যাৰ ফলত অলপ ভুল বুজাবুজি হৈছিল ।"

লগতে তেওঁ কয়,"সেয়ে আজি চৰকাৰে যোৱা সময়ছোৱাত এগৰাকী খিলঞ্জীয়া ছোৱালীক ন্যায় দিব নোৱৰাৰ বাবে ৩০ সংগঠনে আন্দোলন কৰিছিল, সেই আন্দোলনৰ নেতৃবৰ্গৰ লগত কথা পাতিলো । মই তেখেতসকলক ক'লো- তেখেতসকলৰ যি উদ্দেশ্য, তেখেতসকলৰ অসমবাসীৰ প্ৰতি দায়বদ্ধতা, তাত মই তেখেতসকলক সন্দেহ কৰা নাই । যিটো ভুল বুজাবুজি হৈছিল সেইটো আঁতৰি গৈছে আৰু এই বিষয়ক লৈ কোনেও যাতে বিতৰ্ক নকৰে, সেইটোৱেই মোৰ আহ্বান ।"

অসমত এতিয়া এটা নেৰেটিভ বনোৱা হৈছে:

ইফালে এই আলোচনাৰ অন্তত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কয়,"বিৰোধী দলপতিগৰাকীৰ ব্যক্তব্যক লৈ আমি ক্ষোভিত হৈছিলো । তেখেতে কৈছে যে তেখেতৰ ব্যক্তব্যক বিকৃত কৰা হৈছ । তেওঁ এনেধৰণৰ কথা কোৱা নাই । গতিকে কথাখিনি ইমানতে শেষ হৈছে ।"

লগতে চলিহাই কয়,"অসমত এতিয়া এটা নেৰেটিভ বনোৱা হৈছে যে, অসমৰ ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনে কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে । সামাজিক মাধ্যমত কোনো কোনোৱে আমি বিজেপিৰ পৰা ১০ কোটি টকা লৈছো বুলিও প্ৰচাৰ চলাইছে । আমাৰ স্পষ্ট কথা, ২০২৬ ৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু সেই নিৰ্বাচনত কংগ্ৰেছ হওক বিজেপি হওক, খিলঞ্জীয়াৰ লগত যিটো দল থাকিব, উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব । তাত কোনো দ্বিমতৰ কথা নাই ।"

ইয়াৰোপৰি চলিহাই কয়,"আমাৰ ৩০ তাৰিখে হ'বলগীয়া গণ সমাৱেশলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লোকক আহিবলৈ অনুৰোধ জনাইছো । আমি তেওঁলোকক কৈছো, যদি আপোনালোক খিলঞ্জীয়াৰ প্ৰতি আৰু খিলঞ্জীয়াৰ পক্ষত আছে তেন্তে আহক । সেই গণসমাৱেশৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে জনজাতিকৰণ হ'ব লাগিব, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব লাগিব, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব আৰু সম্পদ আৰু ৰাজনৈতিক অধিকাৰ আমাক দিব লাগিব ।"

এটা ভুল বুজাবুজি হৈছিল:

ইয়াোৰপৰি আলোচনাৰ সন্দৰ্ভত ৩০ জাতীয় সংগঠনৰ হৈ আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয়,"আমাৰ দাবী আছিল যে দেৱব্ৰত শইকীয়াই নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব আৰু তেওঁ আজি স্থিতি স্পষ্ট কৰিছে । আমাৰ ওচৰলৈ আহিছে । এটা ভুল বুজাবুজি হৈছিল । কথা কৈছিল এটা, বুজাত অলপ খেলি-মেলি হৈছে । এতিয়া তেওঁ সেই বক্তব্য উঠাই লৈছে আৰু ভাতৃত্বপূৰ্ণভাৱে এক সুন্দৰ আলোচনাত মিলিত হয় । তেওঁ আমাৰ দাবীসমূহ মানি লৈছে । গতিকে তেওঁৰ প্ৰতি আমাৰ কোনো বিদ্বেষ তথা বিৰূপভাৱ নাই ।"

লগতে পঢ়ক: সুৰক্ষা লাগে খিলঞ্জীয়াৰ: ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ - Protest in Dibrugarh

কংগ্ৰেছক ভোট দিয়াৰ বাবে তেওঁলোকে যোৰহাটৰ ৰাইজকো অপমান কৰিছে : দেৱব্ৰত শইকীয়া - Debabrata Saikia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.