ETV Bharat / state

চৰাইদেউৰ কৃতিত্ব কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয় : তথ্যসহ দাবী কৰিলে দেৱব্ৰত শইকীয়াই - UNESCO world heritage site

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:32 AM IST

Debabrat Saikia on Charaideo Moidam : চৰাইদেউৰ কৃতিত্ব কাৰ ? দাবী কৰাৰ দৰে একক কৃতিত্ব নহয় হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি আই এ এছ বিষয়ালৈকে সকলোকে কৃতিত্ব ভগাই দিলে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই । আনকি কৃতিত্ব দিলে মন্ত্ৰী কেশৱ মহন্তকো । কি কি তথ্য দাঙি ধৰিলে শইকীয়াই ? চাওক এই প্ৰতিবেদন -

debabrat-saikia-asserted-that-credit-for-charaideo-moidam-world-heritage-site-doesnot-just-go-to-himanta-biswa-sarma
চৰাইদেউৰ কৃতিত্ব কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয় : তথ্যসহ দাবী কৰিলে দেৱব্ৰত শইকীয়াই (ETV Bharat Assam)

গুৱাহাটী, 28 জুলাই : “ চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য স্থানত অন্তৰ্ভুক্ত লাভ কৰাৰ সমস্ত কৃতিত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বুলি দাবী কৰিছে ৷ পূৰ্বৰ অসমৰ মুখ্যমন্ত্ৰীসকলক তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ এয়া সত্যৰ অপলাপ ৷ এয়া দীর্ঘদিনীয়া এক প্ৰচেষ্টাৰ সুফল ৷” - চৰাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একক কৃতিত্ব দাবী কৰা মন্তব্যত এইদৰে উভতি ধৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

সমগ্ৰ অসমবাসীৰ বাবে চৰাইদেউৰ ৰাজমৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ গৌৰৱময় সময় এয়া ৷ লগতে কৃতিত্ব দাবী কৰাৰ সময় এয়া ৷ শুকুৰবাৰে সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একক কৃতিত্ব দাবী কৰাৰ সময়তে বিৰোধীৰ মাজত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰথমেই ঐতিহাসিক সাফল্যৰ আঁৰত থকা বৰ্তমানৰ লগতে পূৰ্বৰ প্ৰতিখন চৰকাৰ তথা প্ৰশাসনক শলাগো লয় বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ।

শইকীয়াৰ দাবী- ‘‘ এই কৃতিত্ব কেৱল এখন চৰকাৰ বা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নহয়, এয়া দীর্ঘদিনীয়া এক প্ৰচেষ্টাৰ সুফল । এই স্বীকৃতিৰ ভিত্তি স্থাপন কৰা পূৰ্বৰ চৰকাৰসমূহৰ প্ৰচেষ্টা আৰু অৱদানক স্বীকাৰ কৰাটোও অতি গুৰুত্বপূর্ণ ৷’’ এই দাবী কৰাৰ লগতে দেৱব্ৰত শইকীয়াই আগবঢ়ালে তথ্যসহ যুক্তিও ৷

ঐতিহাসিক প্ৰসংগ আৰু প্ৰাৰম্ভিক প্ৰচেষ্টা :

চৰাইদেউৰ সংৰক্ষণৰ বাবে প্রায় ২৫০ কোটি টকা অনুমোদন দিছিল তৰুণ গগৈয়ে । এই তথ্য আগবঢ়াইছে দেৱব্ৰত শইকীয়াই ৷ লগতে তেওঁ কয়, “এই সন্মানীয় মনোনয়নৰ যাত্ৰা আৰম্ভ হৈছিল প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত । তেওঁৰ কাৰ্যকালতে ইয়াৰ যথেষ্ট কাম তথা ভেটি স্থাপন কৰা হৈছিল আৰু চৰাইদেউৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে প্ৰায় ২৫০ কোটি টকা অনুমোদন কৰা হৈছিল । এই পদক্ষেপৰ লক্ষ্য আছিল আহোম বংশৰ সমাধি পৰম্পৰাক প্ৰতিনিধিত্ব কৰি অনন্য স্থাপত্যৰ আশ্চৰ্য, আহোম যুগৰ মৈদাম (টিলা সমাধি)সমূহৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যক উজ্জ্বল কৰি তোলা ৷"

শ্ববিৰ অগ্রগতি আৰু পুনৰুজ্জীৱন :

2016 চনত অসমত বিজেপি ক্ষমতালৈ অহাৰ সময়ত এই প্ৰকল্পৰ অগ্রগতি বন্ধ হৈ পৰে । আকৌ 2019 চনৰ নিৰ্বাচনৰ পিছত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত পুনৰ ইয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছিল । চৰকাৰে প্ৰকল্পটোক পুনৰুজীৱিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছিল, য'ত বিশদ জৰীপ, সীমা নির্ধাৰণ, ইয়াৰ বাবে প্রযোজনীয় নথিপত্র প্রস্তুত ইত্যাদিও কৰিছিল । প্ৰচেষ্টাসমূহৰ ভিতৰত আছিল-

  • জৰীপ আৰু নথিপত্র:

মৈদামসমূহৰ সঠিকভাৱে নথিভুক্ত কৰিবলৈ বিস্তৃত জৰীপ আৰু মেপিং কৰা হৈছিল । ইউনেস্ক'ৰ মনোনয়নৰ বাবে প্রয়োজনীয় ড'ছিয়াৰ প্ৰস্তুত কৰাৰ কাৰণে এইটো অতি প্রয়োজনীয় পদক্ষেপ আছিল । জৰীপ আৰু মেপিং কংগ্ৰেছৰ দিনতেই হৈছিল ৷

  • জনসংযোগ :

চৰাইদেউৰ ঐতিহাসিক তাৎপর্য প্ৰচাৰ আৰু জনসমর্থন আহৰণৰ ক্ষেত্ৰত চৰাইদেউ মৈদাম সীমা নির্ধাৰণ সমিতি আৰু টাই সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে সক্রিয়ভাৱে জড়িত হৈ আছিল ।

  • আন্তঃগাঁথনি উন্নয়ন :

উন্নত সংৰক্ষণ আৰু পর্যটন সম্ভাৱনাৰ সুবিধাৰ বাবে ঠাইখনৰ চাৰিওফালে আন্তঃগাঁথনিৰ উন্নতি কৰা হৈছিল ।

বৰ্তমানৰ স্বীকৃতি আৰু ভৱিষ্যতৰ আকাংক্ষা

বৰ্তমানৰ চৰকাৰখনে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই পদক্ষেপক আগুৱাই লৈ গৈছে বুলি ক’লেও বিৰোধী দলপতিগৰাকীয়ে চৰাইদেউৰ কৃতিত্বৰ ভাগ সকলোকে দিলে ৷ এই সফলতাই যে তৰুণ গগৈৰ দূৰদৰ্শী চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱালৰ পুনৰুৰ্জীৱিত কৰাৰ প্ৰচেষ্টা আৰু হিমন্ত বিশ্ব শৰ্মাৰ অধীনত বৰ্তমানৰ গতিবেগলৈকে একাধিক প্ৰশাসনৰ নিৰন্তৰ প্ৰচেষ্টা আৰু নিষ্ঠাৰ ফল, সেয়া স্বীকাৰ কৰাটো গুৰুত্বপূর্ণ বুলি বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে ৷

শইকীয়াই কয়, "এয়া বছৰ বছৰ ধৰি বিভিন্ন চৰকাৰ আৰু প্ৰশাসনৰ সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰমাণ । শিৱসাগৰ জিলা প্রশাসন, বর্তমানৰ আয়ুক্তক ধন্যবাদ জনাইছো ৷ SPV ৰ জৰিয়তে সকলো কীর্তিচিহ্ন তালিকাভুক্ত কৰা পূৰ্বৰ আয়ুক্ত মীনাক্ষী সুন্দৰম আৰু লগতে মন্ত্রী কেশৱ মহন্তকো ধন্যবাদ জনাইছোঁ ।”

লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, “প্রকৃততে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রণালয়ে পুঁজি মুকলি নকৰাৰ বাবেই 2016 চনত কৰিব পৰা প্ৰস্তাৱটো দাখিল কৰিব পৰা নগ'ল, যদিও ইয়াৰ কাম 2013/14 চনতে আৰম্ভ কৰা হৈছিল । ৰাজ্য চৰকাৰে স্থানীয় আন্তঃগাঁথনি; যেনে- পথ, পর্যটকৰ বাবে সুবিধা আদি উন্নত কৰাত পলম হোৱাৰ ফলতে চূড়ান্ত ড'ছিয়াৰ (ফাইল) জমা দিবলৈ অত্যাধিক 9 বছৰ সময় লাগিল আৰু যাৰ ফলত 2016 চনৰ স্লটটো 2014 চনতে খালী থকাৰ পিছতো প্ৰস্তাৱ ৰাজ্য চৰকাৰে দিব নোৱাৰিলে । সেই সময়ত মুখ্যমন্ত্ৰী ড৹ শর্মা PWD আদি বিভাগৰ মন্ত্রী আছিল ।”

লগতে পঢ়ক: ঐতিহ্যৰ ঐতিহাসিক স্বীকৃতি : সংবাদমেলৰ মাজতে মুখ্যমন্ত্রীলৈ ফোন কেন্দ্ৰীয় মন্ত্রীৰ - World Heritage Site

বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস - Assam’s historical Charaideo Moidam

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.